প্ৰজন্ম- প্ৰীতম

প্ৰজন্ম (১)

(ক)

প্ৰতিবছৰে চোৱাৰ দৰে আজিও বছৰৰ দিনটোত শুদ্ধোধন চৌধুৰীয়ে গ্ৰীটিংছ কাৰ্ডৰ টোপোলাটো সযতনে উলিয়াই খুলি চালে৷ হেপী নিউ ইয়াৰ ১৯৮৭, হেপী নিউ ইয়াৰ ১৯৮৮…..আৰু শেষত এইখন হেপী নিউ ইয়াৰ ১৯৯০৷ ওঁঠত মিচিকিয়া হাঁহিটোৱে ঢৌ খেলি গ’ল, মায়াই দিয়া কাৰ্ড এইকেইখন৷ চৌধুৰীৰ কলেজত পঢ়ি থকা সময়ৰ কথা এটা মনত পৰি গ’ল৷ কোনোবা এবাৰ ৩১ জানুৱাৰীত যে তেওঁ মায়ালৈ বুলি গ্ৰীটিংছ কাৰ্ডখন সিহঁতৰ ওচৰৰে সৰু ল’ৰা এটাৰ হাতত দি পঠিয়াইছিল, আৰু পত্ৰবাহকৰ অজ্ঞতাৰ কাৰণেই হওক বা অভিজ্ঞতাহীনতাৰ কাৰণেই হওক মায়াৰ হাতত পৰিবলগীয়া কাৰ্ডখন পৰিছিলগৈ মায়াৰ ককায়েকৰ হাতত৷ বছৰৰ প্ৰথম দিনটোতেই বেছেৰীৰ পিঠিত ককায়েকে বুটা বাচিছিল৷ কথাটো মনত পৰি চৌধুৰীৰ আকৌ এবাৰ ওঁঠযুৰিত মিচিকিয়া হাঁহিটো বিৰিঙি উঠিল৷ মায়াই পঠিওৱা আটাইবোৰ কাৰ্ড এতিয়াও জমা হৈ আছে তেওঁৰ সংগ্ৰহত৷ একমাত্ৰ সন্তান সিদ্ধাৰ্থক দেখুৱাব পৰা যায় নেকি কাৰ্ডকেইখন? নাই নাই, এতিয়াই নালাগে, সি সৰু আছে এতিয়া, সপ্তম পাছ কৰি এইবাৰ অষ্টমমান পাইছেহে! অলপ ডাঙৰ হওক, তাৰ পাছত দেখুৱাব পৰা যাব তাৰ মাকৰ স্মৃতিবোৰ৷
(খ)

সিদ্ধাৰ্থৰ হোৱাটছএপৰ মেচেজ টিউনটো উপৰা-উপৰিকৈ দুবাৰ বাজি উঠিল৷ দুটা মেচেজ৷ প্ৰথমটো জংকীৰ৷
“হেপী নিউ ইয়াৰ সোণ৷ “
দ্বিতীয়টো কম্পিউটাৰ ছাৰৰ৷
“হেপী নিউ ইয়াৰ, এইবছৰটোও ভালদৰে পঢ়িবা৷ “
থাওঁক এইটো মেচেজৰ ৰিপ্লাই পাছত দিম, বুলি ভাবি জংকীলৈ বুলি ৰিপ্লাই টাইপ কৰা আৰম্ভ কৰিলে সি,
“ইউ টু জানজনী৷ সদায় এনেকৈ লগত থাকিবা দেই মোৰ৷ “ মেচেজটো ছেণ্ড কৰি দি আকৌ সমুখৰ টিভি স্ত্ৰীণত চকু দিলে৷ একমিনিটমান পাছত আকৌ শব্দ কৰি উঠিল ফোনটোৱে৷ জংকীৰে ৰিপ্লাই হ’ব নিশ্চয়৷ হয়, তাইৰে মেচেজ৷
“হব্ব, অনলাইন আহিয়ো ৰিপ্লাই নাই ন, নালাগে কৰিব মোক মেচেজ! “
হাৰে এইজনীৰ আকৌ কি হ’ল! লৰালৰিকৈ মেচেজবোৰ আকৌ ভালকৈ চেক কৰিলে সি৷ অস্…তাইৰ মেচেজটো পৰিলগৈ কম্পিউটাৰ ছাৰৰ ইনবক্সত৷
তৎক্ষণাত মেচেজটো ’ডিলিট ফৰ ইভৰিওৱান’ কৰিবলৈ গৈ দেখিলে এতিয়া আৰু একো লাভ নাই৷ নীলা ৰাইট চিন দুডালে যেন তাৰ ফাললৈ চাই দাঁত নিকটাই হাঁহিহে উঠিল৷ ছাৰৰ ৰিপ্লাই,
“প্ৰেমত পৰিছা সিদ্ধাৰ্থ? “
“নাই ছাৰ, মানে ছাৰ……..“
(গ)

