পি আই এল- উৎপল ফুকন
বিয়া নপতাকৈ স্বৰ্গ-সুখত থকা ডাং-বৰলাকেইটাৰ ওপৰত দৈনিক বহুধৰণৰ হেঁচা আহি থাকে৷ ওচৰ-চুবুৰীয়া, পৰিয়াল-পৰিজন এই সকলোৰে পৰা বিয়া পাতিবলৈ হেঁচাবোৰ যে আহি থাকে ডাং-বৰলাকেইটাই ভাবে— শুভাকাংক্ষীৰ সংখ্যাটো বৰ কম নহয় দেখিছোঁ৷ বিয়াবাৰু কৰাই ডমেষ্টিকেটেড হৈ যোৱা কেইটাৰ সতৰ্কবাণীবোৰ চকুচৰহাৰ টেঙা আম টাইপৰ কথা যেন লাগে৷ এইসময়ত বৰলাৰ চকুৰ আগেদি বহু সম্ভাব্য মিঠা মুহূৰ্ত ছায়াছবিৰ দৰে পাৰ হৈ যায়৷ অৱশেষত বিবাহ নামৰ সামাজিকভাৱে হালাল কৰা অনুষ্ঠান এটাৰ দ্বাৰা ইমানদিনে প্ৰেমিকাৰূপে পৰম অনুগত, বিনয়াবনত নাৰীগৰাকীক বয়সত সৰু হ’লেও George Orwell ৰ Animal Firm ৰ সাতটা COMMANDMENT-ৰ শেষৰটো অৰ্থাৎ — ALL ANIMALS ARE EQUAL-ৰ অধিকাৰ প্ৰদান কৰি দিয়া হয়৷ তাৰবাবে ‘পোতা পুখুৰীৰ বাঁকেই ৰজা, মোৰ সংসাৰৰ ময়েই ৰজা’ৰ জীৱন কটোৱা পতিৰ কোনো খেদ নাই৷ আজিৰ দিনত নাৰী পুৰুষ সকলো সমান৷ লাও পাতৰ তল জাতীয় কথা প্ৰগ্ৰেছিভ, মডাৰ্ণ পতিয়ে বিশ্বাস নকৰে৷ মাহ-হালধিৰ ডিঅ’ডৰেণ্টৰ সৈতে প্ৰথম প্ৰণয়ৰ নিচাত বপুৰাৰ তেনেই “থাপ মাৰি আনি দিম আকাশৰ তৰা”ৰ দৰে অৱস্থা হয়৷
সময়ৰ সোঁত বলি যায়৷ ডালিম পকি সৰি যায়৷ প্ৰমিজ কৰা মতে আকাশৰ তৰাটো ইমানদিনে আনি কিয় দিয়া নাই তাকে লৈ পত্নীৰ পৰা মিহি মিহিকৈ আব্দাৰ অহা আৰম্ভ হৈ যায়৷ “গোটোৱা গোলাপ কলি, সময় থাকোঁতে সখি”— এই জাতীয় মিঠা মিঠা কথাৰ চোক নাইকিয়া হোৱাত প্ৰথমে সৰু-সুৰা চাদৰ, ব্লাউজ জাতীয় উপহাৰেৰে দাবীৰ বান ৰোধিবলৈ চেষ্টা কৰা যায়৷ পিছে সেয়াও নিষ্ফল বুলি সেইদিনাই গম পোৱা যায় যিদিনা বিয়াৰ আগতে ফেইচবুকৰ কুকিং গোটবোৰত বিধে বিধে ৰেচিপি আপলোড কৰি শ শ লাইক, কমেণ্ট গোটোৱা পত্নীৰ আঞ্জাত নিমখ, হালধিৰ অনুপাত বেছি হ’বলৈ ধৰে৷ মাজে মাজে উচ্চ গ্ৰামত কাঁহি-বাতিৰ সাংগীতিক কোলাহলৰ তীক্ষ্ণ হাৰমনিক স্বৰবোৰ চাংমাই শালৰ ফালৰপৰা বতাহত ঢৌ খেলি খেলি আহে৷ “অমুকৰ ঘৈণীয়েকক মিষ্টাৰে