প্লাবন বিজয় শইকীয়াৰ চিঠি – মৰমৰ অভিলাষা
প্লাবন বিজয় শইকীয়াৰ চিঠি
মৰমৰ অভিলাষা ,
মৰম ল’বি। আশা কৰোঁ তোৰ ভাল। বৰ্তমান মোৰ ভাল। বহুদিন তোৰ খবৰ পোৱা নাই চিঠি লিখিবলৈয়ো সময় নোলোৱা হৈছে যেন পাওঁ। বাৰু একো নাই পঢ়া শুনাত মন দিবি। আমাৰ ঘৰৰ মা দেউতাহঁতৰো খৱৰ-খাটি লৈ থাকিবি। মই দূৰৈত থকাৰ কথা অনুভৱ কৰিবলৈ নিদিবি।
মা-দেউতাকো চিঠি দিছিলোঁ, উত্তৰহে পোৱা নাই কিবা কামত ব্যস্ত আছে যেন পাওঁ।
বিহু পালেহিয়ে নহয় মই বিহুৰ ছুটিৰ বাবে আৱেদন দিছোঁ। যদি ছুটি পাওঁ উৰুকাৰ দিনাই পামগৈ তই চিন্তা নকৰিবি। আমাৰ তাত বিহুৰ প্ৰস্তুতি কেনে চলিছে জনাবি। বিহু ওচৰ চাপি অহাৰে পৰা কামত মন নবহা হৈছে অ’। আমি ইয়াত অসমীয়া দুই-চাৰিজন মানহে আছে। বিহু নাম গাবলৈ খুব মন যায়। মাজে মাজে গুণ-গুণাই থাকোঁ। আমাৰ যুব-সংঘৰ ফালৰ পৰা বিহু মাৰিব চাগৈ। আশা কৰিছোঁ ছুটি মঞ্জুৰ কৰিব। ছুটি পালে মোক আৰু কোনে পায়, চিধাই বিহু বুলি ঘৰলৈ লৰ মাৰিম। ছুটি নাপালে মই যাব নোৱাৰিম বুলি তই আকৌ মন মাৰি নাথাকিবি। বিহু মাৰিবলৈ ওলাই আহিবি। মই যেনে তেনেকৈ হ’লেও বিহুত ওলামগৈ। মোলৈ বিহুৱান বৈছনে নাই অ’। মৰমৰ বিহুৱানখনলৈ আশা কৰিলোঁ। আজি চ’তৰ ২ তাৰিখ নহয় জানো …..
চ’তৰে শেষতে বিহুটি পাবহি , বিহুটি অসমৰ ধন
এনোৱা বিহুটি এৰিব লাগিলে , নাথাকে অসমৰ মান
জান ঐ বিহুটি ঐ আহিব মাছে জাকি মাৰিব
বিহুতে ঐ ময়ে গৈ পাম
বিহুৰে ঐ সাজেৰে ওলাইনো তই আহিবি
বিহুনাম ঐ এফাকি গাম
বিহুৰে তলিতে নাচিবি উলাহতে
ঢোলটি ঐ বজাম মই তোৰেনো ঐ কাষতে
কঁকাল ভাঙ্গি ভাঙ্গি নাচিবি হালি জালি
বিহুৰে ঐ ছলেৰে আমি কৰিম পীৰিতি
মাকে নাই মাউৰা তিৰিও নাই বৰলা
তোৰে বৰ ককায়েৰ বৰকৈ দন্দুৰা
তোকে মোকে পালে ঐ বৰকৈ বকে
অহানো ব’হাগতে পলুৱাই নিম তোক মোৰ স’তে
বিধিয়ে নিদিলেও বিধাতাই লগ দিব
তোৰ মোৰ পীৰিতিৰ সকলোৱে নাম ল’ব ।।
তোৰে স’তে আশাৰ ঘৰখনি ৰচিম বুলি মই তোলৈ বাট চাই আছোঁ। মোৰ চিঠিৰ উত্তৰ দিবি। আজিলৈ আৰু নিলিখোঁ, কাম আছে। তই মোৰ বাবে চিন্তা কৰি নাথাকিবি।
ইতি,
তোৰ প্লাবন ( লাটু )