পেহীৰ বিয়া আৰু ডেজিগনেটেড কেম্প—যোগানন্দ মহন্ত
ভাগিনীজনীৰ বিয়া ঠিক হৈছে। নিজেই পচন্দ কৰা ল’ৰা। দৰা-ঘৰৰ মানুহ ছোৱালীৰ ঘৰলৈ এপাক অহাৰ নিয়মটো কৰিবলৈহে আজি মাক-দেউতাক আৰু ভনীয়েকৰ সৈতে ল’ৰাটো আহিছে। ডাঙৰ মোমায়েক বুলি মই আগদিনাই আহি ভনীজনীৰ ঘৰত মজুত আছোঁ। ল’ৰাৰ মাক দেউতাক দুয়ো কলেজত অধ্যাপনা কৰে। ভনীয়েকজনীও কলেজত পঢ়ি থকা, বেচ ধুনীয়া আৰু মৰমলগা। নাকে কাণে কিবাকিবি গহনা নতুনকৈ যেন দুটামান বেছিকৈয়ে আঁৰি সাজি-পাৰি আহিছে। ল’ৰাও বেচ দেখনিয়াৰ আৰু স্মাৰ্ট। বৰ ধুনীয়াকৈ ফ্ৰেন্স-কাট দাঢ়ি ৰখা…যেন এইমাত্ৰহে ফিনিচিং দি আহিছে।
ভনীয়েকজনীয়ে নাকে কাণে অলংকাৰবোৰ আঁৰি লোৱাৰ লগতে মিহি নিমজ কৰি অহা গাল দুখন দেখি আৰু ল’ৰাই চিকুণাই অহা দাঢ়ি কেইডাল দেখি মোৰ মন উৰা মাৰিলে তাহানিৰ ল’ৰালিৰ দুকুৰিৰো অধিক বছৰ আগৰ মই দেখা, ছোৱালী চোৱা মানুহ আমাৰ ঘৰলৈ অহা দিনবোৰলৈ….। মই তেতিয়া হিচাপত নপৰা বয়সৰে ল’ৰা। ঘৰত একমাত্ৰ পেহীজনীৰ বিয়াৰ কথা-বতৰা চলি আছিল। পেহীৰ ভায়েক মানে আমাৰ সৰুজন খুৰাৰ আকৌ মূৰত চুলি কেৱল কমেই নহয়, প্ৰায় নাছিলেই। কম বয়সৰ চুলি নথকা খুৰাক সেয়েহে দেখাত হিচাপতকৈ বেছি বয়সীয়া যেন লাগিছিল আৰু কেৱল সেইটো কাৰণেই তাহানিৰ বাৰ্থ-চাৰ্টিফিকেটৰো জন্ম নোহোৱা দিনত খুৰাৰ বায়েক তথা আমাৰ পেহীজনীৰ বয়সৰ অংকক লৈ বহুতৰে মনত এটা সন্দেহৰ সৃষ্টি হৈ খেলি-মেলি এখন লগাইছিল। কেইবাযোৰাও আলহীয়ে পেহীক চাবলৈ আহিছিল যদিও পাছত আৰু বিয়াৰ কথা আগ নবঢ়াইছিল। খুৰাৰ বাবেই পেহীৰ বিয়া নোহোৱা যেন কথাটোৱে খুৰাক এনেকৈ ক্ৰিয়া কৰিছিল যে আলহী আহিলে পাছলৈ খুৰা প্ৰায়েই আলহীৰ আগত নোলাইছিল আৰু এবাৰ এদিন লুকাবলৈ সুবিধা নাপাই বাৰীৰ ধানখেৰৰ মেজিতে দিনটো আত্মগোপন কৰিছিল। তথাপি কিন্তু পেহীক চাবলৈ অহা এই পৰ্ববোৰ আমাৰ যৌথ পৰিয়ালৰ ঘৰখনত আমাৰ বাবে মহোৎসৱ আছিল।
