পালেং পনীৰ (মিতালী বৰ্মন)

উপকৰণ:

পনীৰ: ৪০০ গ্ৰাম

পালেং শাক: ৫০০ গ্ৰাম

বিলাহী: ডাঙৰ ২টা

পিঁয়াজ: ২টা (ডাঙৰ)

ধনীয়া: ১ টেবুলচামোচ

জলকীয়া: ২টা

নহৰু: ১০-১২ ফোটা

আদা: অলপ

দৈ: ৩ টেবুলচামোচ

ৰিফাইন তেল: ১ টেবুলচামোচ

গোটা জিৰা: ১ চাহচামোচ

তেজপাত: ২খিলা

ধনীয়া গুড়ি: ১ চাহচামোচ

ৰঙা জলকীয়াৰ গুড়ি: ১ চাহচামোচ

গৰম মচলা: আধা চাহচামোচ

চেনী: আধা চাহচামোচ

নিমখ: সোৱাদ অনুযায়ী

হালধি: আধা চাহচামোচ

ৰন্ধন প্ৰণালী:

পালেং শাকখিনি ধুই কাটি লওক। পিঁয়াজ আৰু নহৰুখিনিৰ বাকলি গুচাই সৰু সৰুকৈ টুকুৰা কৰি কাটি লওক। আদাখিনিৰো বাকলি গুচাই লওক। কেৰাহীত ৰিফাইন তেল গৰম কৰি কম জুইত গোটা জিৰা আৰু তেজপাত দুখিলা দি ভাজি লওক। এইখিনি ভজা হোৱাৰ পাছত নহৰুৰ টুকুৰাখিনি দি দিয়ক আদাখিনি চাটনি ৰোকা ৰোকনিখনত ৰুকি একেলগে ভাজি লওক। এইখিনি ভজা হ’লে তাত কাটি থোৱা পিঁয়াজখিনি দি ভাজক। পিঁয়াজখিনি ভজা হোৱালৈ বিলাহী দুটা ধুই কাটি লওক। পিঁয়াজখিনি ভজা গৈ ৰঙচুৱা বৰণ ল’লে কাটি থোৱা বিলাহীখিনিৰ লগতে আধা চাহচামোচ চেনী দি লৰাই দিয়ক। বিলাহীখিনি গলি যোৱালৈ হেতাৰে লৰাই লৰাই ভাজক। যেতিয়া বিলাহীখিনি গলি যাব তেতিয়া কেৰাহীৰ জুইকুৰা নুমুৱাই দিয়ক। এইখিনি তেনেকৈয়ে থৈ দৈখিনি বাচন এটাত লৈ চামোচেৰে ভালকৈ ফেটি লওক। দুইমিনিটমান পাছতে কেৰাহীৰ জুইকুৰা ধৰি কেৰাহীৰ মিশ্ৰণটোত দৈখিনি বাকি দি লৰাই দিয়ক। এতিয়া তাত হালধি, ৰঙা জলকীয়াৰ গুড়ি, ধনীয়াৰ গুড়ি, গৰম মচলা এই আটাইবোৰ দি লৰাই দিয়ক। দুইমিনিটমান পাছত তাত কাটি থোৱা পালেং শাকখিনি দি লৰাই ঢাকনি মাৰি দিয়ক। ঢাকনি মাৰি জুইকুৰা কমাই দিবলৈ নাপাহৰিব। চাৰিমিনিটমান পাছত ঢাকনি খুলি দেখিব যে শাকখিনি পমি গৈ কোমল হৈ পৰিছে। কেৰাহীৰ জুইকুৰা নুমুৱাই দিয়ক। তাতে কাটি থোৱা ধনীয়াখিনি দি মিহলাই লওক। এতিয়া এই আটাইখিনি মিশ্ৰণ মিক্সিত ভালকৈ বটি লওক। ইয়াৰ মাজতে আপুনি পনীৰখিনি টুকুৰা টুকুৰ কৰি ল’ব। ইচ্ছা কৰিলে পনীৰখিনি আপুনি ভাজিও ল’ব পাৰে; আৰু যদি কেঁচা পনীৰৰ গোন্ধ ভাল পায় তেন্তে কেঁচাকৈয়ো ৰাখিব পাৰে। জুইকুৰা ধৰি পুনৰ কেৰাহীখন পাতি দিয়ক। এইবাৰ কিন্তু কেৰাহীত তেল দিব নালাগে। কেৰাহীখন গৰম হ’লে ইতিমধ্য বটি সাজু কৰি থোৱা পালেং শাকৰ মিশ্ৰণটো কেৰাহীত বাকি দিয়ক। শাকৰ মিশ্ৰণটো বেছি ডাঠ হোৱা বুলি যদি ভাবিছে তেন্তে অকণমান পানী মিহলাই দিয়ক। কিন্তু বেছি পানী নিমিহলাব। এইখন আঞ্জা অলপ থুপথুপীয়া হ’লেহে খাবলৈ সোৱাদলগা হয়। এতিয়া তাত সোৱাদ অনুযায়ী নিমখ দি লৰাই দিয়ক। মিশ্ৰণটো উতলিবলৈ আৰম্ভ কৰিলে তাত অলপ পনীৰ ৰোকনিৰে ৰুকি মিহলাই দিয়ক। ইচ্ছা কৰিলে ক্ৰীম অলপো মিহলাই দিব পাৰে। কিন্তু ক্ৰীম নিদিয়াকৈয়ো এইখন আঞ্জা খাব পাৰি। একেবাৰে শেষত পনীৰৰ টুকুৰাবোৰ কেৰাহীৰ আঞ্জাত বহাই লৰাই দিয়ক। তিনিমিনিটমান পাছত নমাই থওক আৰু গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিবেশন কৰক৷

palak-paneer

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!