পি কে – ভগৱানৰ অস্তিত্বৰ সন্ধান (দীপাংকৰমল্ল বৰুৱা)

পি কে – ভগৱানৰ অস্তিত্বৰ সন্ধান: দীপাংকৰমল্ল বৰুৱা

Dipankar Malla Baruah

অন্য গ্ৰহৰ পৰা যদি হঠাতে এজন অতিথি আহি এই পৃথিৱীত নামেহি, তেওঁৰ ধৰ্ম কি হ’ব বাৰু? শিশু এটা জন্ম হোৱাৰ পিছত শিশুটো কোন ধৰ্মৰ হ’ব, ক’ৰবাত ষ্টাম্প মৰা থাকে নেকি? নিজৰ মনোকামনা পূৰণ কৰিবলৈ কেইজন ভগৱানক সন্তুষ্ট কৰিব লাগিব? মানুহক সৃষ্টি কৰা ভগৱান আৰু মানুহে সৃষ্টি কৰা ভগৱানৰ পাৰ্থক্য কি? এইবোৰ মৌলিক প্ৰশ্নৰ অৱতাৰনা কৰি হাস্য ব্যংগৰ মাজেৰে সমাজক এটা প্ৰয়োজনীয় বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে সদ্য মুক্তিপ্ৰাপ্ত ৰাজকুমাৰ হিৰাণীৰ অগতানুগতিক ছবি ‘পিকে’ত। অন্য গ্ৰহৰ পৰা অহা এজন মানুহ ‘পি.কে.’ৰ ৰূপত আমিৰ খানে দুৰ্দান্ত অভিনয় কৰা ছবিখনে নি:সন্দেহে ধৰ্ম, ধৰ্মবিশ্বাস আৰু ভগৱানৰ বিষয়ে মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। ধৰ্ম আৰু ভগৱানৰ প্ৰভাৱৰ বিষয়ে সমগ্ৰ বিশ্বজুৰি তোলপাৰ লাগি থকা সময়ত এই ছবিখন নি:সন্দেহে এখন ভাবোদ্দীপক, বাৰ্তাবাহক ছবিৰূপে পৰিণত হ’ব।

এজন মানুহে যেতিয়া শিশুৰ ৰূপত এই পৃথিৱীত জন্ম লয়, তেতিয়া তেওঁৰ শৰীৰত কোনো মোহৰ মৰা নাথাকে তেওঁ কি ধৰ্ম পালন কৰিব বা কোনজন ভগৱানক বিশ্বাস কৰিব। সেইদৰে যদি অন্য গ্ৰহৰ মানুহ এজন কেনেবাকৈ পৃথিৱীলৈ আহে, তেওঁ কি ধৰ্মৰ হ’ব, তেওঁ কি নাম ল’ব সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিব। কিন্তু ডাঙৰ হোৱাৰ লগে লগে শিশু এটাৰ মনত ভগৱানৰ কথা সুমুৱাই দিয়া হয়, তেওঁক ভাবিবলৈ বাধ্য কৰোৱা হয় যে ভগৱানৰ কৃপাতে সকলো কথা কাণ্ড সংঘটিত হয়। ভগৱানক সন্তুষ্ট কৰা কামতে সকলো ব্যস্ত হৈ পৰে।

মানুহৰ মনত অপায় অমংগল, ৰোগ-পীড়া আৰু মৃত্যুৰ প্ৰতি থকা স্বাভাৱিক ভয়ে মানুহক ভগৱানৰ শৰণাপন্ন কৰে। মানুহৰ মনে ঢুকি নোপোৱা যিকোনো সমস্যাৰ সমাধানৰ বাবে মানুহে ভগৱানৰ ওচৰ চাপে। নিজে কৰিব নোৱাৰা যিকোনো কথাকে ‘ভগৱানেহে জানে’ বুলি কৈ মানুহে আত্ম সন্তুষ্টি লাভ কৰে। কিন্তু এইখিনিতে প্ৰশ্ন আহে মানুহে প্ৰকৃততে কোনজন ভগৱানৰ ওচৰ চাপে? বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সৰ্ব শক্তিমান ভগৱান নে আন কিছুমান মানুহে নিজৰ সুবিধা অনুসৰি সৃষ্টি কৰি লোৱা ভগৱান?

