পানীমূৰ- নায়েগ্ৰা অৱ নৰ্থইষ্ট মনোজ কুমাৰ ডেকা

উত্তৰপূব ভাৰতবৰ্ষৰ যি সকলে মাউণ্ট এভাৰেষ্ট বিজয় কৰিছে তেওঁলোকৰ বাবে চিনাকি নাম এটি হল, টিনে মেনা৷ অৰুণাচলৰ জীয়ৰীগৰাকীয়ে কৈছিল, কি নাই আমাৰ! পাহাৰ, নৈ, নিজৰা, নদী, জলপ্ৰপাত, অৰণ্য, সেউজীয়া৷ কি নাই! …তথাপিও আমি পিছপৰা৷ আমাৰ বহুতৰেই খবৰ নাই, আমাৰ আছে কি৷

টিনেৰ কথাষাৰে বহু কথাই কৈছিল৷ মনলৈ বহু কথা আহিছিল৷ মনত পৰিছিল নিজৰ ৰাজ্যখনলৈ৷ অসমলৈ৷ আমাৰো কম নাই! কেওফালে সেউজীয়া৷ নৈ জান জুৰি৷ মাথো আমি খবৰ নেৰাখোঁ৷ যেন বাৰীৰ ঘাঁহ, গোহালিৰ গৰু!
প্ৰকৃতি ভালপোৱা একাংশ লোকৰ বাবে অতি চিনাকি নাম, পানীমূৰ৷ মোৰ মতে পানীমূৰ উত্তৰ পূৱৰ নায়েগ্ৰা৷ অতি অনন্য সুন্দৰ জলপ্ৰপাত৷ বহুতেই পানীমূৰৰ বিষয়ে নাজানে৷ সেয়ে লিখিছোঁ৷ মানুহে জনা ভাল৷
পানীমূৰ জলপ্ৰপাত অসমৰ অন্যতম সুন্দৰ পাহাৰীয়া জিলা, ডিমাহাছাও পাৰ্বত্য স্বায়ত্ত শাসিত জিলাত অৱস্থিত৷ গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২৫০কি মি৷ গুৱাহাটীৰ পৰা নগাওঁৰ লংকা হৈ পানীমূৰলৈ যাব পাৰি৷ সময় লাগে প্ৰায় ৩ঘণ্টা৷ লংকাৰ পৰা পানীমূৰলৈ যোৱাৰ পথত প্ৰায় ১০ কি মি.ৰ এটি অঞ্চল কাৰ্বি আংলঙৰ৷ পানীমূৰৰ নিকটবৰ্তী চহৰখন হল উমৰাংচু৷ হাফলঙৰ পৰা পানীমূৰ প্ৰায় ১৫০ কি মি৷
পানীমূৰ আৰক্ষী চকী পাৰ হৈ প্ৰায় ১.৫ কি. মি. গলেই আপুনি শুনিব পানীমূৰৰ উত্তাল অথচ মন হৰি নিয়া সংগীত৷ চঞ্চল পানীমূৰ হাফলং চাৰিআলিৰ পৰা প্ৰায় ৮ কি.মি. আঁতৰত৷
পানীমূৰত ভূপেনদাৰ সেই চঞ্চল কঁপিলীয়ে তিনিটা মূল সুঁতিৰ ৰূপ লৈ তললৈ জঁপিয়াইছে৷ আকাশনীলা পানীৰে যৌৱনা কঁপিলীয়ে নজনা দিনৰে পৰা বৈ আহিছে৷ কঁপিলীয়ে লগত লৈছে উমৰাংচো নৈখনক৷ দুয়ো একাকাৰ হৈ যি নাচ নাচে সি দুয়ো পাৰ কঁপাই ৰাখে৷ কঁপিলী জলবিদ্যুৎ প্ৰকল্পত মানুহৰ বাবে নিজৰ প্ৰাণৰ শক্তি দি আকৌ
কঁপিলীয়ে আগুৱাই পানীমূৰলৈ৷ তাতেই শিলাময় পানীমূৰক কঁপিলীয়ে নিজৰ ৰূপ যৌৱনেৰে উতলা কৰে৷