সাধাৰণতে পেহীক কোনোবাই চাবলৈ অহা দিনটোৰ কেইদিনমান আগৰে পৰাই খুৰাই আমাৰ ঘৰৰ দীঘল পদূলিটোৰ ঘাঁহকেইডাল চিকুনাই ফ্ৰেন্স-কাট্ ডিজাইন এটা কৰি দিছিল। বাঁহৰ ডাং এডাল বান্ধি সাজি লোৱা কল-মাৰলীৰ চিংগল ৱালৰ টয়লেটত কল-মাৰলী শুকাই ফাঁক হোৱাখিনিত নতুনকৈ দুডালমান কল-মাৰলী আৰু তামোলৰ ঢকুৱাবোৰ ছোৱালীয়ে আজিকালি পাৰ্যমানে আঁৰি লোৱা গহনা/অলংকাৰ অঁৰাদি আঁৰি গপচ কৰি দিছিল। ঘৰৰ আগফালৰ শেলাই ধৰা সেউজীয়া দীঘল পিৰালি দুটা গোবৰ আৰু বগা মাটিৰে খুৰী-পেহীহঁতে মচি এতিয়াৰ বিউটি পাৰ্লাৰবোৰত ফেচিয়েল কৰি ধুনীয়া কৰা ছোৱালীৰ নিমজ চিকচিকীয়া গালৰ নিচিনা কৰি দিছিল। সমুখৰ বহা কোঠাৰ বেৰত, পেহীয়ে বেজী-সূতাৰে ৰঙীন কাপোৰত নতুকৈ কৰা ইংৰাজী ‘গুড লাক’ আৰু ‘গড ইজ গুড’ ৰ ফুলাম বন্ধোৱা-ফটো দুখন চকুত পৰাকৈ আঁৰি থৈছিল। ফটো দুখনৰ সোঁফালে তলৰ চুকত পেহীৰ নামটো উজ্জ্বল তৰা হৈ জিলিকি আছিল।
আলহী অহাৰ নিৰ্দিষ্ট দিনটোত আমাৰ, মানে যৌথ পৰিয়ালটোত থকা ডাঙৰ খুৰা দুজন আৰু বৰদেউতা দুজনৰ আটাইবোৰ ল’ৰা-ছোৱালী মিলি হোৱা আমাৰ ককাই-ভাই-বাই-ভনীৰ এঘাৰজনীয়া দলটোৰ ওপৰত এশ চৌৰাল্লিশ ধাৰাৰ নিষেধাজ্ঞা আৰোপ হৈছিল। আমি ৰাতিপুৱা সোনকালে গা-পা ধুই আজৰি হ’ব লগা হৈছিল। আমাৰ এঘাৰজনীয়া টীমটোৰ মই জ্যেষ্ঠতম সদস্যজনেই দহ বছৰীয়ামান আছিলোঁ আৰু নুন্যতম বয়সৰজন তিনিবছৰীয়ামান আছিল। বাকীবোৰ চাৰি…পাঁচ…ছয়…সাত …আঠ…ন বছৰীয়া আছিল বাবে প্ৰায়কেইটাকে খুৰী কোনোবা এজনীয়ে নেতৃত্ব লৈ গৰুবিহুত জাকৰুৱা গৰুক নি ঘাটত গা ধুওৱাৰ নিচিনাকৈ আমাক পুখুৰীপাৰলৈ নি গা পা ধুৱাই সোনকালে চাফা কৰি দিব লগা হৈছিল। ঠাণ্ডা দিনত প্ৰায়কেইটাৰ নাকেদি বগা হালধীয়া গংগা-যমুনা দুধাৰি অনবৰতে বৈ থকাৰ বাবে সুঁতি দুটাৰ ধাৰ চিঙি নাইকিয়া কৰি, কাৰোবাৰ শুকাই বগা হৈ থকাখিনি ঘঁহি চাফা কৰোঁতে নাকৰ ফুটাৰ কাষৰ কোমল উপত্যকা