তৰাটো আনিম বুলি কৈছিল যদিও এতিয়া জোনটোকে আনিবলৈ অৰ্ডাৰ কৰিব বুলি শুনিছোঁ”— বিগলিত কৰুণা জাহ্নৱী যমুনা দুগালত বোৱাই পতিৰ মন যমুনাত ঢৌ তুলিবলৈ পত্নীয়ে চেষ্টা কৰে৷ এই চেষ্টা বৃথা চেষ্টা নহয়৷ পতিৰ মনত ভাৱনাৰ তৰংগ উঠে৷ কাজেই, শ্বিলং ফুৰি অহা ফটোবোৰ ফেইচবুকত আপলোড কৰি পত্নীয়ে উশাহটো ঘূৰাবলৈ নাপায়েই, লগৰ এজনীয়ে ফিলিং অ’ছাম ৱিথ হাণ্ড্ৰেড আদাৰছ বুলি গোৱালৈ যোৱা ফটোবোৰ আপলোড কৰি দিয়ে৷ তাৰপাছত? তাৰপাছত— বৰষা সঘন গভীৰ ৰাতি৷ সময়ত মথাউৰি নাবান্ধিলে কেনেকৈ ৰোধিব বাৰিষাৰ বান? বানে মৰা কঠীয়াৰ দৰে নিৰুত্তাপ-নিস্তেজ হৈ পতিয়ে ভাবি থাকে৷
দুই-এজন উগ্ৰবাদত বিশ্বাসী পতিয়ে এইখিনিতে মাৰাত্মক ভুলটো কৰি পেলায়৷ ফলাফল অৱধাৰিত—
বৈদ্যুতিন মাধ্যমৰ কাড় চিনডালেৰে সৈতে ৰঙা গোল নতুবা তাতকৈ দুৰ্ভগীয়া কেইজনৰ ৰঙা ঘৰৰ ভাতসাজ৷ নৰমপন্থীকেইজনৰ দুজনমানে চকু-কাণ মুদি গোটোৱাকেইটাও ডি-মনিটাইজেছনত অচল; অত্যুৎসাহীকেইজনৰো মহৎ তালুকদাৰ, ৰাকেশ পালহঁতৰ দৰে অৱস্থা৷ কাজেই মাহৰ মাৰ দেখি তিলে বেত মেলে৷ আমাৰ প্ৰটাগ’নিষ্ট পতি পিছে ইমান উলামূলা নহয়৷ নভবা-নিচিন্তাকৈ কিবা এটা কৰি সেইবোৰ ঝেঙত সোমাৱাৰ কোনো বাসনা নাই তেওঁৰ৷
ঢেৰ কথাই ক’বলৈ মন যায় পতিৰ৷ পিছে উপযাচি বান্দৰ-কেকোৱা গাত কোনে মেলি লয়? বাধাৰ পৰিমাণ বেছি হ’লেই বিপদ— পত্নীৰ মাতৃগৃহ গমন অনুষ্ঠানভাগি উদ্যাপিত হৈ যোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে৷ সহিলেই সম্পদ বুলি গুৰুৱে কোৱা কথাষাৰ মানি ছক্ৰেটিছৰ দৰে ফিল’ছফাৰ হৈ দিয়াই ভাল বুলি পতিয়ে চকু-কাণ মুদি দিয়ে৷ শ্লিপিং ৱিথ দা এনিমি — বিবাহ-অনুষ্ঠানৰ চৰম সত্য— পতিৰ উপলব্ধি হয়৷
পতিৰ প্ৰেছাৰ বাঢ়ি যায়৷ সহ্যৰ লিমিট্টো আৰু আনলিমিটেড নহয়৷
