পিকনিকৰ বতৰত (জলী ৰুমী বৰা)
ইংৰাজী নৱবৰ্ষৰ এই বতৰত আমাৰ মাজত পিকনিক খোৱাৰ জোৱাৰ উঠে৷ আমি সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ নগৰীয়া জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিবেশৰ কোনো ঠাইত এটা দিন স্ফুৰ্ত্তিৰে, মনৰ হেঁপাহেৰ উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে পিকনিকৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ পিকনিকৰ দলেৰে উপচি থাকে৷
নিত্যনৈমিত্তিক কৰ্মব্যস্ততা নাইবা একঘেয়ামী জীৱনৰ গতানুগতিকতাৰ পৰা মুক্ত হৈ সকলোৱে মিলি এদিনৰ বাবে প্ৰকৃতিৰ কোলাত এসাঁজ খোৱাটো নিশ্চয় খুবেই আনন্দদায়ক৷ কিন্তু আনন্দৰ উচ্ছাসত আমি বহুতেই হয়তো জ্ঞাতে বা অজ্ঞাতে এই বিশেষ দিনত কিছুমান দিশত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিওঁ৷ পিকনিকৰ আনন্দ উচ্ছাসৰ মাজেৰে নতুন বছৰটোক আদৰণি জনোৱাৰ পিছত এই দিনটো আমাৰ বাবে এক সোঁৱৰণি হৈ পৰে, কিন্তু আমাৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক এই কামবোৰৰ ফল বহুদিনলৈ,কেতিয়াবা আনকি বহু বছৰ ধৰি ৰৈ যায়৷ উদাহৰণস্বৰূপে, পিকনিকৰ সময়ত খোৱা-বস্তু ৰন্ধা বঢ়া কৰোঁতে আমি বহুতেই পেলনীয়া সামগ্ৰী যেনে শাক-পাচলিৰ বাকলি, প্লাষ্টিকৰ বেগ, বটল আদি সেই ঠাইতে পেলাই থৈ আহোঁ৷ এনেদৰে সিঁচৰিত কৰি এৰি অহা জাৱৰ-জোঁথৰবোৰে ঠাইখনৰ সৌন্দৰ্য্য শেষ কৰি পেলায়৷ পিছত অহা অন্য এটা দলে সেই বিশেষ ঠাইখিনি লেতেৰা দেখি ওচৰৰে অন্য এক ঠাইত পিকনিক পাতে৷ এই দলটোও অন্য নিৰানব্বৈ শতাংশ পিকনিকৰ দলৰ দৰে দায়িত্বহীন হ’লে সেই ঠাইখনো পুনৰ লেতেৰা হৈ পৰে৷ এনেদৰে যিবোৰ প্ৰকৃতিক স্থানৰ নৈসৰ্গিক শোভাৰ বাবে আমি পিকনিক খাবলৈ যাওঁ, এৰি অহাৰ পৰত সেই ঠাইবোৰ আনৰ বাবে বৰ্জনীয় হৈ পৰেগৈ৷
এতিয়া আহোঁ, আমি সেই ঠাইবোৰৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ কৰা ক্ষতিলৈ৷ আমি এৰি অহা সেই জাৱৰ-জোঁথৰবোৰে জীৱ-জন্তুৰ অকল্পনীয় ক্ষতি সাধন কৰিব পাৰে৷ প্লাষ্টিকৰ যিকোনো অংশ মাছ, চৰাই আদিয়ে খাদ্য বুলি ভুল কৰি ভক্ষণ কৰাৰ ফলত ডিঙিত লাগি ধৰি মৃত্যু হয়৷ তেনেদৰে ভঙা কাঁচে বহু জীৱ-জন্তুৰ দেহত আঘাত সানে৷ জেঠীৰ দৰে প্ৰাণীয়ে বটল আদিৰ ভিতৰত থকা অৱশিষ্টখিনি খাবলৈ চেষ্টা কৰি বটলৰ মুখত লাগি ধৰি আঘাতপ্ৰাপ্ত হয় বা কেতিয়াবা