পিকে ছবিখনত সাধাৰণ মানুহে মানৱসৃষ্ট ভগৱান বা তপস্বীৰ ওচৰ চপাটো ৰং নম্বৰ বুলি কোৱা হৈছে। মানুহে নিজৰ সুবিধা অনুযায়ী, নিজৰ বিশ্বাস অনুসৰি নিজৰ নিজৰ ভগৱানৰ সৃষ্টি কৰি লয়, সেই অনুযায়ী বেশ-ভূষা, আচাৰ ব্যৱহাৰ নিৰ্ণয় কৰি লয়। অতি ব্যংগ ভাৱে দেখুওৱা হৈছে যে বগা কাপোৰ যদি কোনো ধৰ্মৰ বাবে বৈধব্যৰ পৰিচায়ক, আন কোনোবা ধৰ্মৰ বাবে সেয়া বিয়াৰ সাজ। কোনোবা ধৰ্মত যদি মানুহ মৰিলে ক’লা কাপোৰ পিন্ধে, আন কোনোবা ধৰ্মত ক’লা ৰঙৰ পোচাক নিয়মীয়াকৈ পিন্ধে। সেইদৰে দেখুওৱা হৈছে কোনোবা ধৰ্মত মাটিত লুটিবাগৰ মাৰি ভগৱানৰ ওচৰ চাপিব পাৰি বুলি বিশ্বাস কৰা হয়, আৰু আন কোনোবা ধৰ্মত ছোৱালীয়ে শিক্ষা লোৱাটো ধৰ্মৰ পৰিপন্থী বুলি ভবা হয়। পিকেৰ মতে এই সকলোবোৰেই হ’ল ৰং নম্বৰ। মানুহক সৃষ্টি কৰা প্ৰকৃত ভগৱানে কেতিয়াও এইবোৰ নিয়ম সৃষ্টি কৰা নাই। সৃষ্টিকৰ্তা পিতৃ স্বৰূপ ভগৱানে কেতিয়াও তেওঁৰ সন্তানক কষ্ট দি নিজে সন্তুষ্ট হ’বলৈ নিবিচাৰে। ধৰ্মৰ নামত চলি থকা এই আটাইবোৰ ভেকো-ভাওনাই আচলতে ধৰ্মৰ দালাল বা ব্যৱসায়ীসকলৰ স্বাৰ্থহে পূৰণ কৰে। সাধাৰণ মানুহক আভুৱা ভাৰি, হাতৰ কাৰচাজিৰে যাদুৰ দৰে কলা-কুশলতা প্ৰদৰ্শন কৰি এই ধৰ্মৰ ব্যৱসায়ীহঁতে ধৰ্মৰ নামত মানুহক বিভ্ৰান্ত কৰি আহিছে, মানুহৰ মনত বিভাজনৰ বীজ সিঁচি আহিছে। তেওঁলোকৰ বাবে ভগৱান এক পণ্য সামগ্ৰী, ধৰ্ম হ’ল একোখন দোকান।