সিদিনা এ.টি.এমত লাইন পাতি আছিল পতি৷ লাইন বুলিলে ভুল হ’ব— ঢলা-শদিয়া দলঙৰ দৰে একাবেকা আছিল শাৰীটো৷ আধা ঘণ্টামান ৰ’দত ঘামি-জামি নখে মাটি লেখা খোজেৰে আগুৱাই এ.চি.ৰ হাৱা খাওঁ খাওঁ হৈছেহে তেনেতে আহিল এজন৷ ডেলিভাৰী কেছ পেলাই থৈ অহা তামাম ব্যস্ত ডাক্তৰৰ দৰে চিধাই লাইনৰ আগত থিয় দিলে, দিলে মানে পইছা উলিয়াবলৈ কাৰ্ডখন ভৰালেই৷ নিৰ্বিকাৰ জনতা মন্ত্ৰমুগ্ধ সাপৰ দৰে মুক হৈ ৰ’ল৷ সহ্যৰ লিমিট পাৰ হৈ যোৱাত টেপেচকৈ পতিয়ে মাত লগালে— বোলো হেৰি, ইমান সময়ে ইয়াত এনেয়ে ঘোঁৰাৰ ঘাঁহ কাটি আছিলোঁ নেকি? আমাৰ ঘৰত কি কাম-বন নাই? আপুনি ক’ৰপৰা পাতাল ফুটি ওলোৱাৰ দৰে ওলালহে? উত্তৰত মোক চিনি পোৱা নাই মই কোন বুলি আগন্তুকে যিটো চাৱনি দিলে তাৰ অৰ্থ হ’ল বেছি উল্টাপুল্টা কৰিলে পতিক ডাক্তৰৰ ওচৰত ডেলিভাৰি দি দিব৷ সেইটোক লগ দিবলৈ —“দাদা, এনি প্ৰব্লেম” বুলি ৰখাই থোৱা ফৰ্চুনাৰখনৰ পৰা আৰু দুটামান নামি আহিলেই৷ কাষৰজনৰ পৰা সেইটোৰ কোষ্ঠীখন পালে পতিয়ে৷ সেইজন বোলে মন্ত্ৰীৰ প্ৰথম নিবেদন, আলাসৰ লাড়ু৷ লাড়ুৰ কিবা হ’লে মন্ত্ৰীয়ে সুদাই এৰিবনে বাৰু?
পতিৰ প্ৰেছাৰ বাঢ়ি যায়৷ সহ্যৰ লিমিটটো আৰু আনলিমিটেড নহয়৷
প্ৰমোশ্যন পাম, পত্নীক ফুৰাবলৈ নিম বুলি ৰাতিক দিন কৰি, অফিছটোকে ঘৰলৈ পাৰিলে উঠাই নিব তেনে হেন কৰি পতিয়ে কৰ্মকে ধৰ্ম বুলি মৰোঁ জীও সোঁ আধি কৰি কামত লাগিছিল৷ পিছে কি হ’ব? পাবলগীয়া প্ৰমোশ্যনটো পালেগৈ নতুনকৈ কামত সোমোৱা, কামৰ নামত বৈদ্য ফাঁকি দিয়া বছৰ এলেকৰ পেলেকজনীয়ে৷ পতিৰ সহ্যৰ বান্ধ চিগি যাওঁ চিগি যাওঁ কৰে, অন্তৰত বিষাদৰ ৰোল উঠে— কিন্তু পাপী পেটৰ জ্বালাত নিবোকা চামোন হৈ দিবলৈ বাধ্য হয় পতি৷
কাজেই— পতিৰ প্ৰেছাৰ বাঢ়ি যায়৷ সহ্যৰ লিমিট্টো আৰু আনলিমিটেড নহয়৷
কিন্তু কিমান দিনলৈ? সহ্যৰ লিমিটটো আৰু আনলিমিটেড নহয়৷ সমিধান লাগে পতিক৷
“When you want something, all the universe conspires in helping you to achieve it”— অৱশেষত বিশ্ব-ব্ৰহ্মাণ্ডই পতিৰ হৈ চক্ৰান্তটো কৰি পেলালে৷ “টিবি” দাক পতিয়ে বিয়া পাতিবৰে পৰা লগ পোৱা নাছিল৷ ঠিক ঠিক, এই মুহূৰ্তত “টিবি”দাই হ’ব Personal Legend ৰ সন্ধানত পতিৰ যাত্ৰাৰ Alchemist জন৷
