প্ৰবাসত ৰঙালীৰ অভিজ্ঞতা (ডা০ ভূপেন শইকীয়া)
প্ৰবাসত ৰঙালীৰ অভিজ্ঞতা – কাটাৰৰ চিঠি
যোৱা ৪এপ্ৰিল, শুকুৰবাৰে কাটাৰ অসম সমাজৰ সৌজন্যত অতি উলাহ উদ্দীপনাৰে প্ৰবাসত এই বছৰৰ প্ৰথমখন ৰঙালী বিহু সন্মিলনী (বহাগ নৌ সোমাওতেই হলেও) সুকলমে পাৰ হ’ল৷ পোনতেই অসমবাসী বা ভাৰতবৰ্ষৰ অইন ঠাইত বসবাস কৰা অসমীয়া ৰাইজৰ মনত প্ৰশ্ন উদয় হব বহাগ নোসোমাওতেই ৰঙালী উৎসৱ পাতিবলগীয়া হ’ল কিয়? ইয়াৰ কাৰণ সকলো প্ৰবাসীৰে অৱগত৷ আনসকলক জনাবলৈ দুআষাৰ কোৱাৰ প্ৰয়োজন আছে৷ সকলো প্ৰবাসীয়েই মূলত: কৰ্মৰ তাগিদাত বিদেশলৈ আহি নিজকে থানথিত লগাই লয়৷ নিজৰ কৰ্তব্যক কেতিয়াও নেওচিব নোৱাৰে৷ আকৌ ডিউটিৰ সময়ো অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভিন্ন ভিন্ন৷ কাৰোবাৰ ডিউটি একেলেথাৰিয়ে, কাৰোবাৰ শ্বিফ্টত, কাৰোবাৰ ৮৷৯ঘন্টা কাম, কাৰোবাৰ অভাৰটাইম মিলাই দিনে ১০৷১২ঘন্টাৰ কাম, কাৰোবাৰ সাপ্তাহিক ছুটি শুকুৰবাৰে, কাৰোবাৰ অইন দিনা৷ কাৰোবাৰ আকৌ ‘শ্বাট ডাউন’ চলিলে জৰুৰী ছুটিও নাপায়- ওলোটা অতিৰিক্ত সময় কৰ্মস্থলীত খাটিব লাগে; ঠিক যি দৰে চিকিৎসকে চিজিল নকৰাকৈ এজন চিৰিয়াচ ৰোগীক ডিউটি শেষ হ’ল বুলিয়েই এৰি থৈ যাব নোৱাৰে৷গতিকে এটা সকলোৰে সুবিধাজনক দিন বাচি ওলোৱাটো যথেষ্ট কঠিন কাম৷ একেই কথা আখৰাৰ বাবে সমবেত হোৱাৰ ক্ষেত্ৰতো খাটে৷ বিহু-হুচৰিৰ নাচনীৰ আজৰি আছে যদি গৃহস্থৰ ছুটি নাই নাইবা কোনোবা দিনা নাচনী আকাশ পথত ডিউটিত, কোনোবা দিনা ঢুলীয়াৰ গা বেয়া নহলে কোৰাচ গাওতা কেইবাজনৰো কামৰ প্ৰচুৰ হেঁচা – ইত্যাদি৷ আকৌ একেটা ঘৰতে দেৰিলৈকে ঢোল-তাল বজাই আখৰা কৰিব নোৱাৰি – ওচৰ চুবুৰীয়াই হুলস্থুল হৈছে বুলি আপত্তি দৰ্শায়৷ তৎসত্বেও সকলো বাধা নেওচি ৪৷৫টা শুকুৰবাৰে আজি অ’ত, কালি ত’তকৈ আখৰা চলিল৷ আখৰাত ২৫৷৩০ বা কেতিয়াবা তাৰো ওপৰজন লোক যেনেতেনে গোট খায়৷ এশ কিলোমিটাৰ দূৰৈৰ পৰাও আখৰালৈ কেইটিমান পৰিয়াল নিয়মীয়াকৈ আহিল৷ প্ৰতিটো আখৰাৰ দিন আছিল একোটা প্ৰীতি ভোজৰ সন্মিলনীৰ দৰে৷ প্ৰতিটো পৰিয়ালে ঘৰৰ পৰা নানাবিধ ব্যঞ্জন লৈ আহে আৰু আখৰাৰ শেষত ৰং ৰহইচৰে ভোজ-ভাত খাই ঘৰাঘৰি যায়৷ প্ৰবাসী অসমীয়া