প্ৰতিধ্বনি (মৈত্ৰেয়ী পাটৰ)
সময়ৰ ঘহনিত গড়ৰ ছাল হৈছে সপোনৰ কোমলতাবোৰ
সপোনবোৰ গড়ৰ ছাল
আমিবোৰ শামুকৰ খোলা
একোবাৰ মূৰ উলিয়াই চাই
খোলাৰ ভিতৰত শুই থকা কিবা এটাই,
ক’ৰবাত ফুলিছে শিমলু
ধূলিয়াৰী চকু এহালিত হেৰাইছে বাটৰ আঁত
কোনোবাখন বুকুত জ্বলিছে পলাশ..
মানুহবোৰ ক্ৰমান্বয়ে শিল হৈছে
আধুনিকতাৰ ফাগুনে বিধ্বস্ত কৰি থৈ গৈছে
ব’হাগৰ গাভৰু হেঁপাহ
কেৱল চোৱাৰ বাবে পৃথিৱীখন চাই
আমি আকৌ হৈ পৰোঁ শামুকৰ খোলা
প্ৰয়োজন নহয় দুবাৰ চোৱাৰ
বাগৰ সলাই আকৌ কলাঘুমতিত যায় মানৱতা
কোনেও নুশুনাকৈ চৰাই এটাই চিঞৰে
প্ৰতিধ্বনিৰ বিষ লৈ খহটা হৈ গৈ থাকে নিতে
সপোনবোৰৰ ছাল..
—–**—–