কাজেই পতি গৈ “টিবি”দাৰ গৃহত প্ৰৱেশ কৰিলে৷ “টিবি” কোনো উলামূলা বশীকৰণ মন্ত্ৰ দিয়া বাবাজী নহয় দেই, টিবি(আচল নামটো কোৱা মানা আছে) আচলতে শিক্ষাই-দীক্ষাই গুণী মানুহ৷ ইঞ্জিনিয়াৰিঙৰ পাছত এম.বি.এ. নামৰ সৰ্বগুণ বিষহৰি(তেখেতৰ নিজৰ ভাষাত) ডিগ্ৰী এটা লগাই লৈ তেখেত বিবাহপাশত আৱদ্ধ হৈছিল৷ বিবাহৰ আগলৈ তেখেতৰ জ্ঞানৰ পূৰ্ণতা প্ৰাপ্তি হোৱা নাছিল হেনো৷ আধৰুৱা জ্ঞানেৰে সংসাৰৰ গাড়ী চলাবলৈ গৈ সৰু-সুৰা দুৰ্ঘটনাত পতিত হ’বলগীয়া হোৱাত অৱশেষত ছক্ৰেটিছৰ দৰে কলা-বোবাৰ ভাও ল’বলগীয়াত পৰিল৷ আৰু এই ছক্ৰেটিছেই টিবিদাক বচালে৷ টিবিদাৰ বুদ্ধত্বপ্ৰাপ্তি ঘটিল— সংসাৰ যাত্ৰাৰ personal legend আৱিষ্কাৰ কৰি তেওঁ নিজেও legend বনি গ’ল৷ ফুল ফুলিলে গোন্ধ ওলাবই৷ এই আৱিষ্কাৰৰ সুগন্ধও বিবাহিত পতিমহলত গোপন কথা তিৰোতামখাৰ মাজত বিয়পি যোৱাৰ দৰে বিয়পি গ’ল৷
— “মনৰ ক্ষোভ মনৰ মাজত হেঁচি টেপি ৰখা ভাল কথা নহয় বাপু, সেইবোৰ কাৰোবাক কোৱা দৰকাৰ৷”
— “কাক কম? কোনে পতিয়াব, যাকে কম সিয়েই লঠিয়াব৷ সকলোৰে একেই অৱস্থা দাদা৷”
— “প্ৰকাশ কৰ৷ ভাৱনাবোৰ প্ৰকাশ কৰি বাহিৰলৈ উলিয়াই দে৷ কিতাপ বনা৷ পইছা নাথাকিলে ফেইচবুকত লিখ৷”
— “কৃষ্ণ! গৌৰী লংকেশৰ দৰে আওমৰণে মাৰিব খুজিছে?”
হুম্ বুলি টিবিদা কিছুপৰ মৌন হৈ ৰ’ল৷ অৰ্ধ নিমীলিত দুনয়ন স্থিৰ হৈ ৰ’ল বেৰৰ জেঠী এটাৰ পৰা প্ৰাণ বচাব খোজা অসহায় পতংগ এটাৰ আপ্ৰাণ চেষ্টাত৷
তেনেতে বৌ আহিল, চাহ একাপ হাতত লৈ৷
— “হোৱা, এইকাপ ডিঙিত ঢালি লোৱা৷ অণ্ঠকণ্ঠ চাগৈ শুকাই গৈছে তোমাৰ।”
কিছুসময় চাহ-বিৰতিৰ পাছত টিবিদাৰ মৌনতা ভংগ হ’ল৷ সন্ধিয়াটোৰ মৌন কোলাহলৰ অন্ত পেলাই টিবিদাৰ কণ্ঠৰে নিগৰিত হ’ল অমোঘ মন্ত্ৰফাঁকি— ক্ষোভ প্ৰকাশৰ অমোঘ অস্ত্ৰ সেইপাট৷