পানীমূৰত থকাৰ সুব্যৱস্থা নাই এতিয়াও৷ পানীমূৰৰ গাতে লাগি থকা বন বিভাগৰ অতিথি ভৱনতেই থাকিব লাগে৷ পানীমূৰৰ পৰা উমৰাংচু প্ৰায় 30 কি.মি৷ তাত থাকিবলৈ হোটেল আদি আছে৷ দুখৰ কথা হল প্ৰয়োজনীয় প্ৰচাৰৰ অভাৱ, আন্তঃ গাঁথনিৰ অভাৱ আদিৰ বাবে হেঁপাহ থাকিলেও বহু মানুহ বা পৰ্যটকে পানীমূৰলৈ নেযায়৷ পানীমূৰৰ ২০১১ চনৰ জনগণনাৰ আঞ্চলিক নম্বৰ হৈছে ১২৯৮৩১৯৷ পানীমূৰ ডিমাহাছাউৰ উমৰাংচো টেহছিলৰ অন্তৰ্গত৷ পানীমূৰ গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ৫০০৷ মুঠ ঘৰ প্ৰায় ৮০৷ পানীমূৰৰ কেওফালে মাদাইহাৰী, জাৰ্মাদিছা, কেলেমু, ফেলাইপাহাৰ, কিমথাও, ৰাজবাৰী আদি গাওঁবোৰ সিঁচৰতি হৈ আছে৷
প্ৰকৃতিয়ে সকলো দিয়াৰ পিছতো আমি ইয়াৰ সুযোগ লব নেজানো৷ প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা আমি নকৰোঁ, নাচাওঁ৷ অথচ, প্ৰকৃতিয়ে আমাক সকলো দিছে উপাৰ্জনৰ বাবে, আত্ম নিয়োজনৰ বাবে৷ নিজৰ পোছাক, খাদ্য, ৰীতিনীতিক, লোকবিশ্বাসক হেজাৰজনৰ মনৰ চোতালালৈ নিবলৈ পৰ্যটন এক সুবৰ্ণ সুযোগ৷ অবিৰত ভাবে যুগ যুগ ধৰি বৈ অহা পানীমূৰে আজিও আমাক চিঞৰি কয়, আহা আহা… খেলা৷ লগ লগৰীক লৈ আহা৷ শান্তি লোৱাঁ৷ শান্ত হোৱাঁ৷ পানীমূৰেও আমাৰ বাবে আনন্দ আৰু উপাৰ্জন কৰাৰ পথ উন্মুক্ত কৰি ৰাখিছে৷
আমাৰ মনপ্ৰাণ সৌন্দৰ্যৰে নোৱাই-ধুৱাই ৰাখিবলৈ কঁপিলীয়ে সজোৱা পানীমূৰ শিৱ পাৰে আমাৰ জীৱন গঢ়াৰ আমোঘ উপায়৷ সেয়ে বহু বছৰ আগেয়ে ভূপেনদাই লিখিছিল সেই প্ৰখ্যাত গীতটো, –
“কঁপিলী কঁপিলী ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান
কঁপিলী কঁপিলী তই হৈ বাউলি
বাৰিষাত মাৰিলি ধান…
কঁপিলী কঁপিলী গাভৰু ছোৱালী
চঞ্চলা নাই তোৰ মান
কঁপিলী কঁপিলী দেহৰ ভাঁজে ভাঁজে
মিঠা যৌৱনৰে গান…
কঁপিলী কঁপিলী তইতো নেজানো
তোৰ গাত কিমান শকতি
তইতো নেজান ত’তেই লুকাই আছে
হেজাৰ সুৰুজৰে জ্যোতি
এ বিজ্ঞানী ডেকাটি সাজি কাঁচি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি শ্ৰমিকো ওলালে
সাৱটি তোৰ দুয়ো পাৰ…
কঁপিলী কঁপিলী পাগলী ছোৱালী
মানুহক কৰিবি ত্ৰাণ
উমৰাংচোজনীও তোৰে লগে লাগি
হব চিৰজ্যোতিষ্মান …“
-ভূপেনদাৰ অনুভৱত জিলিকা কঁপিলীক বুজিবলৈ ওলাওক এদিন, পানীমূৰলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments