প্রসংগ : ইউকেলিপ্টাছ , বৰষুণ আৰু পৃথিৱী (কথা-কবিতা)
-মিতালী বর্মন
ইউকেলিপ্টাছ :তুমি যদি বৰষুণ হোৱা , মই হ’ম ইউকেলিপ্টাছ !!
বৰষুণ :
তুমি যদি ইউকেলিপ্টাছ হ’ব খোজা ,আকাশলংঘী হ’ব—-
তোমাৰ হেঁপাহ তেন্তে বৰষুণৰ প্ৰয়োজন ক’ত?
এজাৰ-মদাৰ ফুলা বতৰতে নীলিম আকাশত ৰচিবা তুমি
ৰামধেনুবুলীয়া হাঁহি….
ইউকেলিপ্টাছ :
কোনে ক’লে তোমাক , ইউকেলিপ্টাছৰ আকাশলংঘা
হেঁপাহৰ কথা ? ইয়াৰ হেঁপাহ আকাশ নহয়—-হয় বৰষুণ ! সেয়ে
আগবাঢ়ে আকাশৰ ফালে । এই অবুজ গছজোপাই বুজি নাপায়—
বৰষুণেও যে ভুল কৰে ইয়াৰ ঊৰ্ধমুখী যাত্রাক
আকাশলংঘা উচ্চাকাংক্ষা বুলি !!
আৰু বৰষুণেওনো কিয় ভাল পাব ইউকেলিপ্টাছ ?
ইয়াৰ যে নাই সোণাৰুৰ দৰে সৌন্দৰ্য্য , কৃষ্ণচূড়াৰ দৰে
ৰামধেনুবুলীয়া হাঁহি ,
নাইবা,
এজাৰ-নাহৰৰ দৰে নিজক প্ৰকাশ কৰাৰ
বিৰল প্ৰতিভা….
পৃথিৱী:
তুমি যদি ইউকেলিপ্টাছ হোৱা —- অথচ, বৰষুণেও যদি
ভুল কৰে তোমাৰ ঊৰ্ধমুখী যাত্ৰাক আকাশলংঘা হেঁপাহ বুলি
ঊৰ্ধমুখী হৈও তুমি ৰৈ গ’লা !
তোমাৰ শিপাত পৃথিৱীৰ মৰম । লৈ যাব তোমাক—
গভীৰৰ পৰা গভীৰতৰলৈ….
তুমি যদি ইউকেলিপ্টাছ হোৱা , নাথাকিব পাৰে তোমাৰ—-
ফাগুনৰ আকাশৰ ৰং… হয়তো থাকিব…
বৰ্ষণমুখৰ পৃথিৱীৰ সেমেকা সুৱাস!!
তুমি ইউকেলিপ্টাছ হ’লে ইউকেলিপ্টাছেই হ’বা…
জুখি চাব পাৰিবা নিজক ।
ভুল নকৰাকৈ কৰিব পাৰিবা
জীৱনৰ যোগ-বিয়োগৰ অংক!!
———————
(বন্ধু শ্রীমান দেৱজ্যোতি মহন্তলৈ কৃতজ্ঞতা যাচিলোঁ)