প্ৰজাপতয়ে নমঃ (কল্প-বিজ্ঞান) ( জ্যোতিৰূপম দত্ত )
২০৩৫ চনৰ ২৭ ডিচেম্বৰ৷ যোৱা মাহতেই ই-মেইলত অহা বিয়াৰ চিঠিখনৰ কথাটো আজি পুৱাই ৰিমাইণ্ডাৰ হিচাপে টিভিটোত জিলিকি উঠিল৷
: “আজি ছাইকীয়াৰ ছোৱালীৰ বিয়া! ”, টেঙটেঙীয়া মাতটোৰে জাপানী ৰবটটোৱেও পুৱাৰ চাহকাপ দিবলৈ আহোতে একেই কথাষাৰ দোহাৰিলে৷
: “ছাইকীয়া নহয় ঐ! শইকীয়া! ”, পুৱাই পুৱাই জাপানী ৰবটটোৰ ওপৰতে মোৰ খংটো জাৰিলো৷
ইমান বছৰ পাছতো এই ‘ইউনিকোড’ৰ সমস্যাটোৰ বাবেই এতিয়াও সেই একে গণ্ডগোল চলিয়েই আছে৷ অসমীয়া স্ক্ৰীপ্টবোৰ ‘ইউনিকোড’ত এতিয়াও বঙালী ভাষাৰ তলতীয়া হেনো৷ সেয়ে নতুন নতুন প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে যদিও বেছিভাগ প্ৰযুক্তিত অসমীয়া ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়াও অসুবিধা হয়৷
চাহকাপ হাতত লৈয়েই বিয়াঘৰৰ অৱস্থান আৰু আমাৰ বাবে নিৰ্দিষ্ট থকা অভ্যৰ্থনাৰ সময়টো চাবলৈ বুলি টিভিটোক ‘ভইচ কমাণ্ড’ দিলো৷ আগৰ দিনৰ দৰে আজিকালি বিয়াৰ চিঠিত অভ্যৰ্থনাৰ সময় দিনৰ দুই বজাৰ পৰা নিশা ন বজালৈ বুলি দিয়া নাথাকে৷ বিয়া খোৱা সেই আগৰ কথাৰ দৰে নহয়৷ প্ৰথমতে অমুকৰ বিয়া বুলি এটা ‘ইভেণ্ট’ৰ নটিফিকেশ্যন আহিব৷ বিয়াৰ দিনা যাব নে নাযাব সেয়া এটা নিৰ্দিষ্ট দিনৰ ভিতৰত খাটাংকৈ জনালেহে বিয়াৰ দিনা বিয়া খাবলৈ যাব পাৰিব৷ তাৰ পাছত বিয়াৰ দিনটোৰ অভ্যৰ্থনাৰ সময় সকলোৰে বাবে বেলেগ বেলেগ হয়৷ বিবাহ বাহৰবোৰত আগৰ দিনৰ দৰে গধূলি চাৰে সাতবজাৰ পৰা চাৰে আঠবজালৈ দেওবৰীয়া বজাৰলৈ ৰূপান্তৰিত হোৱাৰ দৃশ্য আজিকালি দেখা নাযায়৷ সকলোৰে বাবে স্বয়ংক্ৰিয় ‘শ্লট’ বুকিঙৰ ব্যৱস্থা আছে যাতে একেসময়তে কোনেও ভিৰ কৰিব নোৱাৰে৷ মই চালো যে আমাৰ বুকিঙৰ সময় গধূলি ৬: ৩৭ ৰ পৰা ৭: ১৮ লৈ৷ তাৰ মানে এই সময়খিনিতে দৰা-কইনাক মাত লগাই খাই বৈ বিবাহ বাহৰৰ বাহিৰ হ’ব লাগিব৷ নহলে ‘কনজেশ্যন চাৰ্জ’ মানে অযথা ভিৰ কৰা বাবে ফাইন লাগি যাব পাৰে৷
