পেট্র’মাক্স (সুৰজিত নেওগ)

পেট্রমাক্স

সুৰজিত নেওগ

পেট্র’মাক্স . . . মনত পৰেনে আপোনাসৱৰ? কেৰাচিন তেলেৰে জ্বলোৱা এটা উজ্জল পোহৰৰ উৎস। আজি পুৱা চাহ জলপান খাই থাকোঁতে Discovery Sc চেনেলত এই পেট্র’মাক্সটোৰ বিষয়ে কিছু কথা জানিব পাৰিলোঁ, বিশেষকৈ ইয়াৰ ফিলামেন্ট ডালৰ বিষয়ে।

এটা সময় আছিল (আজিৰ পৰা ১৫ বছৰ মান আগলৈকে কিজানি), যেতিয়া নিশা হোৱা কোনো অনুষ্ঠান যেনে বিয়া, সবাহ, ভাওনা, ৰাস আনকি ঘৰুৱা যিকোনো মাংগলিক অনুষ্ঠান, য’ত পেট্র’মাক্স নথকাতো অকল্পনীয় আছিল। ইয়াৰ প্রয়োজনীয়তা ইমান বেছি যে যেতিয়াই এনে কিবা অনুষ্ঠান  আয়োজন কৰা হৈছিল, তেতিয়াই গৃহস্থ বা উদ্দ্যোক্তাৰ প্রথম আৰু প্রধান কাম আছিল প্র্য়োজন অনুসাৰে পেট্র’মাক্স কেইটাৰ (এটামান এক্সট্রা !!) বন্দোৱস্ত কৰা। তেতিয়াৰ দিনত টেন্ট হাউচৰ প্রচলন নাছিল বুলিবই পাৰি আৰু সেয়ে এনেধৰনৰ পেট্র’মাক্স বোৰ কোনোবা নিতাই চাইকেল দোকানী বা খানৰ দোকানত ভাড়াত পোৱা গৈছিল।

.. চঁ’ চঁ’ কৰি শব্দ কৰি থকা এই উজ্বল পোহৰৰ উৎসটো যেতিয়াই অলপ দুৰ্বল হৈ যায় তেতিয়াই অলপ পাম্প কৰি দিলে পুনৰ দুগুণ উজ্জল’তাৰে জ্বলি উঠে। আমি সৰু থাকোঁতে এনে সময়ত কোনে পাম্প দিব সেই লৈ আমাৰ মাজত প্রায়ে উখনা-উখনি হৈছিল, কাৰণ পাম্প দিব পৰাটো (মানে জনাতো) সেই সময়্ত আটাইতকৈ গৌৰৱৰ কামবোৰৰ এটা আছিল যে …। এবাৰ পাম্প দি অহাৰ পিছত বুকুখন বহুসময়লৈকে, কেতিয়াবা গোটেই অনুষ্ঠানটোৰ শেষ পৰ্য্যন্ত যথেষ্ঠ ফুলি থকা যেন অনুভৱ হৈছিল!!

আজি বহু বছৰ, কিজানি যুগেই হ’ল, এই পেট্র’মাক্স দেখা নাই। কেতিয়াও মনতো পৰা নাছিল। আজি হঠাৎ টিভিত দেখিহে বুজি পালো কেনেকৈ ই কাম কৰে … ইয়াৰ ফিলামেন্টডাল আচলতে নজ্বলে, বহু কিবা কিবি ৰাসায়নিক বিক্ৰিয়াৰ ফলত ১৪০ ডিগ্রি চেন্টিগ্রেড মানলৈ গৰম হৈ অতি উজ্জল পোহৰ কণিকা কিছুমানৰ সৃষ্টি কৰে আৰু আমাক প্র্য়োজনীয় পোহৰ যোগান ধৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!