“পেডেল মাৰি মাৰি…” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)
চিনাকী এগৰাকীৰ দুবছৰীয়া ছোৱালীজনীয়ে বাবুৰ এই ‘পেডেল মাৰি মাৰি’ গানটো গাড়ীত গৈ থাকোতে নবজালে চিঞৰ-বাখৰ লগায়। তেওঁলোকৰ গাড়ীত ক’ৰবালৈ গ’লে এই গানটো শুনিবলৈ সুবিধা পাওঁ। গানটো শুনাৰ পিছত এতিয়াৰ চাইকেল চলোৱাসকলৰ অৱচেতন মনবোৰে যে গানটো এবাৰ হ’লেও গুণগুণাব সেয়া নিশ্চিত, যেনেদৰে আমাৰ খুৰা-মহাহঁতে তেওঁলোকৰ সময়ত চাইকেলখনত উঠি গাইছিল ‘মন হীৰা দৈ, চাইকেল নহয় টিলিঙা….’। দুয়োটা শুনিলেই শৈশৱ-কৈশোৰৰ সীমাহীন স্মৃতিয়ে মনটোক আমনি কৰে।
চাইকেল আৰু প্ৰেম – দুয়োটাৰে কি যে এক সম্বন্ধ আছিল আগতে! প্ৰাইমেৰীত পঢ়ি থাকোতে ওচৰৰে কলেজৰ বহুতো ডেকা-গাভৰুক যুৰীয়াকৈ আমাৰ স্কুলৰ কাষৰ লুঙলুঙীয়া বাটটোৰে খোজ কাঢ়ি গৈ থকা দেখিছিলোঁ। তেওঁলোকৰ গতিবেগ আছিল মিনিটত এক মিটাৰ। মুখত মিঠা কথা, চকুত অলেখ কল্পনা, এখন হাত পকেটত আৰু এখন হাতেৰে এডাল হেণ্ডেলত ধৰি চাইকেলখন সেই গতিত একেবাৰে চিধাকৈ ঠেলি লৈ যাব পৰাটোও এটা কলা বা আৰ্ট বুলিয়েই ক’ব লাগিব।
হাইস্কুলৰ ওপৰ ক্লাছত থাকোতে আমাৰ লগৰ বহুতৰে জিৰণিৰ সময়ত ছোৱালী হাইস্কুলৰ সন্মুখেৰে এপাক চাইকেল চলাই যোৱাটো নিয়ম আছিল। যিসকলে মনে মিলাজনীক এক্ষন্তেকৰ বাবে হ’লেও চাবলৈ ব্যাকুল হৈছিল, সেইসকলে সদায় আগফালে বহিছিল। চাইকেল চলাইছিল ‘এবাৰ দেখিলে চিংৰা খুৱাব লাগিব কিন্তু’ বুলি কোৱা কেইজনমানে ; যিসকল ছোৱালী হাইস্কুলৰ গে’ট পোৱাৰ কিছু আগৰে পৰা চাইকেলৰ স্পীড ভাবিব নোৱাৰা ধৰণে কম কৰাত সিদ্ধহস্ত আছিল।
এবাৰ আমাৰ স্কুলৰ হে’ডছাৰে দেখি তেনেকুৱা এগালমানক মাতি আনি ক’লে- ‘যিকেইটা আগত বহে সেইকেইটা ধুৰন্ধৰ আৰু তহঁত হ’লি বুৰ্বক। সিহঁতকনো কিয় উঠাই ঘূৰি ফুৰ? এনেকৈ ‘কেৰি’ কৰি থাকোতে একো এটা কৰিব নোৱাৰি পিছত জীৱনৰ ‘কেৰিয়াৰ’ত বান্ধি ঘূৰাই ফুৰাব লাগিব দুখৰ বোজা।’
ছোৱালীজনীৰ ধীৰ গতিৰ খোজ, কাষে কাষে একেই স্পীডত হাফ পেডেল মাৰি মাৰি চাইকেলৰ ওপৰত ল’ৰাজন৷ আগৰ দিনৰ এই সুলভ দৃশ্য এতিয়া দেখিবলৈ পোৱা নাযায়। সকলোৱে বাইক বিচাৰে আজিকালি। হাফ-পেডেলৰ জঞ্জাল নাই। বাইক ৰখাই, পিছত বহুৱাই এশ স্পীডত ধূলি উৰুৱাই গুচি যাওক, টেনছন নাই। কিন্তু হাফ-পেডেল মাৰি প্ৰেম কৰিব জনাটোও একপ্ৰকাৰৰ আৰ্ট বুলিয়েই গন্য কৰা হৈছিল৷ আগতে হাফ-পেডেল মাৰি মাৰি মনৰ কথা কৈছিল, এতিয়া হাফ-ৱৰ্ড (যেনে: hw r u swthrt!) লিখি মনৰ বতৰা দিয়ে হোৱাটচ্-এপ আৰু মেছেঞ্জাৰত!