যথাসময়ত স্বয়ংক্ৰিয় গাড়ীখনত বহি বিবাহ বাহৰলৈ বুলি ওলালো৷ এইখন পিছে সেই তাহানিৰ ছলমন খানে ড্ৰাইভাৰৰ কাষৰ ছিটটোৰ পৰা বহি চলোৱা গাড়ীখনৰ দৰে নহয় দেই! একেবাৰে অত্যাধুনিক প্ৰযুক্তিসমৃদ্ধ বৈদ্যুতিক শক্তিৰে চলা গাড়ী৷ পিছৰ ছিটটোত আৰামেৰে বহি ললো৷ মেইলখনৰ পৰাই বিবাহ বাহৰৰ জি.পি.এছ লকেশ্যনটো গাড়ীখনে নিজেই সংগ্ৰহ কৰি বাট পোনালে৷ মই সমুখৰ ছিটৰ ডিছপ্লে পেনেলখনত ‘কেণ্ডী ক্ৰাছ’টো উলিয়াই ল’লো৷ ‘কেণ্ডী ক্ৰাছ’ৰ জনপ্ৰিয়তা এতিয়াও আছে৷ লগৰ দুটামানলৈ গেমটোৰ নতুনকৈ অহা ‘ভাৰ্ছন’টোৰ ‘ইনভাইট’ পঠিয়াই দিলো, পিছে ‘ইনভাইট’ পঠিওৱাৰ বাবে গালি যে খাম সেইটো নিৰ্ঘাত৷ ‘কেণ্ডী ক্ৰাছ’ৰ ‘ইনভাইট’ ‘ব্লক’ কৰিলেও নতুন নতুন পদ্ধতি ওলায়েই আছে৷ শব্দহীন গাড়ীখনে বাট বুলিলে বিবাহ বাহৰ অভিমুখে৷ আজি পাৰ্কিঙৰ সমস্যাও নাই৷ গাড়ীখনৰ পাৰ্কিংৰ বাবে বিবাহ বাহৰৰ কাষতে থকা পাৰ্কিং প্লেছটোত নিৰ্দিষ্ট সময়ৰ বাবে যোৱা এসপ্তাহ আগতেই অনলাইন বুকিং কৰা আছে৷
সময়মতেই বিবাহ বাহৰত উপস্থিত হলো৷ প্ৰৱেশ পথতেই থকা RFID ‘স্কেনাৰ’ এটাত মোৰ পকেটত থকা আধাৰ কাৰ্ডখনৰ ৰেডিঅ’ ফ্ৰিকুৱেন্সী আইডেণ্টিটিযুক্ত টেগটোৰ পৰা মোৰ পৰিচয়ৰ ‘ভেৰিফিকেশ্যন’ হোৱাৰ লগে লগে গেটখন খোল খাই গ’ল৷ অনিমন্ত্ৰিত অতিথি অথবা কোনো লোকেই ‘বুকিঙ’ৰ সময় নেওচি বিয়াৰ ভোজ খাবলৈ আহিব নোৱাৰে৷ বিবাহ বাহৰত ৰিহা, মেখেলা চাদৰ পিন্ধা ছোৱালী এজনীয়ে মোক আথেবেথে আগবঢ়াই নি খুব আদৰ সাদৰকৈ বহিবলৈ দিলে৷ ক্ষন্তেকতে আন এজনীয়ে বঁটা এখনত সুন্দৰকৈ তামোল-পাণ সজাই মোলৈ আগবঢ়াই কলে, “খুড়াদেউ! বিয়ালৈ অহাৰ বাবে আপোনাক অচেচ দণ্যবাদ! ”
বুজি পালো৷ এই দুয়োজনী আচলতে ৰবটহে৷ যিমানেই প্ৰগ্ৰেমিং নকৰক এই শ, ষ, স কেইটাতে সকলোৱে উজুতি খায়৷ আগ্ৰহেৰে আগবঢ়াই দিয়া বঁটাখনৰ পৰা তামোল এডোখৰ তুলি মুখত দিয়া মাত্ৰকে গম পালো, সেয়া সাইলাখ তামোলৰ ফ্লেভাৰ থকা সেৰেকা ডায়েট চকলেটহে! তাকে চোবাই চোবাই আটোম-টোকাৰিকৈ বান্ধি নিয়া উপহাৰটি নি দৰা কইনাৰ কাষত থিয় হৈ দেখিলো কইনাজনীও আচল নহয়! দৰাজন সাজি কাচি থিয় হৈ আছে, পিছে কাষতে কইনাৰ থ্ৰি-ডি ইমেজ এটাহে প্ৰজেক্ট কৰি থোৱা আছে৷ সেই আগৰ দিনৰ বহুকেইখন নিৰ্বাচনী সভাত একেলগে একেসময়তে ভাষণ দিয়া কাৰবাৰটোৰ দৰে৷ গম পালো, কইনা বৰ্তমান বিদেশত৷ বিয়াও বোলে তেনেকেই পাতিলে৷ বিয়াৰ নীতি-নিয়মখিনি পালিবলৈহে অসমলৈ আহি এইখিনি কৰিলে৷