পৰিয়ালসমূহৰ মাজত এনে প্ৰীতি ভোজে সদ্ভাৱনাৰ এঠাৰ দৰে কাম কৰিছিল৷ প্ৰবাসতো অনুভূত হৈছিল স্বদেশৰ স্বাদ৷ এইবাৰ অসমৰ পৰা অহা দুগৰাকী বয়োজেষ্ঠা আইতা (আমাৰে দুজন সদস্যৰ মাতৃ) আছিল আমাৰ সকলো কৰ্মকাণ্ডৰ চাক্ষুস সাক্ষী৷ সেই দুগৰাকী সমূহীয়া আই-মাতৃৰ প্ৰেৰণাদায়ক উপস্থিতিয়ে আমাক ধন্য কৰিছিল৷
কাটাৰত অনুষ্ঠান আয়োজন কৰিবলৈ সমূহীয়া হল-ঘৰ বা মঞ্চ ভাড়াত লবলৈ আমাৰ দৰে সৰু গোটৰ আৰ্থিক সামৰ্থ্য টনকিয়াল নোহোৱাত ‘গ্ৰেণ্ড কাটাৰ পেলেচ হোটেল’ নামৰ হোটেলখনকে বিহুতলী কৰিবলৈ বাচি ওলিওৱা হ’ল৷এই চাৰি তাৰকা হোটেলখনৰ মঞ্চৰ আগত প্ৰায় দুশজন দৰ্শক সমবেত হব পাৰে৷সকলো অতিথিয়ে তাতেই আহাৰ কৰাটো বাধ্যতামূলক,বিনিময়ত মঞ্চৰ সুকীয়া ভাড়া নালাগে৷তদুপৰি আমি ঘৰৰ পৰা বনাই নিয়া পিঠা পনা, জলপান আদিৰো প্ৰদৰ্শনীৰ সা-সুবিধা পাম৷আমাৰ অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি আছিল ভাৰতীয় দূতাবাসৰ অধীন সাস্কৃতিক কেন্দ্ৰৰ সভাপতি শ্ৰীতৰুণকুমাৰ বসু আৰু তেওঁৰ সহধৰ্মিনী, উপ-সভাপতি শ্ৰীগিৰীশ কুমাৰ৷
সন্ধিয়াৰ ৬বজাৰ লগে লগে পোনতে অ’ মোৰ আপোনাৰ দেশ আৰু তাৰ পিছত ‘বিশ্বৰ ছন্দে ছন্দে’ ৰাভা সংগীত পৰিবেশনেৰে কাটাৰ অসম সমাজৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ল৷ যোৱা বছৰৰ দৰে এই বছৰো আমন্ত্ৰিত সকলো অতিথিকেই আতৰৰ ব্যৱসায়ত জড়িত অসমীয়াসকলৰ দ্বাৰা একোটিকৈ আতৰৰ বটল উপহাৰ দিয়া হয়৷ বিশিষ্ট অতিথি তিনিওজনকে পাটৰ ফুলাম গামোছা, একোটি অসম সমাজৰ দ্বাৰা নিৰ্মিত বিশেষ পিয়লা, আতৰৰ টোপোলা আৰু অন্যান্য উপহাৰেৰে সম্বৰ্দ্ধনা জনোৱা হয়৷ বিদায় লোৱাৰ আগতে তেখেতসকলক অসমীয়া পিঠা-জলপানৰো স্বাদ লবলৈ দিয়া হয়৷ আমাৰ কৰ্মোদ্যোমী মহিলাসকলৰ প্ৰবাসতো অসমীয়া কৃষ্টিক জীয়াই ৰখাৰ এই প্ৰয়াস নিশ্চয় সকলোৰে সমাদৰ লভাৰ যোগ্য৷
কাটাৰৰ অসম সমাজৰ সভাপতিৰূপে এই অভাজনে পাঠ কৰা চমু ভাষণ আছিল এইদৰে –
শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ –
সৌ সিদিনা এই মৰুৰ দেশ কাটাৰৰ আকাশ মেঘাচ্ছন্ন হ’ল৷ আচম্বিতে আহিল বতাহ-বৰষুণ আৰুবৰদৈচিলা৷ বৰদৈচিলাই জানো সীমাৰ পৰিধি চিনে?
