পাষাণ (ময়ুৰী দত্ত)
কিছুমান মানুহ কেতিয়াবা
শিল হৈ যায়
ঋতু আহে আৰু যায়
আগবাঢ়ে তেজ লগা সময়
শিলৰ গাত জানো লাগে
শিলৰ মন বুলি জানো কিবা থাকে
নাই শিলৰ নিজৰ কথাও নাই
কোনো ভ্ৰূক্ষেপ নাই ।
শিলৰ বুকুত মানুহেইতো ভাষা দিয়ে
মানুহৰ হাততেই
শিলে হাঁহে
শিলে কান্দে
শিলে প্ৰাণ পাই উঠে ।
অথচ …..
নিজে হৈ পৰে নিস্প্ৰাণ
কেতিয়াবা হৃদয়হীন
অবিশ্বাস আৰু সন্দেহৰ সৌধ গঢ়ি
সাঁচি ৰাখে আজীৱন
অনুভূতি উত্তাপবিহীন ।