পৃথিৱীৰ অসুখ – বিশাল ৰয়
দুখৰ জোলোঙাত চিৰলা চিৰলি হুমুনিয়াহ
পিয়াহত শুকাই যায় বৰষুণৰ বুকু
কাঁচিজোনটো গাভৰু হ’বলৈ
এতিয়াও বহু দূৰ বাকী
নিশাহত এঙাৰ হৈ উৰি যায় সপোনৰ শৱদেহ
ৰাতিৰ আকাশত নিচুকনি তৰাৰ হাঁহিত
এতিয়া মৌনতাৰ আঁচোৰ
শুই পৰা পৃথিৱীৰ বাটেৰে সোমাই আহে
মৰুভূমিৰ পশ্চিমীয়া বতাহ
কেঁচুৱাৰ ভোকাতুৰ ক্ৰন্দনত
নিয়ন লাইটবোৰ জ্বলি উঠে
ব্যস্ত হৈ পৰে চহৰ, ব্যস্ত হৈ পৰে মানুহ
কংক্ৰিটৰ হৃদয়বোৰত অমাৱস্যা গজে।