ভিতৰৰ পৰা ওলাব নোৱাৰি লঘোণত মৃত্যুমুখত পৰে৷ প্ৰতিবছৰে এনে বহুতো প্ৰাণীৰ জাৱৰ-জোঁথৰৰ বাবে মৃত্যু হয়, কিন্তু কাৰো ওচৰত ইয়াৰ সঠিক হিচাপ নাই৷ প্ৰশান্ত সাগৰৰ এটা দ্বীপত কৰা এটা গৱেষণাত গম পোৱা গৈছিল যে লায়াছান এলবেট্ৰছ (Laysan Albatross) নামৰ সাগৰীয় চৰাইবিধৰ পেট প্লাষ্টিকেৰে পূৰ্ণ হৈ থকাৰ ফলত বদহজমৰ বাবে ইয়াৰ মৃত্যূ হয়৷ তাৰোপৰি এই চৰাইটোৱে পোৱালিবোৰকো প্লাষ্টিক খুৱাই থকাৰ ফলত সকলোবোৰৰে পাখি গজাৰ পূৰ্বেই মৃত্যু হৈছিল৷ গতিকে ইয়াৰ পৰাই আমি এইবোৰৰ ভয়াবহতা অনুমান কৰিব পাৰোঁ৷
তেনেদৰে, পিকনিকৰ ঠাইৰ আশে পাশে থকা শিল বা মনোমোহা গছবোৰৰ গাত নিজৰ প্ৰেমৰ কথা খোদিত কৰি অমৰ হ’ব খোজা সকলে প্ৰকৃততে নিজৰ স্থুল মানসিকতাৰহে পৰিচয় দিয়ে ৷ তাৰোপৰি এনে পিকনিকৰ দলসমূহত মদ খাই কৰা উদ্ভণ্ডালি বা গাড়ীৰ দুৰ্ঘটনাৰ কথা নক’লোৱেইবা৷ মদ খোৱা-নোখোৱা সেইটো প্ৰত্যেকৰে ব্যক্তিগত সিদ্ধান্ত আৰু তাত আমাৰো ক’বলগীয়া একো নাই৷ কিন্তু তাৰ লগত জড়িত এনে নেতিবাচক ঘটনাবোৰ নিসন্দেহে নিন্দনীয়৷
পিকনিকলৈ যোৱাৰ সময়ত আমি কিছু সচেতনতা অৱলম্বন কৰিলেই এনে অপকৰ্মসমূহ কৰাৰ পৰা সুকলমে হাত সাৰিব পাৰোঁ৷ উদাহৰণস্বৰূপে পিকনিকৰ শেষত ৰন্ধা-বঢ়া আৰু অন্যান্য কামত সৃষ্টি হোৱা আবৰ্জনা সমূহ পিকনিকস্থলীতে সিঁচৰিত কৰি এৰি থৈ অহাৰ সলনি প্লাষ্টিকজাতীয় আবৰ্জনাসমূহ একেঠাইতে গোটাই লৈ জ্বলাই থৈ আহিব পাৰোঁ৷ নাইবা তাতে জ্বলাবলৈ অসুবিধা হ’লে গোটেইবোৰ জাবৰ-জোথৰ বেগ এটাত গোটাই লৈ উভতাৰ সময়ত লৈ আনি ডাষ্টবিনত পেলাব পাৰি৷ লগতে খোৱা পাত/ গিলাচ আদি প্লাষ্টিকৰ ব্যৱহাৰ নকৰি জৈৱিক বিভংগনীয় (biodegradable) সামগ্ৰীৰে তৈয়াৰ কৰাবোৰ ব্যৱহাৰ কৰিলেও কম অনিষ্ট হয়৷ এইখিনি কৰিবলৈ খুউব বেছি কষ্ট বা খৰচো নহয়৷
পিকনিকৰ আনন্দত মতলীয়া হৈ জ্ঞাতে বা অজ্ঞাতে কৰা এই সৰু সৰু যেন লগা ভুলবোৰেও পাৰিপাৰ্শ্বিকতাত এক বৃহৎ আঘাত হানে। প্ৰাকৃতিক পৰিৱেশত পিকনিকৰ আনন্দ উপভোগ কৰিবলৈ যাওঁতে আমাৰ এনে কোনো অবিবেচক কৰ্মই যাতে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি নকৰে তাৰ বাবে আমি সচেতন হৈ উঠাৰ প্ৰয়োজন ৷ গতিকে আহকচোন, এইবাৰ আমি দায়িত্বশীলভাৱে আনন্দ কৰোঁ আৰু নতুন বছৰটোত এনে কামবোৰ এৰাই চলো৷ বেয়া কাম এটা পৰিত্যাগ কৰাটোও ভাল কামৰে আৰম্ভণি নহয়জানো?