পেটৰ অসুখৰ আনন্দ (বিক্ৰমজিৎ কাকতি)

শনিবাৰৰ আবেলি :
আব্বে! আৰু একপ্লেট pork fry অৰ্ডাৰ দে …., মানে খাইছোঁ আৰু খাইছোঁ …… ইঞ্জিনিয়াৰিং কলেজৰ সহপাঠীসকলক বহুদিনৰ পাছত লগ পাই লগে ভাগে এসাঁজ দবাইছোঁ।

দেওবাৰ (আজি, ইঞ্জিনিয়াৰ্ছ ডে’):
ৰাতিপুৱা। ডুম-ডাম, ডুওওম-ডাম-ডাম। মাৰ স্বগোক্তি- আজি বেটেলিয়ান কেম্পত ফায়াৰিং practice চলিছে ( ঘৰৰ ওচৰত এটা কেম্প আছে)।
মোৰ পত্নীৰ উত্তৰ: নাই এওঁ বাথৰুমলৈ গৈছে। ৰাতি পাৰ্টি খাই আহি এতিয়া পেটৰ অসুখ।

ৰাতিপুৱাই বাথৰুমৰ কাষৰ টেবুলখনতে কম্পিউটাৰটো লৈ ফে’চবুকত ফেচাবলৈ লাগি গ’লোঁ।

চকু-চৰহা সকলে সুধিব বাথৰুমৰ কাষত কিয় ?

কিয়নো বৰ্তমান মোৰ LIKE to Run ratio 10 is to 1 , (অলপ টেকনিকেল কথা)।

মানে ফেচবুকত দহবাৰ লাইক মৰাৰ পাচত এবাৰ ট‌য়লেটলৈ দৌৰ মাৰিছোঁ , গতিকে মই বাথৰুমৰ কাষত নাথাকি কি পাকঘৰত থাকিম?

মোৰ পেটৰ অসুখৰ খবৰটো বিয়পাৰ লগে লগে সকলোৰ মনত আনন্দ উথলি উঠিল।

মা সাউত কৰে মোৰ ওচৰ পালেহি আৰু ক’লে : “তোৰ অৱস্থা ভাল নহয়। গতিকে তই আজি ঘৰতে থাকিবি, মই গাড়ীখন লৈ পেহীয়েৰৰ ঘৰৰ পৰা আহিম।” মানে মাক আজি কোনে পায়, কালি মই ভৰোৱা তেলখিনি মানে আজি শেষ কৰিব , তথাপিও মই ক’লোঁ বাৰু, মা আনন্দ মনে ৰুমৰ পৰা ওলাই গ’ল।

তাৰ পাচত ৰুমলৈ প্ৰৱেশ পুত্ৰৰ- “দেউতা, তুমিতো আজি ক’লৈকো নোযোৱা গতিকে তোমাৰ ম’বাইলটো দিবাচোন। গে’ম দুটামান খেলিম”।

নিদিওঁ বুলি কৈ মৰিলেহে হ’ব। গতিকে ক’লোঁ- “হ’বদে বাৰু”।

অনুমতি পাই আনন্দ মনেৰে পুত্ৰৰ প্ৰস্থান।

এইবাৰ হাইকমাণ্ড, মানে পত্নী আহিল- “হেৰা, এই পেটৰ অসুখ হৈ থকা অৱস্থাতনো তুমি বাৰু ফে’চবুক কৰিব লাগেনে? তুমি যিহে আৰু, পাৰিলে পেটৰ অসুখ বুলিও আপডে’ট এটা দিবা চাগে। সেই ষ্টেটাছ আপডে’টত কোনোবাই ‘ৱাও’ ‘এমেজিং’ বুলি কমেণ্ট দিব”।

শুনা, মই বেলেগ এটা কথাৰ কাৰণে আহিছিলোঁ। আজিতো তুমি বাহিৰলৈ মিটিং-মাটাং গাবলৈ যাব নোৱাৰা। গতিকে ঘৰত থাকিবা আৰু ল’ৰা ৰখিবা।  মই লগৰ দুজনীৰ লগত চিনেমা এখন চাই আহিমগৈ আৰু কাচকল সিদ্ধৰ সৈতে ভাত ৰান্ধিবলৈ মই বাইক কৈ থৈ যাম। তাকে খাবা।

