পেৰ’ডী গীত-বিহু সুৰীয়া (অনন্ত মোহন শৰ্মা)
চেনেহৰ
চোনিয়া মেডাম মোৰ
তাতকৈ চেনেহৰ ৰাহুল৷
তাতকৈ চেনেহৰ আমাৰে সোণটি
টিকট নিদি কেনেকৈ থাকোঁ?
এহে –
মৰম দিলে মৰম দিম
ভোট দিলে জিলা দিম
ভোট দিলে জিলা দিম
মৰম যদি নিদিয়া মোক
মহকুমাও উঠাই নিম৷
মিছা ক’লে কিডাল হ’ব
ভোট নিদিলে কিডাল পাব?
ভোট নিদিলে কিডাল পাব?
এইবাৰলে ভোট দি
বোপাক আমাৰ জিকাই দিব৷
কলীয়াবৰৰ কেঁচাসোণ
যুঁজিবই নিৰ্বাচনী ৰণ
যুঁজিবই নিৰ্বাচনী ৰণ
ভোটাৰক তেওঁ শিকাই দিব
মাছৰ মতা, মহিলা কোন৷৷
এ দেহী অৰঙে দৰঙে
এ দেহী এলিজা গৌৰৱে
এ দেহী ভোটৰে আশাতে
এ দেহী ভাষাৰো শ্ৰাদ্ধ পাতেহে ৰাম৷৷