পিঠাং অয়িং আৰু বৰালি মাছৰ আঞ্জা তেতেলী আৰু ৰঙালাওৰ সৈতে —গীতা দত্ত



ক) পিঠাং অয়িং।

”বোলো
অ’ মিছিং ডেকাটি
বজালি যে পেঁপাতি
সুৰেৰে সঁজালি দেখোঁ
দিচাং মুখৰ নিশাতি “

ভূপেনদাৰ এই কালজয়ী গীতটো শুনিলেই মানস পটত ভাঁহি আহে নৈপৰীয়া এখন মিছিং গাঁও ..! শাৰী শাৰী চাংঘৰ আৰু দূৰ-দুৰণিলৈ হালধীয়া সৰিয়হৰ খেতি। আমাৰ অসমৰ অন্যতম জনজাতি মিচিংসকলৰ জীৱন প্ৰণালী খুবেই সাধাৰণ আৰু মনোমোহা। আজি তেওঁলোকৰ জনপ্ৰিয় এটি ব্যঞ্জন “পিঠাং অয়িং “ ৰ ৰেচিপি আগবঢ়াইছোঁ। এইখিনিতে জনাই থওঁ, মিছিং সকলৰ খাদ্য সম্ভাৰ খুবেই স্বাস্থ্যকৰ আৰু তেল মচলাৰ ব্যৱহাৰ খুবেই কম।

পিঠাং অয়িং ৰান্ধিবৰ বাবে প্ৰথমে চাউল অলপ ধুই, ৰ’দাই, ঢেঁকীত খুন্দি পিঠাগুৰি তৈয়াৰ কৰি লব লাগে।
এখন কেৰাহীত নামমাত্ৰ মিঠা তেল গৰম কৰি তাত মিহিকৈ কাটি পিয়াঁজ দিব লাগে। পিয়াঁজ ৰঙচুৱা হলে, মুৰ্গী মাংসখিনি কেৰাহীত দি ভালকৈ ভাজিব লাগে। অকণমান হালধি আৰু জোখ মতে নিমখ দিব লাগে। আদা, নহৰু আৰু কেঁচা জলকীয়া একেলগে খুন্দনাত খুন্দি লৈ মুৰ্গী মাংসত দিব লাগে। লগতে দুটামান জালুকো খুন্দি মাংসত দিব। এমুঠি মছুৰ দাইল ধুই, মাংস ভাজোঁতেই দি দিব। একেলগে গোটেইখিনি ভাজি ল’ব ভালকৈ। ইচ্ছা কৰিলে বিভিন্ন থলুৱা পাত শাক দিব পাৰে। মই অকণমান নৰসিংহ পাত দিছোঁ। সুন্দৰ গোন্ধ এটি ওলায়।
ভালকৈ ভজাৰ পাছত তিনি কাপ মান পানী দি ভালকৈ মাংস সিজিবলৈ দিব। মাংস প্ৰায় সিজো সিজো হ’লে পিঠাগুৰি অলপমান পানীত গুলি লাহে লাহে মাংসত দি দিব। তাৰ পিছত হেতাৰে ভালকৈ লৰাই মিলাই দিব লাগে, যাতে পিঠাগুৰি গোট মাৰি নাযায়।
আঞ্জাখন থুপথুপিয়া হ’ব লাগে।
শেষত, মান ধনীয়া মিহিকৈ কাটি আঞ্জাত দি দিব।
গৰমে গৰমে এই সুন্দৰ মিছিং ব্যঞ্জন পিঠাং অয়িং ভাত আৰু সিজোৱা লাইশাক ( ৰা’চৰ ) সৈতে পৰিবেশন কৰক।

খ) বৰালি মাছৰ আঞ্জা তেঁতেলী আৰু ৰঙলাওৰ সৈতে।

”বুঢ়া বৰালি আৰু পকা তেতেলী “ ৰ কথা ডাকৰ বচনত পোৱা যায়।
আমাৰ অসমীয়া heritage recipe বুলিব পাৰি।

ৰেছিপিটো আগবঢ়ালো –

ৰঙালাও টুকুৰা টুকুৰ কৈ কাটি লৈছোঁ। পকা তেতেলি পানীত তিয়াই ভালকৈ খচি লৈছোঁ। এতিয়া, কেৰাহীত মিঠা তেল গৰম কৰি ল’ব লাগে। অকণমান নিমখ হালধি সানি, বৰালি মাছ কেইটুকুৰা গৰম তেলত আধা ভজা কৰি ল’ব লাগে। তাৰ পাছত, সেই একেই তেলত, এক চামুচ পাঁচফুৰণ আৰু দুটা কেঁচা জলকীয়া দিলোঁ। আধা মিনিটমান লৰাই তাত ৰঙালাও দিলোঁ। অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ।
ভালকৈ গোটেইখিনি ভাঁজি তাত তেতেলী পানী দিলোঁ। লগত আৰু দুই কাপ কুহুমীয়া পানীও দি ভালকৈ উতলিবলৈ দিলোঁ। তাৰ পাছত মাছ দিলোঁ আৰু ঢাকোন মাৰি প্ৰায় দহ মিনিট ৰাখিলো। অকণমান সতেজ ধনীয়া পাত ছটিয়াই দিছোঁ শেষত।
গৰমে গৰমে ভাতৰ সৈতে পৰিবেশন কৰিলোঁ এই আঞ্জা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!