“বাৰু” বুলি মই ক’লোঁ। হাইকমাণ্ডৰ অৰ্ডাৰৰ ওপৰত আজিলৈকে মই মাত মতা নাই (পৰিবাৰিক শান্তি বজাই ৰখাৰ ই এক চাবিকাঠি)।

পত্নী আনন্দ মনেৰে ৰুমৰ পৰা ওলাই গ’ল।

মই ভাবিলোঁ, ঘৰখনৰ চাৰিজন সদস্যৰ তিনিজনেই মোৰ পেটৰ অসুখৰ বাবে আনন্দ পাইছে, মই নিজেনো নাপাওঁ কিয়? আনন্দ পাবলৈ কাৰণ এটাতো থাকিব লাগিব….কাৰণটো কি হ’ব পাৰে!!! কি হ’ব পাৰে!!!!

ইউৰেকা! পাই গ’লোঁ, কাৰণটো অলপ টেকনিকেল…মানে এফিচিয়েন্সি সম্পৰ্কীয়।

ৰাইজক অলপ বিতংকৈ বুজাইছোঁ। এটা যন্ত্ৰত input আৰু output বোলা দুটা ষ্টেজ থাকে। মানে ধৰক আপুনি ধান খুন্দা মিলত ধান খুন্দিছে, ধান হ’ল input আৰু চাউল খিনি হ’ল output। আকৌ ইঞ্জিনিয়াৰিঙৰ সূত্ৰ মতে output কেতিয়াও inputত কৈ বেছি বা সমান হ’ব নোৱাৰে। মানে ৫ কিলো ধানৰ পৰা আপুনি ৫ কিলো বা তাতকৈ বেছি চাউল নাপায়, কমকৈ পাব। input আৰু outputৰ অনুপাতক এফিচিয়েন্সি বোলে আৰু ইয়াক %ত প্ৰকাশ কৰা হয়। একোটা যন্ত্ৰৰ এফিচিয়েন্সি যিমানে বেছি হয় সিমানেই যন্ত্ৰটো ভাল হয়, কিন্তু ইঞ্জিনিয়াৰিং শাস্ত্ৰৰ মতে এই এফিচিয়েন্সি কেতিয়াও ১০০% হ’ব নোৱাৰে।

ৰাতিপুৱা ২টা বিস্কুট খাইছিলোঁ আৰু একোকে খাব পৰা নাই। ইতিমধ্যে ৭ বাৰ মান টয়লেট অহাযোৱা কৰিছোঁ। মানে পেটত ইনপুট যিমান হৈছে (খাইছোঁ যিমান) আউতপুট তাতকৈ বেছি হৈছে, মানে মোৰ পেট নামৰ বায়ল’জিকেল যন্ত্ৰটোৰ এফিচিয়েন্সি ১০০% কৈ বেছি হৈছে… ইয়া খোদা! কি আজব কাণ্ড! ইঞ্জিনিয়াৰিং শাস্ত্ৰৰ মতে যিটো অসম্ভৱ সেইটো biologically সম্ভৱ, ইউৰেকা ইউৰেকা ইউৰেকা।

ৰাইজ এতিয়াৰ পৰা পেট বেয়া বুলি ভুলকৈ নক’ব, ক’ব যে মোৰ পেটৰ কাৰ্যদক্ষতা বৃদ্ধি পাইছে। থিংক পজিটিভ।
ঘৰৰ বাকী সদস্যৰ লগতে মোৰো মনটো আনন্দৰে উপচি পৰিল।

ইচ খুছি মে আৰু এবাৰ বাথৰুমলৈ দৌৰ মাৰিলো ……..

ডুঁম-ডাঁম, দুওওম-ডাম-ডাম ……..
দুম – দাম-দাম……
থিচিঁও …….

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Labajit Borah
9 years ago

ৱাহ ৱাহ থিচিঁও থিচিঁও ফৰ ফৰ ফেৰেক

Copying is Prohibited!