পোহৰ – ৰঞ্জিত কুমাৰ বৰা
পোহৰ
(হিন্দী কথা-শিল্পী ৰবীন্দ্ৰনাথ ত্যাগীৰ মূল হিন্দী গল্পৰ অনুবাদ)
লিখক : ৰঞ্জিত কুমাৰ বৰা
এখন ৰাজ্যত এজন ৰজা আছিল। তেওঁৰ দীপলিপ কন্যা এগৰাকী আছিল। যেন সৰগৰ অপেশ্বৰী। তেওঁৰ ৰূপ-লাৱণ্যৰ সুধা পান কৰিবলৈ বহু দূৰ-দুৰণিৰ পৰা জাকে জাকে সুঠাম, সবল ডেকাই ৰাজপ্ৰসাদলৈ ধাপলি মেলিছিল। ৰাজকুমাৰীৰ এপলক দৰ্শনৰ বাবেআগ্ৰহী, উন্মাদ ডেকাৰ কেইবা মাইললৈকে দীঘল লানি লাগিছিল। খিৰিকীৰ কাষত বহিসেই দৃশ্য প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা গৈছিল গৰ্বিতা ৰাজকুমাৰী।