— “পি.আই.এল.৷ য়েছ, ডেট্জ দা অন্লি ৱে৷ কোনোবাই তোক কিবা কৈছে, তই ওলোটাই জবাব দিব পৰা নাই— কোনো কথা নাই পি.আই.এল.ৰ সহায় লৈ ল’৷ বছক কুকুৰে কাঁইট নোখোৱা কৰিবৰ মন গৈছে পি.আই.এল.৷ মানুহজনীৰ চৌধ্য গোষ্ঠীক কিবা কোৱাৰ বাসনা জাগিছে—পি.আই.এল.৷ মন্ত্ৰীক গালি পাৰিবৰ মন—পি.আই.এল.৷ মুঠতে পি.আই.এল. হ’ল সৰ্বগুণ বিষহৰি৷ নিস্পেষিতৰ প্ৰতিবাদৰ হাত, বাকহীনৰ মুখৰ মাত, বস্ত্ৰহীনৰ বস্ত্ৰ, ক্ষোভিতৰ ক্ষোভ নিৰ্বাপনৰ নিৰাপদ অস্ত্ৰ৷”
— “কি যে কয় টিবি দাই৷ মই এতিয়া এইবোৰ কথাৰ বাবে আদালতৰ দুৱাৰ খটখটামগৈ? কিমান কোটি গোচৰ বিনাবিচাৰে পৰি আছে আপুনি বাৰু জানিও নজনাৰ ভাও কিয় ধৰে টিবিদা?”
— “ধুইৎ…. তোক কোনে আদালতৰ কথা কৈছে? পি.আই.এল. মানে কি তই জানো জান?”
— “কিয় নাজানিম, মানে কোনে নাজানে? পি.আই.এল. মানে public interest litigation অৰ্থাৎ চিৰচেনেহীত ক’বলৈ হ’লে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন”
— “তোৰ মুণ্ড….৷ পি.আই.এল. মানে হৈছে পয়েটিক ইণ্ডিপেণ্ডেন্স লাইচেন্স৷ কবিতা পঢ়িছনে কেতিয়াবা? কিবা বুজি পাৱ?”
— “নেপাওঁ দাদা৷ আপুনি পায় নেকি?”
— “ময়ো নেপাওঁ ৰ’৷ এইটো তই মই বুজা-নুবুজাৰ কথা নহয় নহয়৷ আনে বুজা-নুবুজাৰ কথাহে৷ আৰু কবিতা যিমানে নুবুজা টাইপৰ হয়, সিমানে তাৰ কোৱালিটি ভাল হয়৷”
— “নুবুজা বস্তুৰ কোৱালিটি আকৌ কেনেকৈ ভাল হ’বনো?”
— “সেইটোৱেই আচল কথা৷ নুবুজাৰ মাজত থকা ‘ইয়ে’টোৱেই হ’ল আচল বস্তু৷ ইয়েই ঔম, ইয়েই ব্যোম— অথবা ক’ব পাৰ ইয়েই ব’ম৷ এই ‘ইয়ে’টোৱেই তোৰ জেলত নোসোমোৱাৰ গেৰাণ্টি৷ কোনোবাই তোৰ ওপৰত মান-হানিৰ গোচৰ এটা তৰি দিছে— কোনো কথা নাই, এই ‘ইয়ে’টোতে শিয়াল বাগি মাৰি মই এইটো বুজোৱাই নাছিলোঁ বুলি কৈ সাৰিব পাৰিবি৷”
— “নুবুজিলোঁ নহয় দাদা৷ প্ৰসংগ সংগতি দি কওকনা৷”
— “ঠিক আছে বাৰু, মন দি শুন৷ মাজতে টেপেচকৈ মাতি ৰসভংগ নকৰিবি কিন্তু৷ ক্লাছত টোপনিয়াই থকা বুলি তোৰ বদনাম এটা আগৰে পৰা আছে৷”
“ইমানদিনে কি বুলি ভাবি আছিলি— যে All animals are equal— নহয় জানো? শুন, আচল কথা এইটো নহয়৷ আচল কথাটো হ’ল— All animals are equal, but some animals are more equal than others.
