পিতৃ হোৱাৰ আগমুহূৰ্তত ( ব্ৰজেন মালাকাৰ )
এদিন যেতিয়া কোনো নাৰীৰ গৰ্ভত মই
পিতৃত্বৰ প্ৰস্তাৱনাৰ পহিলা বৰ্ণটো লিখিম
তাৰ পিছদিনাৰ পৰাই আৰম্ভ হ’ব হেজাৰ উদাসীনতা এৰি
মোৰ বৰ্ণময় জীৱনৰ ব্যস্ততা
ক্ৰমশঃ
এজাক সপোনে ভীৰ কৰিবহি মোৰ বুকুৰ মোহনাত
যিদৰে মাছবোৰে ভীৰ কৰে নদীৰ ঘূলিত
নদীবোৰে সাগৰত — সেউজীয়াবোৰে পথাৰত
আৰু আৰু আৰু …
এটা স্ফীত শিমলুকলাৰ দৰে বাঢ়ি আহিব সেই নাৰীৰ নাভিতল
তাত কাণ থৈ মই শুনাৰ চেষ্টা কৰিম সেই সপোনৰ হৃদস্পন্দন
যিয়ে বেগৱান কৰি তুলিব মোৰ বুকুৰ সপোনবোৰৰ শ্বা স-প্ৰশ্বাস
যিয়ে জীৱন্ত কৰি তুলিব মোৰ অযুত মৃতস্বপ্নক
বাৰে বাৰে আওঁৰাম কৃতজ্ঞতাৰ পাঠ সেই নাৰীৰ পদযুগল চুই
যিয়ে ধাৰণ কৰিব মোৰ বীৰ্য তেওঁৰ গৰ্ভত
সুদীৰ্ঘ অপেক্ষা এটাৰ অস্থিৰতাত কাতৰ হৈ কেলেণ্ডাৰবোৰত
বিভিন্ন চিঞাঁহীৰে দাগ দি যাম — ৰঙা নীলা ক’লা সেউজীয়া …
লাহে লাহে মৰি আহিব কলমবোৰ — কমি আহিব অপেক্ষাৰ দীৰ্ঘতা
সন্ধিয়াৰ তাচৰ ফেনিল আড্ডাবোৰ দলিয়াই পেলাম ৰাতিৰ বুকুত
শোৱনীকোঠাত আঁৰি থ’ম সতেজ আনন্দময় শিশুছবি
যিয়ে পাহৰাই ৰাখিব মোৰ দুখাক্ৰান্ত সময়বোৰ
কবিতাৰ কিতাপবোৰ এৰি কিছুদিন ষ্টলে ষ্টলে বিচাৰিম
গৰ্ভৱতী মহিলাৰ যতন কিম্বা সদ্যজাত শিশুৰ পৰিচৰ্যা
সেই নাৰীৰ আনন্দৰ বাবেই মোৰ নীল মৌনতা পাহৰি
গুণগুণাই থাকিম ৰঙিয়াল এটা গীতৰ কলি
মোৰ কবিতাৰ বহীত টুকি ৰাখিম চহৰৰ
অত্যাধুনিক নাৰ্চিংহোমৰ ফোন নম্বৰবোৰ…
আৰু এদিন অপেক্ষাৰ দীৰ্ঘতা চমু চাপি আহিব
দৌৰাদৌৰিকৈ গোটাম টাৱেল পানীকাপোৰ খেলনা ফ্লাষ্ক
আৰু আৰু আৰু …
শেহান্তৰত এটা কান্দোনৰ স্বৰে তোলপাৰ লগাব মোৰ বুকুত
আনন্দৰ আতিশয্যত মই সেই নাৰীৰ কপালত আলফুলে
চুমা এটা আঁকি ক’ম — ধন্যবাদ
পিছমুহূৰ্ততে যন্ত্ৰণাৰ এটা জেঠীৰ টিক্ টিকে বিধ্বস্ত কৰিব মোক — মাথো মোক
যন্ত্ৰণাময় পৃথিৱীৰ জীৱন জুহালত শুকাই লেৰেলি পৰিবলৈ
কিয় মই লৈ আহিলো এই ফুলপাহ…
কিন্তু কোনেও নাজানিব মোৰ দুখৰ উৎস
আনকি সেই নাৰীয়েও
মোৰ পিতায়ে বাৰু কি ভাবিছিল মোৰ জন্মৰ আগমুহূৰ্তত …