পেণ্ডুলাম( – পংকজ বৰা )
আকাশৰ পৰা সৰি পৰা ধুমকেতু দেখিছা ?
যাক তুমি পপীয়া তৰা বুলি ইতিকিং কৰা
মহাকৰ্ষণ সূত্ৰৰ পৰিসীমাৰ পৰা বাহিৰ হৈ অহাটোৱেই হেনো তাৰ বাবে অভিশাপ
অভিকেন্দ্ৰিক, অপকেন্দ্ৰিক বলৰ সকলো সমীকৰণেই হয়তো অসমতূল্য হৈ যায় তাৰ বাবে
ভাবিছানে কেতিয়াবা কিয় বাৰু হয় ?
তুমি, মই, আমি সকলোৱেইতো দুলি আছোঁ জীৱনৰ অসমতূল্যতাত
যেন এটা সৰল পেণ্ডুলাম –
শূন্যৰ পৰা শিখৰ আকৌ শূন্যলৈ
মাথোঁ এডাল অধিবৃত্তীয় ৰেখা
কিছুমান বিন্দুৰ সমষ্টি,
গণনা কৰিয়েই আছোঁ অহৰহ
স্থবিৰ আৰু গতিশীল শক্তিৰ বল-বিজ্ঞান
কিন্তু মনৰ অপশক্তি বা হৃদয়ৰ বেদনা
সঁচা মৰমৰ বিৰুদ্ধে উফৰি পৰা কাৰোবাৰ প্ৰচণ্ড বিতৃষ্ণা,
বৰ্বৰ জিঘাংসা, জঘন্য প্ৰতিহিংসা আৰু ধৰ্ষকামী উন্মাদনা
এইবোৰ কিহেৰে জুখিবা ?
কিহেৰে জুখিবা তুমি ?
চিঙি যোৱা হৃদয়ৰ কম্পনাংক কিহেৰে জুখিবা ?
ভোকাতুৰ শ্ৰমিকৰ লেলাৱতীত বৈ অহা নৈ খনৰ সান্দ্ৰতা কিহেৰে জুখিবা ?
কিহেৰে জুখিবা তুমি ৰাতিৰ আন্ধাৰত হিয়াভগা প্ৰেমিকজনৰ দুচকুৰ প্ৰতিসৰণাংক ?
হিৰোচিমাৰ পঙ্গু শিশুবোৰৰ কলিজাৰ তেজস্ক্ৰিয়তা কিহেৰে জুখিবা ?
আছেনে কিবা তুলাচনী ?
আছেনে কিবা মাপক ?
পাৰিবনে তোমাৰ নিউটন, গেলিলিও, ক’পাৰনিকাছে দিব ইয়াৰ সমিধান ?
নে ইয়াৰ উত্তৰো এটা ক’লা গহ্বৰ, অন্ধকাৰাছন্ন হিমশীতল কবৰ ?
আছেনেকি কিবা উত্তৰ আইনষ্টাইন বা ষ্টিফেন হ’কিঙৰ নোটবুকত ?
নাই বন্ধু নাই !
পেণ্ডুলামৰ দৰে দুলি দুলি
শূন্যৰ পৰা শিখৰ আকৌ শূন্যলৈ
আঁকি থৈ এডাল অধিবৃত্তীয় ৰেখা আৰু
এনেকৈয়ে শেষ হয় জীৱন
শূন্যৰ পৰা শিখৰ আকৌ শূন্যলৈ