এইষাৰেই হৈছে আচল কথা, অলিখিত সত্য৷ বিয়াৰ পাছৰ সমমৰ্যাদা দিয়া পত্নী তোৰ সমান নহয় বাছা— ছি ইজ ম’ৰ ইকুৱেল ডেন য়ু৷ সংবিধানে সকলোকে সমানাধিকাৰ দিছে, পিছে চাম পিপ’ল আৰ ম’ৰ ইকুৱেল ডেন য়ু৷ এতিয়া এইসকলৰ প্ৰতি ক্ষোভ উজাৰিবলৈ তই কবিতাক ব্যৱহাৰ কৰিব লাগিব৷ কিন্তু কেনেকৈ— এটা ডেম’ দিছোঁ শুন”—
— “ধৰি ল’ তোৰ বছক গালি পাৰিবলৈ মন গৈছে, গালিটো পোনে পোনে পাৰিলে তোৰ ফালে তেনেই টেকেলি কাতি৷ সেইবাবে পি.আই.এল. ব্যৱহাৰ কৰি কবিতাৰ মাধ্যমেৰে কৈ দে গালিবোৰ”—
“ঘড়ীৰ কাটাৰ সময়বোৰ বান্ধি ৰাখিলোঁ
সুন্দৰী ৰমণীৰ মায়াৱী ছাঁয়াৰ মায়াত
বন্দী কোন উঁৱলি যোৱা বৃদ্ধ
ৰুদ্ধ মোৰ উৰ্ধগামী যাত্ৰা”
— “এইটো কিবা বুজিলিনে? নাই বুজা যদি শুন, এইটো পৰোক্ষভাৱে তোৰ বছক গালি দিছোঁ৷ ‘ঘড়ীৰ কাটাৰ সময়বোৰ বান্ধি ৰাখিলোঁ’— অৰ্থাৎ তোৰ কষ্টৰ কথা বুজাইছোঁ৷ উৰ্ধগামী যাত্ৰা মানে তোৰ প্ৰমোশ্যনৰ কথা কৈছোঁ৷ বছক মই উঁৱলি যোৱা বৃদ্ধ বুলি কৈছোঁ, মন গ’লে তাতকৈ বেলেগ মেটাফ’ৰ দিব পাৰ, দৰকাৰ পৰিলে ধোৱাবৰণীয়া বা ছাইবৰণীয়া, বা হালধীয়া এইজাতীয় কালাৰ দুটামানো লগাই দিব পাৰিবি, বাধা নাই৷ পি.আই.এল. বুজিছ পি.আই.এল.— অবাধ স্বাধীনতা আছে বাবেই কবিৰ যাত্ৰা ভূমাৰ পৰা ভূমালৈ, পাকঘৰৰ বজাৰৰ লিষ্টৰ পৰা ৰুবী গুপ্তাৰ অন্তৰ্বাসলৈ৷ সেইদৰে কাৰোবাক ভালপোৱাৰ কথা শুনাবলৈ মন গৈছে— পি.আই.এল., অশ্লীল কথা শ্লীল উপায়েৰে নাৰীৰ কাণত পেলাবৰ মন— পি.আই.এল.— কোৱাও হ’ল, গালিও নাখালি; বৰঞ্চ সাহিত্য কৰিছ বুলি বাঃ বাঃ পালি৷ ”
— “বুজিলি এতিয়া৷ ”
— “দাদা, মানুহজনীক কেনেকৈ কবিতাৰে গালি দিম কওকচোন৷ ”
ইফালে-সিফালে চাই টিবিদাই চকু পকাই ধৰিলে— “চব কথা কি ময়েই ক’ম নেকি?”
সাহিত্যৰ পৃথিৱীত কবিৰ সংখ্যা কিয় ইমান বেছি পতিয়ে এতিয়াহে বুজি পোৱা যেন লাগিল৷ পৰিপূৰ্ণ মনেৰে ঘৰমুৱা পখী হৈ পতিয়ে মন বান্ধিলে আজিৰ পৰা তেৱোঁ কবিতা লেখিব৷
(সকলো কবি বন্ধুলৈ ক্ষমা প্ৰাৰ্থনাৰে)