লেপটপটো খুলি একান্তমনে কামত ব্যস্ত ৰাহুল৷ পাপাক সিদ্ধাৰ্থৰ শৰীৰত বয়সৰ লগে লগে সৰু-সুৰা দুই-এটা বেমাৰৰ উপসৰ্গয়ো দেখা দিব ধৰিছে৷ সেয়েহে লাহে লাহে সিও পাপাকৰ কোম্পানীৰ কামবোৰো নিজেই শিকি লোৱা আৰম্ভ কৰিছে৷ হঠাতে হোৱা ফোনটোৰ ভাইব্ৰেচনত সি চকুদুটা সামান্য ঘূৰাই ফোনটোৰ ফালে চালে৷ ৰিংকীৰ ফোন৷ ৰিচিভ কৰি ফোনটো স্পীকাৰত ৰাখি আকৌ কী-বৰ্ডত আঙুলি সঞ্চালন আৰম্ভ কৰিলে সি৷ এইটো প্ৰজেক্টৰ কাম যিমান সোনকালে পাৰি শেষ কৰা দৰকাৰ৷ ফোনৰ সিটো মূৰৰ পৰা তাইৰ মাত ভাঁহি আহিল, “অই হেপী নিউ ইয়াৰ! “
সি ৰিপ্লাই দিয়াৰ দৰকাৰ নাই৷ লেপটপত থকা বিশেষ ছফটৱেৰটোৱেই নিজে নিজেই অবিকল তাৰ কৃত্ৰিম কণ্ঠেৰে ৰিপ্লাই দিব৷ অৱশ্যে সি জানে বছৰৰ প্ৰথম দিনটোত তাৰ কণ্ঠটো শুনিবলৈ পালে তাই সুখী হ’ব৷ সেইকাৰণেই ফোন কৰিছে তাই৷ এহ একো নহয়, এনেও কণ্ঠ শুনি ফোনৰ সিপাৰৰ পৰা ইমূৰে প্ৰকৃত মানুহ নে ছফটৱেৰৰ যান্ত্ৰিক কণ্ঠ সেয়া ধৰাৰ উপায় নাই৷
“হেপী নিউ ইয়াৰ মাইনা৷ “
“পাছে নতুন বছৰত ৰিজ্যলুশ্যন কি সোণটো? “
ৰাহুলে কিবা কৰিব পৰাৰ আগতেই স্বয়ংক্ৰিয় ছফটৱেৰটোৱে কৈ উঠিল, “Resolution আগৰদৰে একেই আছে – 1024 X 768“
________________

প্ৰজন্ম (২)

(ক)

“ধেই নাপালো, গোটেই পাণবজাৰখন এটা বেলা ঘূৰিলো, নাপালো বুজিছ কিতাপখন৷ গাড়ীভাৰাখিনি খৰচ হ’ল মিছামিছি, হওক আপত্তি নাই, তথাপিও কিতাপখন পালে ভাল লাগিলহেঁতেন৷ “ – ভাগৰে-জুগৰে গাৰ পৰা চোলাটো খুলি থৈ মেচৰ লগৰজনৰ সন্মুখত কৈ উঠিল সেই সময়ৰ কলেজীয়া ছাত্ৰ প্ৰশান্ত চৌধুৰীয়ে৷
……………..
“নাপালো চাল্লা, গুগলত অহা গোটেইকেইটা লিংক ক্লিক কৰি কৰি চালো পুৱাৰ পৰা, কিতাপখনৰ পি.ডি.এফ. কপিটো ক’তো নাপালো৷ নেটপেকখিনি খৰচ হওক ৰচোন, কথা নাই, তথাপিও কিতাপখনৰ ডাউনলোড লিংকটো পালে ভাল লাগিলহেঁতেন৷ “
– একৈশ বছৰীয়া পুতেক ৰাহুলে ফোনত কাৰোবাক কৈ থকা কথাখিনি বাৰাণ্ডাত কাকত পঢ়ি থকা প্ৰশান্ত চৌধুৰীৰ কাণত পৰিল৷ সামান্য মিচিকিয়াই চৌধুৰীয়ে ভাবিলে, মানুহবোৰে কৈ থকাৰ দৰেকৈ সময়বোৰনো ক’ত ইমান সলনি হ’ল! প্ৰায় একেই আছেচোন সকলোবোৰ৷
(খ)

চৌধুৰীৰ মনত পৰে, তেওঁ যেতিয়া স্নাতক দ্বিতীয় বৰ্ষত, মায়াই তেতিয়া হায়াৰছেকেণ্ডাৰী ফাইনেল ইয়াৰ৷ খুব চিঠি-পত্ৰৰ আদান-প্ৰদান চলিছিল দুয়োৰে৷ এখন চিঠিত চৌধুৰীয়ে লিখিছিল, “তোমাৰ গোটেই পুৰণা চিঠিবোৰ সাঁচি থৈছো, ঘৰত অকলে থাকিলেই পঢ়ো৷ তাৰ আখৰ আৰু শব্দবোৰৰ মাজত মই তোমাক বিচাৰি পাওঁ৷ “
…………..
“তোৰ হোৱাটছএপ মেচেজবোৰ মই ডিলিট নকৰো জাননে! তোক যেতিয়া বেছিকৈ মিছ কৰো মেচেজবোৰ চাওঁ, তই মোৰ কাষতে থকা যেন লাগে অ’ তেতিয়া৷ “
– ফোনত ৰাহুলে সৰু সৰুকৈ কৈ থাকিলেও কথাষাৰ চৌধুৰীৰ কাণত ঠিকেই পৰিল৷ বহুদিনৰ মূৰত চৌধুৰীয়ে প্ৰাণখোলা হাঁহি এটা মাৰিলে৷ এৰা, সকলোবোৰতো একেই আছে, আগৰদৰেই! ■ ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!