পৃথিৱীৰ আটাইতকৈ কৰুণ ছোৱালীজনী (টুনুজ্যোতি গগৈ)

দুচকুত ইমান ডাৱৰ সানি
তুমি কেনেকৈ জীয়াই আছা অ’ নদীৰ নন্দিনী
দুখৰ ধুমুহাত আউল-বাউল তোমাৰ চুলি
ডেউকা ভগা চৰাইৰ বিননিৰ দৰেই তোমাৰ মাত
তুমি কি পৃথিৱীৰ আটাইতকৈ কৰুণ ছোৱালীজনী
অশ্ৰুকণা তোমাৰ পোছাকী নাম
অশ্ৰু বুকু ভাঙি আকউ এবাৰ কান্দো আহাঁ
আকউ এবাৰ বোৱাও চকুলোৰ নিজৰা
তোমাৰ প্ৰেমত পৰিব খোজা
ময়ো যে পৃথিৱীৰ আটাইতকৈ কৰুণ মানুহজন…
(পূৰ্ব প্ৰকাশ: মায়া। ৰচনা : জানুৱাৰী, ২০০৫)
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!