পোকীয়া চিকিৎসা (ডা° আদিত্য ৰঞ্জন দত্ত)
পোকীয়া চিকিৎসা (Maggot Therapy):
এনে এটা অৱস্থাৰ কথা কল্পনা কৰকচোন, য’ত আপোনাৰ ভৰিত ঘাঁ লাগিছে। বহুদিন ধৰি শুকুৱা নাই ঘাঁ টুকুৰা। এতিয়া লাহে লাহে ঘাঁ টুকুৰাত পোক লাগিবলৈ আৰম্ভ কৰিছে। লেউ লেউকৈ ওলাই অহা বগা-মাটিয়া বৰণৰ পোকবোৰ। অকল্পনীয় নহয়নে! ভাবিলেই ভয় লাগি যায়।
পিছে এই পোকবোৰৰ (ইংৰাজীত যাক Maggot বুলি কোৱা হয়)দ্বাৰা যদি আপোনাৰ সেই ঘাঁটুকুৰাৰ চিকিৎসা কৰা হয়! হয় আপুনি ঠিকেই শুনিছে। সেই পোকবোৰে মানুহৰ দেহৰ কিছুমান ঘাঁ নিৰাময় কৰাত যথেষ্ট সহায় কৰে৷ মাজে মাজে কিছুমান ছবি দিয়া হৈছে লেখাটোৰ লগত। ৰাইজে ছবিৰ অংশৰ সৈতে মিলাই লৈ পঢ়িলে বুজিবলৈ সুবিধা পাব৷
১)কিমান পুৰণি এই পোকীয়া চিকিৎসা (Maggot Therapy) : মায়া সভ্যতাৰ দিনৰ পৰাই এই পোকীয়া চিকিৎসাৰ কথা উল্লেখ আছে। ৰেনেচাৰ সময়তো এই পদ্ধতি ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়৷ ১৯২০ চনৰ শেষৰ ফালে আমেৰিকাৰ “জন হপকিনছ বিশ্ববিদ্যালয়”ৰ গৱেষক “ৱিলিয়াম ব্যাৰ”(William Baer) এই পোকীয়া চিকিৎসাত যথেষ্ট সফলতা লাভ কৰিছিল৷ ১৯৩০ চনলৈ এই চিকিৎসা পদ্ধতি এক নিয়মীয়া চিকিৎসা পদ্ধতিত পৰিণত হৈছিল৷ কিন্তু সময়ৰ লগে লগে এন্টিবায়টিক নামৰ ঔষধবিধ জনপ্ৰিয় হৈ পৰে আৰু ই পোকীয়া চিকিৎসা পদ্ধতিৰ গুৰুত্ব কমাই আনিছিল৷ পিছে ১৯৭০-৮০ শেষৰ ফালে এন্টিবায়টিকৰ প্ৰতিৰোধক ক্ষমতা কমি যোৱা পৰিলক্ষিত হৈছিল। ফলত এন্টিবায়টিকে নিৰাময় কৰিব নোৱাৰা কিছুমান ৰোগৰ বাবে এই পোকীয়া চিকিৎসাৰ পুনৰাগমণ ঘটে৷ ১৯৮৯ চন মানৰ পৰা বিশেষকৈ কিছুমান ৰোগ, যেনে চাপ ঘাঁ(Pressure Ulcer), বহুমুত্ৰীয় ভৰিৰ ঘাঁ(Diabetic Foot Ulcer), শিৰা বন্ধন ঘাঁ (Venous Stasis Ulcer) আদিৰ বাবে পোকীয়া চিকিৎসা যথেষ্ট পৰিমাণে নিৰ্ভৰযোগ্য বুলি বিবেচিত হয় (ছবি নং ১)। বৰ্তমান সময়ত বহুলভাৱে এই পদ্ধতি ব্যৱহাৰ হয়৷ প্ৰাপ্ত তথ্য মতে ২০১১ চনত প্ৰায় ৫০০০০ ৰোগীক এই পদ্ধতিৰে চিকিৎসা কৰি নিৰাময় কৰা হৈছে৷
