পানী খোৱা ছুটী – মধুমিতা বৰুৱা শইকীয়া
বাটচৰাতে বাজি…
এজাক পেন্দুকণাৰ হুংকাৰ,
পানী খোৱা ছুটী ত চাই লম তহঁতক৷
বান্দৰসেনাক সুপৰ্নখা সুন্দৰী হঁতে সাৰি যাব নিদিয়ে,
….বুকুত হাতদি কলিজাকেইখন চাই ল৷
পাঠশালা ৰ পণ্ডিতে চক্ৰবৃদ্ধিৰ অংকহে শিকাইছিল৷
বাকী বোৰ সিহঁতে নিজেই শিকিছিল৷
বন্য আনন্দৰ পাঠ কোনোবাই শিকাব লাগে নেকি?
জীৱনৰ প্ৰথমখন আনন্দমেলা…
নিসন্দেহে পাঠশালা সেইখন৷
সৰস্বতী ক ভূৰুকাত ভৰাই,
সোণৰ হৰিণ খেদি ভাললাগিছিল৷
বৌগুদুৰ শব্দবোৰ এতিয়াও বাজে তাত…
নৈশব্দত, নেপথ্যত৷
মাৰ্বলৰ গাঁতবোৰ বুকুত৷
সোঁৱৰণী বোৰো স্মৃতিৰ মোহনাত৷
সুন্দৰ