পিকে নামৰ চৰিত্ৰটোৰ জৰিয়তে ছবি খনত আমাৰ ধৰ্মকেন্দ্ৰিক সমাজখনক অন্য দৃষ্টিৰে চাবলৈ প্ৰয়াস কৰা হৈছে। এজন মানুহে ধৰ্মৰ সুবিধা গ্ৰহণ কৰি নিজৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ যোগাৰ কৰিব পাৰে। ধৰ্মীয় দেৱ-দেৱীৰ ছবি ব্যৱহাৰ কৰি মাৰ-কিল খোৱাৰ পৰা বাচি থাকিব পাৰে। ধৰ্মীয় নিয়ম-নীতি, বিধানসমূহ কোনো প্ৰশ্ন নকৰাকৈ মানুহে গ্ৰহণ কৰে। এই নীতি নিয়ম সমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলেই ধৰ্মৰ ৰক্ষাকৰ্তা সকল খড়্গহস্ত হৈ পৰে। যুক্তিৰ তুলাচনীত ধৰ্মক ফঁহিয়াই চোৱাটোকে অপৰাধ বুলি গণ্য কৰা হয়। আটাইতকৈ আমোদজনক কথা হ’ল এই ধৰ্মৰ দালালসকলেই ভগৱানক ৰক্ষণাবেক্ষণ দিয়াৰ কথা গৌৰৱেৰে ঘোষণা কৰে। যিজন সৃষ্টিকৰ্তা ভগৱানে সকলোকে লালন-পালন কৰি সুৰক্ষা দি আছে, সেইজন ভগৱানকে সুৰক্ষা বা ৰক্ষণাবেক্ষণ দিয়াটো সঁচাকৈয়ে হাস্যাস্পদ কথা।

ছবিখনে মানুহৰ ধৰ্মীয় চেতনাক আঘাট কৰা বুলিও অভিযোগ আহিছে। আমাৰ দেশৰ শিক্ষা-দীক্ষাত পিছপৰা জনসাধাৰণৰ বাবে ধৰ্ম জীৱনৰ আধাৰস্বৰূপ। সেয়েহে ধৰ্ম-বিশ্বাসৰ কেৰোণসমূহ উদঙাই দেখুওৱাটো এচাম মানুহে সমৰ্থন নকৰাটোৱেই স্বাভাৱিক। কিন্তু আজিৰ সময়ত ধৰ্মীয় বিশ্বাস আৰু ধৰ্মীয় গুৰুসকলৰ শিকনিকো যে যুক্তিৰে বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে সেইকথা ছবিখনত ষ্পষ্টকৈ বুজাই দিয়া হৈছে। ছবিখনত মানৱ ধৰ্মই যে শ্ৰেষ্ঠ ধৰ্ম সেই কথাও প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে। ছবিখনৰ এটা দৃশ্যত এজন বৃদ্ধই তেওঁৰ পত্নীক এসাজ ভালদৰে খুৱাবলৈ দামী হোটেল এখনলৈ আহি পইচা কম হোৱাত মিছা কথা কৈ মানুহৰ পৰা সহায় বিচাৰিছিল। মানুহজনে মিছা কথা কোৱা বুলি গম পায়ো পিকেই তেওঁক জেপৰ পইচা দি সহায় কৰিছিল। কাৰণ সেই পইচা কেইটাই মানুহজনক তেওঁৰ পত্নীৰ সৈতে এটা বহু আকাংক্ষিত সুন্দৰ সন্ধিয়া কটাবলৈ সহায় কৰিছিল। সেইদৰে ছবিখনৰ নায়িকা জগত জননীয়ে পাকিস্তানী যুৱক ছৰফৰাজৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰ কৰি ধৰ্মীয় বাধা-বিঘিনি নেওঁচি প্ৰেমৰ জয়গান গোৱাটো প্ৰদৰ্শিত হৈছে।

হাস্য ৰসৰ মাজেদি এটা গুৰুত্বপূৰ্ণ বিষয় দৰ্শকৰ মাজলৈ লৈ অহা বাবে ছবিখনৰ প্ৰযোজক-পৰিচালক নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। আজিৰ সময়ৰ বেছিভাগ মনোৰঞ্জনধৰ্মী ছবিৰ মাজত পিকে নিশ্চয়কৈ এক ব্যতিক্ৰম।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
pankaj bori
7 years ago

very nice sir