পেৰিচীয় জিন: (-আফ্ফান খান)
পেৰিচীয় জিন:
-আফ্ফান খান৷
মোক কিছু জিন লাগিছিল
পিছে সাধাৰণ জিন নহয়…
নাই-নাই কোনো তাৰকাৰো জিন নহয়৷
অলপ জিন লাগিছিল
পেৰিচীয় সাধাৰণ জনতাৰ,
বিবেকৰ দংশনত কৰ্মসষ্টম পেৰিচীয় বীৰ যোদ্ধাৰ;
ভোক আৰু পিয়াহক নেওঁচি,
সঁচা আৰু মিছাৰ প্ৰভেদ বিচাৰ কৰিব জনা
পেৰিচীয় শ্ৰমিকৰ
যি পেৰিচীয় জনতাই উঘালি পেলাইছিল
ৰঙা-ক’লা ফিতাৰ বেৰ,
জুমি চালেও দেখা নোপোৱা প্ৰচীৰৰ আচৰ্য্যভূমি৷
স্বাভিমানৰ মিঠা জুইকুৰা য’ত নুমোৱা নাছিল কাহানিও,
তেনে লোকৰ জিন লাগে কিছু৷
মই আজি সুমুৱাই ল’ব বিচাৰো দেহৰ প্ৰতিটো কোষে-
কোষে৷
বোকাত পোত যোৱা ভৰি আজি পখালি ল’ব বিচাৰো,
ৰঙা হাতযোৰৰ মাজত যেন নিজকে পাহৰি গৈছো
আজি সেয়ে ন’কৈ জীয়াব বিছাৰো,
এটি নতুন অস্তিত্ব লাগে মোক
পেৰিচীয় জিন লাগে মোক!
সঁচাক সঁচা আৰু মিছাক বাট আগচি ধৰিবৰ
সাহস লাগে মোক,
অষ্টাদশ শতীকাৰ আবেলি শুই পৰা
পেৰিচীয় লোকৰ শত সহস্ৰ দেহ,
বাৰু কবৰ খান্দিলেই জিন পামনে…! ?