পানীয়েই প্রাণ: নাং দীপালী দুৱৰা

পানীয়েই প্রাণ

নাং দীপালী দুৱৰা

মোৰ জীৱনৰ এটা পাহৰিব নোৱাৰা ক্ষণ। ২০০৫ চনৰ ঘটনা। এক আকস্মিক দুৰ্ঘটনাত মোৰ পিঠিৰ ৰাজহাড় ভাগি গৈছিল। মোৰ অৱস্থা এনেকুৱা হৈছিল যে মোক চিকিত্‍সাৰ বাবে বাহিৰলৈ নিয়াও সম্ভৱ নাছিল। ফলস্বৰূপে বাহিৰৰ পৰা ডাক্তৰ আনিবলগীয়া হৈছিল। ইয়াৰ অন্যতম আছিল দিল্লীৰ ‘এইমছ্’ৰ চিকিৎসক অসমৰ সন্তান উমেশ শৰ্মা। তেওঁৰ তত্ত্বাৱধানত মোৰ পাঁচ ঘণ্টীয়া অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু কৃত্রিম ৰাজহাড় মোৰ শৰীৰত সংস্থাপন কৰা হয়। অস্ত্রোপচাৰৰ পাছতো মোৰ অৱস্থা শোচনীয় আছিল। দুটাদিন মই সম্পূৰ্ণ অচেতন হৈ I.C.U.ত আছিলো। তৃতীয় দিনা মোৰ চেতনা আহিল। অনুভৱ কৰিছিলো মোৰ কণ্ঠনলী শুকাই গৈছে। মই পানী খাব বিচৰাত তাত থকা ডাক্তৰে মোক কপাহত ফিকা চাহ অকণমান লৈ মোৰ ওঁঠদুটা তিয়াই দিয়ে। মোৰ সেইদিনা খুব খং উঠিছিল আৰু এনে লাগিছিল, মই যেন পাগল হৈ যাম। আধা ঘণ্টাৰ মূৰে মূৰে মই পুনৰ অচেতন হৈ পৰিছিলো আৰু যেতিয়াই চেতনা আহিছিল মই পানীৰ কাৰণে পাগল হৈ পৰিছিলো। কিন্তু মোক পানী খাবলৈ দিয়া নাছিল। চেলাইন বন্ধ হ’লেহে পানী খাব পাৰিব বুলি ক’লে।
সম্পূৰ্ণ চাৰিটা দিনৰ অন্তত মোক SEMI I.C.U.লৈ অনা হয়। মোক এটা কেবিনৰ দৰে কোঠাত ৰখা হৈছিল। যাতে ঘৰৰ মানুহও মোৰ ওচৰত থাকিব পাৰে। I.C.U.ৰ পৰা উলিয়াই অনাৰ পাছতো মোক পানী খাবলৈ দিয়া নাছিল। আবেলি বৰদেউতাই মোৰ বিচনাৰ কাষতে থকা টেবুলখনৰ পৰা এক লিটাৰৰ মিনাৰেল বটলৰ পৰা কট্ কট্ কট্ কৈ যেতিয়া পানী খোৱা দেখিছিলো মোৰ চকুপানী ওলাই আহিছিল। মই বৰ দেউতালৈ ইমান কাতৰভাৱে চাইছিলো যে মোক দেখি বৰদেউতাৰও চকুৰপানী ওলাই আহিছিল। তেওঁ মোৰ মূৰত হাত বুলাই কৈছিল-”সোণো,তই কিয় কান্দিছ? ডাক্তৰে কৈছে নহয় তই অতি সোনকালে আগৰ দৰে ভাল হৈ যাবি। আমি ঘৰলৈ যাম।”
বৰদেউতাই ভাৱিছিল মই ভাল নহ’ম বুলি দুখ কৰিছো। কিন্তু সেই ক্ষণত মোৰ আটাইতকৈ ডাঙৰ দুখ আছিল পানী খাবলৈ নোপোৱাতো। ২০০৭ চনত বৰদেউতাৰ হৃদ ৰোগত আক্রান্ত হৈ মৃত্যু হয়। বৰদেউতা আৰু দেউতাৰ মাজত কোনো পাৰ্থক্য নাছিল। মই এবছৰৰ পৰা বৰদেউতাৰ কোলাত ডাঙৰ হোৱা। আজি যেতিয়াই বৰদেউতাৰ কথা মনলৈ আহে..সেই পানী খোৱাৰ ছবিখন ভাহি আহে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!