প্ৰজ্ঞাৰ সাধনা – জ্ঞানৰ দৌৰ ( দেৱব্ৰত গগৈ )

প্ৰজ্ঞাৰ সাধনা – জ্ঞানৰ দৌৰ
-( দেৱব্ৰত গগৈ )


“ওবামাৰ দেউতাকৰ নাম কি ?”
“কনফুচিয়াছ কোনখন দেশৰ আছিল ?”
“টেল ছামথিং এবাউট ক্লনিং”
“ফাৰ্ষ্ট আছামিজ নভেলখনৰ নাম কি?”
“তান্তিয়া-টুপী কোনখন ৰাজ্যৰ আছিল ?”
“ডাইনছৰ থকা পিৰিয়ডটোৰ নাম কি”?
“আইষ্টাইনৰ আপেক্ষিকতাবাদ সুত্ৰটোৰ বিষয়ে কি ভাবে” ?
“ইথাৰ নামৰ অবজেক্টটো আছে বুলি ভাবেনে ?”
“লাইটৰ স্পীড কিমান” ?
“C++ ৰ বিষয়ে অলপ বহলাই কব পাৰিবনে ?”
“মাৰুতিৰ শেহতীয়া গাড়ীৰ মডেল কোনটো ?” ………………………..

এই সকলোবোৰ প্ৰশ্নৰে সঠিক উত্তৰ জনা ব্যক্তি হয়তো বহুতো আছে আৰু জনা ব্যক্তিসকল অসাধাৰণ নহলেও জীৱনৰ বিভিন্ন স্তৰৰ বিভিন্ন ক্ষেত্ৰৰ একোজন উল্লেখনীয় লোক । আনহাতে এই উল্লেখিত প্ৰশ্নবোৰৰ সঠিক উত্তৰসমূহ জানিবলৈ তথ্য আৰু জ্ঞানৰ প্ৰয়োজন হয় । বিভিন্ন অমুল্য তথ্য আৰু অপৰিসীম জ্ঞানৰে পৰিপুষ্ট এই ব্যক্তিসকলক তেন্তে আমি সমাজৰ একোজন সফল ব্যক্তি বুলি ভাবিব পাৰোনে ? আমি মানিমনে যে তেখেতসকল প্ৰজ্ঞাৰ সাধনা কৰা সঁচা অৰ্থত একোজন জ্ঞানী পুৰুষ বা মহিলা ?

বৰ্তমানৰ অসমখনৰ সামাজিক পৰিৱেশটোত নামমাত্ৰ অধ্যয়ন কৰা যিকোনো ব্যক্তিৰে ওপৰত কৰা প্ৰশ্নটোৱে মগজুত ভুমুকিয়াইছেহি । কাৰণ পৰিস্থিতি এনে এটা পৰ্য্যায় পাইছেহি যে তথ্য, জ্ঞান আৰু প্ৰজ্ঞাৰ মাজত থকা পাৰ্থক্য আৰু সংজ্ঞা আজি একাকাৰ হোৱাৰ পথত । প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত আজি যিকোনো তথ্যই আমাৰ হাতত মুহুৰ্ততে পৰেহি, আনহাতে কঠোৰ তথা একাণপতীয়া অধ্যয়নৰ যোগেদি আমি যিকোনো আগশাৰীৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা জ্ঞানী হোৱাৰ স্বীকৃতি পাব পাৰো । কিন্ত প্ৰজ্ঞা ? ইয়াৰ আচল সংজ্ঞাই বা কি ? ইয়াৰ প্ৰয়োজন কত আৰু কেতিয়া ? যিকোনো অভিধান মেলিলে আমি প্ৰজ্ঞাৰ আভিধানিক সংজ্ঞা পাই যাম । কিন্ত ইয়াক আমি কেনেকৈ হৃদয়ংগম বা সাধনা কৰিব পাৰিম ? মানুহৰ ইয়াক প্ৰয়োজন কেতিয়া হয় আৰু কেতিয়া অভাৱ হয় ?

