পানী কথা – ভাৰ্গৱ কুমাৰ বৰুৱা
জাকৈয়া ছোৱালীৰ নাভিত বেলি…
জাকৈত উঠি খালৈত সোমায়,
পোনা দৰিকণা আৰু ৰাঘোৱা বৰালি,
বেলিৰ তাপত ধৰফৰাই মাছবোৰে,
“শিলৰ চোলা” সীয়াব পৰা “পানীৰ বেজী”য়ে
জাকৈ বোৱা ছোৱালীক বিন্ধে কি নিবিন্ধে!
সিহঁতৰ দুখবোৰ চুই চাই,
মেটেকা ফুলৰ গোন্ধত নামি অহা মাটিৰ ঈশ্বৰে !
জাকৈয়া ছোৱালী ঘৰলৈ ভটিয়াই,
যাওঁ,যাওঁ ৰ’দক কঁকালত ওলমায়!
বেজীয়ে খোঁচা ঠাইবোৰত
ওৰেৰাতি সাৰে ৰয়
ভেবা লগা জোনবাই….
পাৰত বহি পৰ গনা কানীয়াই
ৰৈ ৰৈ হামিয়াই,
পানীলৈ দলিয়াই…!