ৰঙা পৰি ফৰফৰাই গৈছিল। গা-পা ধুৱাই কলগছ, কচুগছৰ কম দাগ লগা চোলা গেঞ্জিৰ লগতে ফ্ৰক, পেণ্টৰ আটাইকেইটা বুটাম অক্ষত থকা কাপোৰ বিচাৰি এঘাৰজনীয়া দলটোক সুকলমে পিন্ধাই শেষ কৰাটো একপ্ৰকাৰ চেলেঞ্জ আছিল আৰু অলপ স্বাস্থ্যবান কাঢ়া খুৰী এজনীৰ ভাগত সাধাৰণতে এই কামৰ গুৰু-দায়িত্ব পৰিছিল। এঘাৰজনীয়া দলটোৰ আটাইকে খুৱাই-বুৱাই আজৰি কৰি দি ককাৰ সমুখলৈ আমাক সকলোকে ব্ৰিফিঙৰ কাৰণে মাতিছিল। ককাই ৰিহাৰ্চেল কৰাইছিল …আলহীয়ে নাম সুধিলে কেনেকৈ নমস্কাৰ দি ‘মোৰ নাম শ্ৰী…….’ বুলি ক’ব লাগিব। কথা কওঁতে কোনেও ফিচিঙা-ফিচিঙি কৰিব নোৱাৰিব। লগতে আৰু সতৰ্ক কৰি দিছিল যে আলহী থকা অৱস্থাত শান্তি শৃংখলা ভঙ্গ হ’ব পৰা কোনো কাম বা হৈ হাল্লা আদিৰে হুলস্থূল কৰিব নোৱাৰিব। কথা-বতৰা বা ধেমালি কৰিলেও শব্দৰ মাত্ৰা অতি কম ডেচিবেলৰ হ’ব লাগিব। মন্ত্ৰীৰ অহা-যোৱা ৰাস্তা এতিয়াৰ দিনত খালী ৰখাৰ নিচিনাকৈ আগফালৰ চোতালখন পদূলিৰ পৰাই খালী ৰাখিব লাগিব। অনুমতি নিদিয়ালৈকে আলহী থকা সময়খিনিত এঘাৰজনীয়া সদস্যৰ দলটিৰ সকলোৱেই ঘৰৰ উত্তৰ ফালে থকা পুখুৰী পাৰৰ, গছগছনিৰে ছাঁ পৰা, মা-বৰমা-খুৰীহঁতৰ তাঁতৰ শাল থকা, নিৰিবিলি পাই মেকুৰী, কুকুৰকেইটাইও আওহতীয়া নিৰাপদ অনুভৱেৰে শুই মেলি জিৰোৱা ঠাইখিনিক ডেজিগনেটেড কেম্প বুলি ধৰি লৈ বেঞ্চ, মূঢ়া কিহবাত আটাইকেইটা বহি থাকিব লাগিব।
ডেজিগনেটেড কেম্পত এই সময়খিনি আমাৰ বৰ সুখেৰে আনন্দেৰে পাৰ হয়। পাকঘৰত ভীৰ কৰাৰ অনুমতি নথকাৰ বাবেই মাজে-সময়ে কিবা কিবি পাতলীয়া খাদ্য বস্তুও কেম্পলৈকে আহি যায়। বাকী সময়খিনি তিনিবছৰীয়া-দহবছৰীয়া সকলোৰে উপযোগী ইণ্টিগ্ৰেটেড চিলেবাছৰ কথা-বতৰা খেল-ধেমালিৰে সময়বোৰ ধুনীয়াকৈ পাৰ হয়।