চিকিত্সক এজনে চিকিত্সাৰ জ্ঞান আহৰণ কৰি দুখীয়া নিচলাক বিনা পইচাত চিকিত্সা কৰা কামটো প্ৰজ্ঞাৰ নামান্তৰ হয় আৰু যেতিয়া একেজন চিকিত্সকেই ধনৰ লোভত অবৈধ গৰ্ভপাতত লিপ্ত হয় তেতিয়া তেখেতৰ প্ৰজ্ঞাৰ অভাৱ ঘটা বুলি কব পাৰি । এসোপামান তথ্য সংগ্ৰহ কৰি কোনোবা উচ্চশিক্ষিত লোকে স্বজ্ঞানেৰে একোখন মনোমোহা উপন্যাস লিখিব পাৰে কিন্ত সেইখন উপন্যাসে কোনোবা পুৰস্কাৰ লাভৰ বাবে একেজন লেখকে লেতেৰা তৈলমৰ্দন ৰাজনীতিত নামিলে সঁচাই প্ৰজ্ঞাৰ অভাৱ ঘটা বুলিয়েই ভাবিব লাগিব ।

আজিৰ তাৰিখত উত্তৰ-পূৰ্ব্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত বহু হেজাৰ জ্ঞানীলোকেৰে ভৰি আছে | কিন্ত দুভাৰ্গ্যক্ৰমে গুৱাহাটী মহানগৰীয়ে বিশ্বৰ ভিতৰতে অন্যতম প্ৰদুষিত চহৰ ৰূপে স্বীকৃতি পাই অভিলেখ কৰিছে । এক ঋণাত্মক অভিলেখ । ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগ নিয়াৰিকৈ চলাই নিবলৈ বহু জ্ঞানী আৰু শিক্ষিত লোকেৰে বিভাগবোৰ ভৰি আছে, কিন্ত প্ৰতিটো বিভাগেই আকণ্ঠ দুৰ্নীতিত ডুব গৈছে । চৰকাৰৰ মন্ত্ৰীসভাত স্থান পোৱা ডক্টৰেট উপাধিধাৰী মন্ত্ৰীকেইজনেই আটাইতকৈ দুৰ্নীতি পৰায়ণ আৰু ধূৰ্ত বুলি বাতৰি কাকতে প্ৰতিনিয়ত অভিযোগ কৰে । মেট্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা আয়োজন কৰা উচ্চশিক্ষিত আয়োজকসকলেই লোকচক্ষুৰ আগত নিজৰ বিশৃংখল কৰ্ম-কাণ্ড কৰি দেখুৱাই । কোনোবা যুৱ সংগঠনৰ বৃদ্ধ উচ্চ শিক্ষিত ছাত্ৰ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনে গতি হেৰুৱাৰ উপক্ৰম হয় । ৰাজপথত বিলাসী গাড়ী চলোৱা উচ্চ শিক্ষিত চালকে ট্ৰেফিক আইন ভাঙি ৰাজপথত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে । হাজাৰ হাজাৰ শিক্ষিত ব্যক্তিয়ে ভৰি থকা আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন উশৃংখল, অশান্ত আৰু দুখীয়া ৰাজ্য হিচাপে চৰকাৰীভাবে চিহ্নিত হয় । আৰু ইমানৰ পাছতো আমি শিক্ষিত হবলৈ উদ্বাউল হৈ পৰিছো । সন্তানে গুৰুত্বপূৰ্ণ পৰীক্ষাত উচিত নম্বৰ নাপালে আমি আহাৰ-পানী খাবলৈ বাদ দিওঁ, কাৰণ তেওঁলোককও শিক্ষিত কৰিবলৈ বিচাৰো । উত্তৰ কাছাৰৰ হেজাৰ কোটি টকীয়া দুৰ্নীতিৰ টকাই হওক বা অৱসৰ প্ৰাপ্ত শিক্ষকে প্ৰাপ্য পেঞ্চন পাবলৈ আমাক যচা ভেটিৰ টকাৰেই হওক নতুবা দুখীয়া খেতিয়কৰ বাবে আবণ্টন দিয়া বিনামূলীয়া পাম্প ছেট বা শইচৰ বীজ চোৰাং বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰা টকাৰেই হওক আমি আমাৰ সন্তানক শিক্ষিত কৰিবলৈ বিচাৰো । আমি বিচাৰো আমাৰ সন্তানহঁত হওক তথ্যৰে উপচি থকা একোটাহঁত চলন্ত ভঁৰাল । আমি মনে প্ৰাণে বিচাৰো আমাৰ নতুন প্ৰজন্ম হওক তথ্য আৰু জ্ঞানেৰে ভৰি থকা প্ৰজ্ঞাহীন একোজন সফল, উচ্চশিক্ষিত আৰু জ্ঞানী অমানুহ । কাৰণ আমি জানো যিদিনাখনেই তেওঁলোকে জ্ঞানৰ দৌৰ এৰি প্ৰজ্ঞাৰ সাধনাত নামিব সিদিনাখনেই আমি এতিয়া কৰা প্ৰতিটো অনৈতিক কৰ্ম আৰু অক্ষমণীয় ভুলৰ বাবে আমাক জবাবদিহি কৰাৰ সাহসকণ বুকুৰ ভিতৰত গোটাই লব ।

–**–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!