২) এই পোক আচলতে কি হয়: এই পোকবোৰ আচলতে প্ৰাপ্তবয়স্ক হোৱাৰ ঠিক আগৰ সময়খিনিৰ জীৱ, যাক অসমীয়াত লেটা বুলিও ক’ব পাৰি। এই লেটাবোৰে যিকোনো ঘাঁত থকা শুকাই যোৱা নিৰ্জীৱ অংশ খাই পেলাই। ফলত ঘাঁটুকুৰা পৰিস্কাৰ হৈ পৰে। ছবি নং ২।
৩)পোকীয়া চিকিৎসা: সাধাৰণ ভাৱে ক’বলৈ গ’লে এই লেটাবোৰে ঘাঁ এটুকুৰাৰ নিৰ্জীৱ অংশ খাই পেলোৱা পদ্ধতিটোৰ ওপৰত ভিত্তি কৰিয়েই এই চিকিৎসা পদ্ধতি গঢ় লৈ উঠিছে৷ এক বিশেষ ধৰনৰ সজাৰ ভিতৰত আবদ্ধ কৰি এই লেটাবোৰক ঘাঁ এটুকুৰাৰ ওপৰত ৰাখি থোৱা হয়। কিছুসময়ৰ ভিতৰতে এই ঘাঁ টুকুৰাৰ নিৰ্জীৱ অংশসমূহ লেটাবোৰে খাদ্যৰূপে ভক্ষণ কৰে৷ (ছবি নং ৩)
ক)এটা শল্য চিকিৎসাৰ দ্বাৰা কোনো এটুকুৰা ঘাঁৰ পৰা যিমানখিনি নিৰ্জীৱ অংশ আঁতৰ কৰিব পৰা যাব, কেইটামান সৰু সৰু লেটাৰ দ্বাৰা তাতকৈ বহু বেছি পৰিমানে সেই অপদাৰ্থ সমূহ আঁতৰ কৰিব পৰা যায়৷
খ) এই লেটাবোৰে বহুপৰিমাণে ৰোগ সংক্ৰমন ৰোধ কৰিব পাৰে। এই লেটাসমূহৰ পৰা নিৰ্গত হোৱা এবিধ জুলীয়া দ্ৰব্যই ৰোগৰ সংক্ৰমন বহু পৰিমাণে ৰোধ কৰে৷ methicillin-resistant Staphylococcus aureus (MRSA)ৰ দৰে বেক্টেৰিয়াৰ সংক্ৰমনো এই লেটা সমূহে ৰোধ কৰিব পাৰিছে বুলি বিভিন্ন গবেষকৰ দলে দাবী কৰি আহিছে৷
৪)বাধ্যবাধকতা: জোখতকৈ বেছি পৰিমাণৰ লেটা ব্যৱহাৰ কৰাৰ ফলত যিকোনো এটুকুৰা ঘাঁৰ সুস্থ অংশখিনিও এই লেটাৰ খাদ্য হিচাপে পৰিগনিত হৈ পৰে৷
যিকোনো এটুকুৰা ঘাঁ এই লেতাবোৰে বহলাই তুলিব পাৰে।
লেটাবোৰ ঘাঁটুকুৰাৰ ওপৰত ঘুৰি ফুৰাৰ ফলত ৰোগীৰ যথেষ্ট অসহনীয় অৱস্থা এটা হয়৷
শেষত, গ্লেডিয়েটৰ চিনেমাখনৰ এটা দৃশ্য মনলৈ আহিছে যিখন চিনেমাৰ এটা দৃশ্যত গ্লেডিয়েটৰৰূপী ৰাছেল ক্ৰোৰ এটুকুৰা ঘাঁ এনেধৰনেৰে চিকিৎসা কৰোৱা দেখুউৱা হৈছিল৷
সকলো বস্তুৰে ভাল বেয়া দিশ এটা থাকে৷ সঠিক ৰূপত প্ৰয়োগ কৰিলে এই লেটা সমূহে যথেষ্ট পৰিমাণৰ ডাঙৰ ঘাঁকো সুস্থ কৰি তুলিব পাৰে৷ চিকিৎসাবিজ্ঞানৰ এনে পৃথক চিন্তাচৰ্চাৰ অগ্ৰগতিয়ে মানৱ জাতিক এটা সময়ত নিশ্চিত ৰূপত সাফল্যৰ চুড়ান্ত শিখৰলৈ লৈ যাবলৈ সক্ষম হ’ব৷