দৰাই মাত এষাৰ লগালে৷ মুখত তেনেই সেমেকা নিয়মমাফিক হাঁহি এটা! মই লাহেকৈ কইনাৰ কাষতে থোৱা মেছিন এটাৰ ট্ৰে এখনত মই নিয়া উপহাৰটো থলো৷ মেচিনটো এটা সৰু ‘এক্স-ৰে’ মেচিনৰ দৰে৷ ‘স্কেন’ কৰি ভিতৰত কি আছে তাক ধৰা পেলাই আন এটা ‘বাৰ ক’ড ট্ৰেছিং’ মেচিনেৰে উপহাৰটোৰ আটাইবোৰ তথ্যই ডাটাবেছ এটাত সংৰক্ষণ কৰা হয়৷
মেচিনটোৰ কাষেৰে সৰু শ্লিপ এখন ওলাই আহিল৷ শ্লিপখন লৈ আকৌ বহা ঠাইলৈ গৈ ৰৈ থাকিলো৷ মোৰ ভাগত নম্বৰ পৰিছে ৫৩৮! ডিজিটেল বৰ্ড এখনত নম্বৰবোৰ ওলাই আছিল৷ ৫২১, ৫২২, ৫২৩…….৷ মোৰ পাল পৰাত ভোজনগৃহৰ প্ৰবেশদ্বাৰত ৰৈ থকা ৰবটটোক শ্লিপখন দেখুৱাই ভিতৰলৈ গলো৷ বেছি ভিৰ নাই৷ খাদ্যসামগ্ৰীবোৰ শাৰী শাৰীকৈ সজাই থোৱা আছিল৷ ডিছপ্লে বৰ্ডত সকলো খাদ্যৰে নাম, উপকৰণ সমূহ, কেলৰীৰ সংখ্যা ইত্যাদি সকলোবোৰ ওলাই আছিল৷ থাল এখন টানি লৈ এপদ এপদকৈ সামগ্ৰীবোৰ গোটাই গলো৷ কোনো পহৰীয়া নথকা হেতুকে কেইপদমান বেছিকৈয়ে লোৱা গ’ল৷ পিছে গৈ গৈ মাংসৰ ব্যঞ্জন থকা বাচনটোৰ ঢাকনিখন টানিলো৷ বাচনটোৰ ঢাকনিখন ডাং নাখায় দেখোন! হে প্ৰভু! কি হ’ল এইখন! পিছে মোৰ থালখনতে থকা সৰু ডিছপ্লে স্ক্ৰীণ এখনত ‘ৱাৰ্ণিং! ’ বুলি কিবা এটা জিলিকি থকা দেখিলো৷ ভালকৈ চাই দেখিলো লিখা আছে, “আপুনি গ্ৰহণ কৰিব পৰাতকৈ বেছি খাদ্য ইতিমধ্যে থালত তুলি লোৱা হৈছে! সেয়ে এইখিনি শেষ নকৰা পৰ্য্যন্ত আপোনাক পৰবৰ্তী খাদ্য সংগ্ৰহৰ পৰা বিৰত ৰখা হৈছে! ”
খা বাপেকে এতিয়া! এইখিনি শেষ কৰিলেহে মাংসৰ টৌটোৰ ঢাকনী ডাং খাব! আগতে বিয়াৰ ভোজবোৰত মাংসৰ টৌটোৰ কাষত পহৰাৰ ব্যৱস্থা আছিল, যাতে কোনোৱেই দৰকাৰতকৈ বেছি ল’ব নোৱাৰে৷ এতিয়াও প্ৰায় একেই কাৰবাৰ! ঠোঁট-মুখ চেলেকি থালখন লৈ এঠাইত বহি খোৱা আৰম্ভ কৰিলো৷ সকলোবোৰ সেৰেকা যেন লাগিল৷ এপেটকৈ ভুৰি-ভোজন কৰাৰ মানসেৰে বিয়া খাবলৈ আহি মাংসৰ সলনি ‘জেনেটিক’ ফুলকবিৰ টুকুৰা চোবাব লগা হৈছে!