বৰদৈচিলাই দেশ দেশান্তৰৰ ভেদাভেদ নামানে৷
সেয়ে বৰদৈচিলাই আমাক সোঁৱৰাই দিলে বহাগ আৰু বিহুসমাগত৷
আৰু এইদৰে চাওতে চাওতেই হেঁপাহৰ ৰঙালী বিহুটি বছৰৰ মূৰত আকৌ আহিল৷
বিহু হ’ল অসমীয়াৰ প্ৰাণৰো প্ৰাণ৷ জাতীয় জীৱনৰ আত্মা৷ জাতি-ধৰ্ম নিৰ্বিশেষে বিহু প্ৰতিজন অসমীয়াৰ তেজৰ শিৰা-উপশিৰাত প্ৰবাহমান৷ বিশ্বৰ য’তেই নাথাকক কিয় বিহু বুলিলেই প্ৰতিজন অসমীয়াৰ অন্তৰত হেন্দোলনি উঠে৷ কাটাৰৰ অসম সমাজ ভাৰতীয় দূতাবাসৰঅধীনস্থ সাংস্কৃতিক কেন্দ্ৰৰ এক মান্যতাপ্ৰাপ্ত গোট৷ এই স্বীকৃতি লাভ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে আমি এইদৰে ৰঙালী উৎসৱ পালন কৰিবলৈ একত্ৰিত হৈছোঁ৷ আমি আজি আমাৰ মাজত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি মাননীয় শ্ৰীযুত তৰুণকুমাৰ বসু আৰু তেওঁৰ সহধৰ্মিনী, উপ-সভাপতি শ্ৰীযুত গিৰীশ কুমাৰক আমাৰ মাজত পাই নথৈ আনন্দিত হৈছোঁ৷
নিজে প্ৰবাসী হোৱা হেতুকে প্ৰবাসত এইদৰে একত্ৰিত হোৱাটো কিমান কঠিন কাম তাক ভালদৰে উপলব্ধি কৰোঁ৷ কামৰ চাপ, ছুটিৰ সমস্যা,ব্যক্তিগত নানা জঞ্জাল – সকলো হেঙাৰ অতিক্ৰম কৰি বিহু পাতিবলৈ সমবেত হোৱা বাবে মই আজি এই মঞ্চৰ পৰা সকলো অতিথি আৰু সাংস্কৃতিক অনুষ্ঠানত ভাগলোৱা সৰু-বৰ প্ৰতিজন ব্যক্তিকেই ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভকামনা যাচিছোঁ৷ আগন্তুক নৱবৰ্ষ যেন সকলোৰে বাবে মংগলময় আৰু সফলতাৰ বাহক হয় –
ইয়াৰ বাবে নেদেখাজনৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা জনালোঁ৷ বিগত বছৰটোত কাটাৰ অসম সমাজ নানান ঘাত-প্ৰতিঘাতৰ সন্মুখীন হলেও আমাৰ যোগাত্মক উপলব্ধিৰ তালিকাখন তেনেই তাকৰীয়া নহয়৷ সকলোৰে গঠনমূলক সহযোগিতা আৰু শুভকামনাক মূলধন কৰি এই অসম সমাজে কেবল কাটাৰ বা উত্তৰ পূৰ্বাঞ্চলতেই নহয় অন্যান্য সকলো ভাৰতীয় গোট বা প্ৰতিষ্ঠানৰ মাজতো যেন দেশে-বিদেশে এক সন্মানজনক আসনত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়- ইয়াকে কামনা কৰি মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ৷
বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে নেথাকে অসমৰ মান৷
