পিৰামিড আৰু জীৱন — অসীম শইকীয়া
বৈজ্ঞানিক সকল এটা ঘটনাত আচৰিত হয় যে পিৰামিড বিলাকৰ ভিতৰত যদি কেতিয়াবা নিগনি বা অন্য কিবা জীৱিত প্ৰাণী সোমাই আৰু বাট হেৰাই ওলাই আহিব নোৱাৰি পিৰামিডৰ ভিতৰত মৃত্যু হয়, তেতিয়া সেই প্ৰাণীটোৰ শৰীৰটো গেলি নাযায় আৰু দুৰ্গন্ধ নাহে৷ তদুপৰি যিকোনো ফল মূল যদি পিৰামিডৰ ভিতৰত থৈ অহা হয়, সতেজ হৈয়েই থাকে৷ জীৱিত প্ৰাণীৰ শৰীৰটো মামীফাইড হব পাৰে কিন্তু গেলি নাযায়৷ সাগৰৰ পাৰৰ যিবোৰ পিৰামিড য’ত আদ্ৰতা বেছি, সেইঠাইত অৱস্থিত পিৰামিডটো একেটা ঘটনাই হয়৷
এনেকুৱা কিয় হয়, কোনো কাৰণ বিচাৰি পোৱা নগ’ল, পিৰামিডত এনে কি শক্তি আছে যাৰ ফলত বস্তু গেলি নাযায়৷
বহুত বিচাৰ খোচাৰ কৰা পাছত বিজ্ঞানীসকলে ভাবিলে পিৰামিডৰ যিটো জ্যামিতিক আকাৰ সেইটোৰ বাবে বস্তুৰ ওপৰত প্ৰভাৱ পৰে৷ বৈজ্ঞানিকসকলে তিনি চাৰিফুটমান ওখ কিছুমান পিৰামিড বনায় তাৰ ভিতৰত জীৱিত প্ৰাণী বা ফল মূল ৰাখি চালে৷ দেখা গ’ল যে এনে কৰিলে বস্তুবোৰ বহুত দিনলৈ সতেজ হৈ থাকে৷
কোৱা হয় যে এনেকুৱা ধৰণৰ পৰামৰ্শ দিয়া হৈছে যে চিকিৎসালয়বোৰ যদি পিৰামিড আকাৰত বনোৱা হয় তেন্তে ৰোগীসকল সোনকালে ভাল হৈ উঠিব৷ মানুহৰ বাসভৱন যদি পিৰামিড আকাৰত বনোৱা হয় তেতিয়াও সেই ঘৰখনত বেমাৰ আজাৰ কম হব৷
বহুতৰ বাবে প্ৰমাণসিদ্ধ যে পিৰামিড আকাৰৰ টুপী পিন্ধিলে মানুহৰ মগজু ঠাণ্ডা হৈ থাকে লগতে মাইগ্ৰেইন আদিৰ সমস্যা থাকিলে পিৰামিড আকাৰৰ টুপী পিন্ধিলে অতি সোনকালেই ভাল হয়৷ যাৰ মানসিক বিকাৰ আছে সেইসকলে পিৰামিড আকাৰৰ টুপী পিন্ধিলে ভাল হোৱাৰ সম্ভাৱনা বেছি৷
পিৰামিডৰ ওচৰত সময় স্থবিৰ হৈ পৰে যিটো পদাৰ্থ বিজ্ঞানৰ মতেও সত্য৷ আঁতৰত থক মানুহজনে পিৰামিডৰ কাষত থকা মানুহজনক সামান্য পৰিমাণে শ্ল’ ম’শ্ব্যনত দেখিব৷ এই ঘটনাটোত পিৰামিডৰ আকাৰৰ সমন্ধ নাই এটা বেলেগ বিষয়হে৷
দেখা গ’ল যে যিকোনো জ্যামিতিক আকাৰে মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়৷ কিন্তু আচৰিত কথা আকাৰত কি আছে যাৰদ্বাৰা এনেকুৱা ভাল হব পাৰে৷
মানুহৰ জীৱনত বাহ্যিক আকৃতিয়ে যদি এনে প্ৰভাৱ পেলাব পাৰি তেনেহ’লে আন্তৰিক জ্যামিতিক আকৃতিয়ে কিমান প্ৰভাৱ পেলাব পাৰে বাৰু! চিত্তৰো এক আন্তৰিক আকৃতি থাকে৷
মানুহ যেতিয়া ঠিয় হৈ থাকে, মাটিৰ লগত ৯০ ডিগ্ৰী কোণ তৈয়াৰ হয়, আৰু যদি শুই থাকে, মাটিৰ সৈতে সমান্তৰাল হৈ থাকে, কোনো কোণ তৈয়াৰ নহয়৷ এই দুয়োটাতে মানুহৰ আন্তৰিক কোণবোৰো সালসলনি হৈ থাকে৷
শুই থকা অৱস্থাত এজন নৃশংস মানুহৰো সাংঘাতিক খং উঠিব নোৱাৰে৷ পূৰাদমে খং কৰিবলৈ হ’লে সি ঠিয় হ’বই লাগিব৷ শুই থকা অৱস্থাত বেছি ভাগ মানুহৰ অন্তৰ কোমল হৈ থাকে, সেয়াটো দৈনন্দিন জীৱনত দেখি থকা কথা৷
ঠিক তেনেকৈ মানুহে যেতিয়া আঁঠুকাঢ়ি সেৱা কৰে, মানুহৰ ওচৰত বা নামঘৰত বা মছজিদত তেতিয়া সেই ব্যক্তি জনৰ আন্তৰিক জ্যামিতিক আকাৰবোৰৰো সলনি হয়৷ যাৰ ফলত এজন ব্যক্তিৰ চিত্তৰ ৰপান্তৰণ হব পাৰে৷ গতিকে শৰণাগত সদায় শ্ৰেষ্ঠ৷ গতিকে দয়াবান, অহিংস হবলৈ হলে শৰণাগত হব লাগিব আৰু শৰণাগত হোৱা মানে ব্যক্তিজনে নিজৰ জ্যামিতিক ৰূপটোক এক বেলেগ আকাৰলৈ পৰিৱৰ্তন কৰিছে বুলি বুজিব পাৰি৷