প্রেমৰ ‘চাইড-এফেক্ট’ (মন জিত)

প্রেমৰ চাইড-এফেক্ট


মন জিত

*স্নেপ-১
তোমাক ভাল পাঁও বাবেই তুমি ধুনীয়া নে..
তুমি ধুনীয়া বাবেই তোমাক ভাল পাঁও..(খেলিমেলি ভাব এটা লৈ)

পঢ়া টেবুলত বহি উকা কাগজত প্রথম প্রেমৰ উন্মাদ শব্দবোৰ সামৰি আছিলোঁ

পিছে দেউতাৰ ব্রজকঠিন হাতৰ ঠলামূৰিত….

উফৰি পৰিল শব্দৰ উন্মাদনা….
উফৰি পৰিল প্রেম!

*স্নেপ-২
চাইকেলত টিউশ্যনলৈ যোৱা পিছে পিছে ময়ো যোৱা..(ৰোমান্তিক ভাব এটা লৈ)
এটা বেকা চাওঁনিৰ আশাত তোলে চাই চাই পেদেল মাৰোতে
কেতিয়ানো টিউশ্যন মাস্টৰক খুন্দিয়ালো ততকে ধৰিব নোৱাৰিলো..

পৰিণতি..
উফৰি পৰিল বেঁকা চাওঁনিৰ মিঠা সোৱাদ….
উফৰি পৰিল প্রেম!

*স্নেপ-৩
তোমাৰ প্রেমত পৰিমেই পৰিম তুমি কি কৰিবা..(জেদ জেদ ভাব এটা লৈ)
কলিজাৰ গুলপীয়া ভাববোৰ কাগজৰ ভাজঁত সামৰি তোক দিয়াৰ দিনা
তোৰ পাহোৱাল ককায়েৰে দেখা পায় দিয়া উত্তম মাধ্যমত…

উফৰি পৰিল মৰমৰ সকলো গুলপীয়া….
উফৰি পৰিল প্রেম!

*স্নেপ-৪
এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি..?(ভিলেইন ভিলেইন ভাব এটা লৈ)
চিনেমাৰ কায়দাৰে তোক আগভেটি ধৰাৰ দিনা
তোৰ চেন্দেলৰ হিলে যিটোহে উত্তৰ দিলে…..

উফৰি পৰিল ড্রিমর্গাল ড্রিমর্গাল সপোন….
উফৰি পৰিল প্রেম!

*স্নেপ-৫
সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ তুমি কুশলে আছানে(? ? ভাব এটা লৈ)
মোকো কোনো কোনোৱে প্রায়ে সোধে…
জালুকবাৰীৰ বাটৰুৱা প্রেমিক তুমি কুশলে আছাতো….??
মোৰ উত্তৰ এটা সেঁতা হাঁহি..
কিন্তু কাকো কোৱা নহয় যে..
উফৰি পৰিল মোৰ ভালপোৱাৰ সকলো ৰচদ পাতি ….
উফৰি পৰিল প্রেম ….
লগতে উফৰি পৰিলো মই!!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!