ঠেলি হেচি কেনেবাকৈ থালখনৰ আধাৰো বেছি খাদ্য শেষ কৰি আকৌ মাংসৰ টৌটোৰ কাষত থিয় দিলো৷ এইবাৰ ঢাকনি ডাং খালে দেখোন! ৰক্ষা! এইবাৰ এৰাত নাই! আন চিন্তা নকৰি চিধাই মোৰ থালখন মাংসৰ টুকুৰাৰে ভৰোৱাত লাগিলো৷ কিবা এটা ‘ৱাৰ্ণিং’ আহি থাকিলেও সেইফালে বেছি গুৰুত্ব নিদি থালখন ভৰাই আনি ভালকৈ বহি লৈ গো-গ্ৰাসে খোৱাত লাগিলো৷ খাই বৈ ‘অট’মেটিক ডিছৱাছাৰ’টোত থালখন ভৰাই বুটাম টিপি থালখন ধুই আকৌ আগৰ ঠাইত থৈ আহিলো৷ সেইটোৱেই নিয়ম৷ আগৰ দৰে এটা লেতেৰা চৰিয়াত সকলোৰে থালবোৰ একেলগে এবাৰ ডুবাই লেতেৰা কাপোৰ এখনেৰে মোহাৰি আকৌ খোৱাৰ ঠাইত থোৱা কাৰবাৰবোৰ এতিয়া সলনি হ’ল৷
খোৱা বোৱা শেষ কৰি ঘড়ী চালো৷ ৭: ১৩! তাৰ মানে ঠিকেই আছে৷ সঠিক সময়তেই খোৱা বোৱা শেষ হ’ল৷ ফাইন ভৰিব নালাগে আৰু৷ দুৱাৰমুখত মুগাৰ চাদৰ মেখেলা পিন্ধি ৰৈ থকা ৰবট এজনীকে মাত লগাই খৰখেদাকৈ বিয়াঘৰৰ পৰা ওলাই আহিলো৷
ঘৰলৈ আহি দেখো টিভিটোত কিবা এটা নটিফিকেশ্যন জিলিকি আছে৷ বেংকৰ পৰা অহা মেছেজ এটা৷ মেছেজটো খুলিলো৷
“আজি বিয়াঘৰত আপুনি প্ৰদান কৰা উপহাৰটিৰ মুল্যতকৈ আপুনি বেছি মুল্যৰ খাদ্য গ্ৰহণ কৰিলে৷ আপুনি আমাৰ সতৰ্কবানীকো আওকাণ কৰি অতিৰিক্ত খাদ্যগ্ৰহণ কৰা বাবে আপোনাৰ একাউণ্টৰ পৰা সেই অতিৰিক্ত খাদ্যৰ সমমুল্যৰ টকা বিয়োগ কৰা হ’ল ! ”