আলহী অহাৰ পাচত আলহীৰ সমুখলৈ টীমৰ সকলোকে চমন দি মাতি পঠিয়ালেই আমাৰ ডাঙৰ সমস্যা হয়। ইমান সময়ে কথা-বতৰা পাতি কমকৈ হ’লেও হাঁহি স্ফূৰ্তি কৰি থকা এঘাৰজনীয়া দলটোৰ সকলো অতি সাৱধান হৈ হঠাৎ মিউট্ হৈ লোৱাৰ লগতে আনমিউটৰ ইমেডিয়েট্ প্ৰভিজন ৰাখি শোভাযাত্ৰা কৰি যেতিয়া তলব কৰা অনুসৰিয়েই আলহীৰ সমুখলৈ যায় আৰু আলহীৰ প্ৰশ্নৰ উত্তৰত যেতিয়া মিউট্ ভকেল্ কৰ্ড কেইডাল কেতিয়াবা তাৎক্ষণিক ভাবে আনমিউট্ নহয় বাবেই অদ্ভুত শব্দ ধ্বনিৰে যেতিয়া মাতটো ঘেঁহাই চুঁচৰি যোৱাদি যায়, তেতিয়াই অৱশিষ্ট দহজনৰ কোনোবা এজন হাঁহি সম্বৰণত বিফল হৈ ভিতৰত উকমুকনি লোৱা হাঁহিৰ শব্দ এটা মানৰ বিস্ফোৰণ ঘটায়। লগে লগে সকলোৰে মুখ চ’দা পানীৰ বটলৰ দৰে এটাৰ পাচত এটাকৈ ফুটি যায়। ঘটনাস্থলীত উপস্থিত থকা ককাৰ ৰাম-ধমক খাই আকৌ সকলো নিস্তব্ধ হৈ পিছৰ কাৰ্যসূচীলৈ আগ বাঢ়ে। পিছৰ কাৰ্যসূচীত সাধাৰণতে আলহীয়ে পকেটত অনা মৰ্টনবোৰ আমাক সকলোকে বিলাই দিয়ে। সাধাৰণতে দহটাতকৈ বেছি মৰ্টন কোনেও নানে বাবেই ডাঙৰ বুলি মোৰ ভাগত মানে এঘাৰ নম্বৰত শাৰী পাতি থকাটোৰ ভাগত মৰ্টনৰ ভাগ নপৰে বা ষ্টেণ্ডাৰ্দ কোটাত সাধাৰণতে পাঁচটা মৰ্টন অনা আলহীৰ মৰ্টনবোৰ আকৌ দুটুকুৰা কৰি দহভাগ কৰিলেও ডাঙৰ বুলি এঘাৰ নম্বৰ ভাগ এটা মোলৈ নাথাকে।
আলহীয়ে ভাতপানী খাই উঠাৰ পাচতহে আমাৰ এঘাৰজনীয়া বান্দৰ সেনানীৰ পাকঘৰত প্ৰৱেশ ঘটিছিল আৰু তেতিয়া দৃশ্যটো ঘৰত মানুহ নথকাৰ সু্যোগত পাকঘৰত বান্দৰৰ জাক এটা সোমোৱা দৃশ্যৰ লগত মিলিছিল।
আলহী অহা উপলক্ষে পাকঘৰত যোগাৰ কৰা বিভিন্ন খাদ্যবস্তুবোৰক লৈ আমাৰ থপিয়া-থপি লাগি হুলস্থূলেই হৈছিল। মা, খুৰী, বৰ-মাহঁত শান্তি শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হ’লে কেতিয়াবা হাই ৰেংকিং অফিচিয়েল হিচাপে খুৰা, ককা কোনোবা উপস্থিত হৈও পৰিস্থিতি চম্ভালিব লগা হৈছিল।
এনেকৈয়ে চলি থকা উৎসৱবোৰৰ অন্ত পেলাই আমাৰ একমাত্ৰ পেহীজনী এদিন বিয়া হৈ ওলাই গৈছিল আৰু সংসাৰখন আটোম-টোকাৰিকৈ ধৰি ৰাখি সুখেৰে দিনবোৰ পাৰ কৰিছিল।