পান সিং তোমৰ-(হিমজ্যোতি তালুকদাৰ )

“बीहाड़ में बाघी होते हैं, डकैत मिलते हैं पार्लमेंट में”

 

মানুহজন যেন জন্ম হৈছিল কেৱল দৌৰিবলৈকে! খেলত কোনো বিশেষ ৰাপ নাছিল, তথাপি দৌৰিছিল মাথোঁ দৌৰিছিল। ভাৰতীয় সেনাবাহিনীত ভৰ্তি হৈও তেওঁ শাস্তি প্ৰদানৰ দৌৰকো উপভোগ কৰিছিল, যাৰ বাবে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াসকলে তেওঁক সেনাবাহিনীৰ ক্ৰীড়াবিভাগলৈ পঠিয়াই দিছিল। তেওঁ দেখুৱাইছিল অসাধাৰণ দক্ষতা। 3000 মিটাৰ ষ্টিপলচেচ ত সাতবাৰৰ বাবে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় খেলুৱৈ হিচাবে আৰ্জিছিল খ্যাতি। 1958 চনৰ টকিঅ’ এচিয়ান গেমচৰ গেমচত শ্ৰেষ্ঠত্বৰ দৌৰৰ পৰা বাহিৰ হৈ গ’ল একমাত্ৰ জোতাযোৰৰ বাবে। শেষ মূহুৰ্তত যোগান ধৰা উচ্চখাপৰ জোতাৰ লগত ছন্দ মিলাব নোৱাৰাটোৱেই আছিল মুখ্য কাৰণ। 1968 চনত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় মিলিটাৰী গেমচতো ষ্টিপলচেচ বিভাগত সোণৰ পদকেৰে দেশলৈ কঢ়িয়াই আনে বিৰল সন্মান। এই গৰাকী দৌৰবিদেই আছিল পান সিং তোমৰ। কিন্তু ৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লভা এই গৰাকী ক্ৰীড়াবিদ পাছলৈ হৈ পৰে এজন দুৰ্ধৰ্ষ ডকাইত। মুলত: পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষ আৰু ন্যায় ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোত হতাশগ্ৰস্ত হৈ হাতত বন্দুক তুলি ল’লে পান সিং তোমৰে।

 

এই অবিশ্বাস্য কিন্তু এক সত্য কাহিনীৰ আধাৰতে, পৰিচালক তিমাংশু ঢুলীয়াই প্ৰাণ দিছে এখন কথাছবিত। নামো যাৰ পান সিং তোমৰ। সাহিব বিৱি ঔৰ গেংষ্টাৰ কথাছবি খনেৰে চৰ্চালৈ অহা পৰিচালক তিমাংশু ঢুলীয়াই যেন এই কথাছবি খনৰ দ্বাৰা দিলে আন এক চমক। শক্তিশালী সংলাপ, চমকপ্ৰদ কেমেৰা আৰু পাৰ্শ্বসংগীতে যেন কথাছবি খন জীৱন্ত কৰি তুলিছে। দুঘণ্টা পোন্ধৰ মিনিট দৈৰ্ঘ্যৰ এই কথাছবি খনৰ কোনো এক সময়তে কিন্তু আমনিদায়ক হৈ নপৰে। মূল চৰিত্ৰাটোতে যেতিয়া ইৰফান খানৰ দৰে অভিনেতাই অভিনয় কৰিছে তেন্তে নিশ্চয় অভিনয় দিশটো বৰ্ণনা নকৰিলেও হয়। ইৰফান খানৰ অনবদ্য অভিনয়েই কথাছবিখনৰ মূল ভেঁটি। আৰম্ভণিৰ পৰা শেষলৈ কথাছবিখনত ইৰফান খানৰে দপদপনি! অন্যান্য অভিনেতা অভিনেত্ৰী সমূহো নিজ নিজ চৰিত্ৰৰ লগত খাপ খাই পৰিছে। সাধাৰণতে জীৱনীমূলক কথাছবিসমূহত সততে দেখাপোৱা তথ্যচিত্ৰৰ ছাঁয়াৰ পৰা এইখন কথাছবি সম্পূৰ্ণ মুক্ত। পৰিচালকে খুউব সতৰ্কতাৰে ইয়াক তথ্যচিত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিছে। ইয়াতে উল্লেখ কৰিবলগীয়া অইন এটা দিশ হৈছে কথাছবিখনৰ সংলাপ আৰু ইয়াৰ কথনভংগী। সম্পূৰ্ণ গ্ৰাম্যজীৱনৰ কথনভংগীয়ে কথাছবিখনক দিছে অন্য এক মাত্ৰা।

 

এনে এক দু:সাহসিক বিষয়বস্তু লৈ কথাছবি নিৰ্মান নিশ্চয় প্ৰশংসাৰ যোগ্য। ক্ৰিকেট সৰ্বস্ব এখন দেশত অন্যান্য খেলত দেশৰ হকে খেলি নিজৰ দেশৰ নাম উজলোৱা খেলুৱৈসকলৰ জীৱন কেনেধৰণৰ হ’ব পাৰে তাক দৰ্শকৰ আগত উন্মুক্ত কৰি তুলিছে এইখন কথাছবিয়ে। হয়তো দেশৰ চুকে কোনে এতিয়াও সোমাই আছে বহুতো পান সিং তোমৰ, যি সৰ্বস্ব ত্যাগৰ বিনিময়তো পদে পদে সমাজ আৰু শাসন ব্যৱস্থাৰ উলংগ ৰূপটোৰ বাবে সম্মুখীন হ’বলগীয়া হয় বিভিন্ন ঘাত প্ৰতিঘাতৰ। পান সিং তোমৰ কথাছবি খন যেন সমাজ ব্যৱস্থাটোৰেই এক প্ৰতিবাদী ৰূপ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!