ইয়াৰ পিছত নিশা চাৰে এঘাৰ বজালৈ চলা বিচিত্ৰানুষ্ঠানত কণকণ মইনাহতে পৰিবেশন কৰিছিল- ভাৰত নাট্যম, আধুনিক নৃত্য, মণিপুৰি নৃত্য, বিহু নৃত্য, অসমীয়া বোলছবিৰ গীত আদি৷ জেষ্ঠসকলৰ ভিতৰত গীতাশ্ৰী কলিতাই বৰগীত,পল্লবী দাসৰ জ্যোতি সংগীত, আব্দুল্লা চৌধুৰীৰ শ্বেৰ-শায়ৰী, ৰুমঝুম শইকীয়াৰ বিহু সুৰীয়া গীত, নাৰায়ণ শৰ্মা পাঠকৰ আবৃত্তি,ডা০ মধুস্মিতা লহকৰ,ৰাজু উপ্ৰেতি আৰু নৱজ্যোতি ‘নিকু’ৰ আধুনিক গীতৰ শৰাই আছিল অতি আকৰ্ষণীয় অনুষ্ঠান৷ অসমৰ পৰা বিশেষকৈ চিলাই নিয়া বিহুৰ সাজেৰে পৰিপূৰ্ণ এজাক ডেকা গাভৰুৰ বিহু হুচৰি আছিল দৰ্শকৰ মন মতলীয়া কৰা এক অনুষ্ঠান৷ যোৱা বছৰৰ দৰে এইবাৰো পূজা গোস্বামীয়ে হিন্দী গীত, গোৱালপৰীয়া লোক গীত আৰু বিহুগীতেৰে বিহুতলী মুখৰিত কৰি তোলে৷ এটা সময়ত পাৰভঙা আনন্দৰে দৰ্শকে মুকলি বিহুত ভাগলৈ আনন্দৰে নাচিব ধৰে৷ অসম সমাজৰ নিয়মীয়া ঘোষিকা দীপশিখা দেবে তেওঁৰ স্বামী অষ্ট্ৰেলিয়ালৈ কৰ্মসূত্ৰে বদলি হোৱাত কাটাৰ ত্যাগ কৰাত এইবাৰ আমাৰ মাজলৈ আহিল এগৰাকী নতুন এংকৰ জাফৰিন হাচান৷ জাফৰিনে অতি সুন্দৰভাবে দক্ষতাপূৰ্বক অনুষ্ঠানটি পৰিচালনা কৰাৰ বাবে সকলোৰে শলাগৰ পাত্ৰী হ’ল৷ মাজে-মাজে অসম সম্বন্ধীয় কুইজৰ বাবে আকস্মিক বঁটাৰ ব্যৱস্থা কৰা হৈছিল৷ শ্ৰেষ্ঠ পৰিপাটি সাজপোছাকৰ বাবে পুৰস্কৃত হয় প্ৰিন্স গোস্বামী আৰু কাটাৰত নৱাগতা ডা০মধুস্মিতা গোস্বামী৷ ৰঙালী বিহু বিষয়ৰ ওপৰত আয়োজিত চিত্ৰাকংন প্ৰতিযোগিতাত ভাগ লোৱা শিশুসকলক বঁটা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ অসমৰ পৰা অহা আই মাতৃ শ্ৰীযুতা পুস্প কলিতা আৰু শ্ৰীযুতা ইলা শইকীয়াক আজিৰ অনুষ্ঠানত একোখনকৈ চাদৰ আৰু ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয় আৰু তেখেতসকলৰ কাটাৰৰ অভিজ্ঞতাৰ আভাস লোৱা হয়৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ দুই মুৰব্বীয়ে বিগত বছৰটোৰ অসম সমাজৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে আৰু গোটৰ উত্তৰোত্তৰ সৰ্বাংগীন উন্নতি হব বুলি আশা ব্যক্ত কৰে৷
এই সুন্দৰ অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় অসম সমাজৰ উপ-সভাপতি ডা০প্ৰেমানন্দ গোস্বামীয়ে৷ সুস্বাদু ভোজন গ্ৰহণ কৰি এক পৰিতৃপ্ত মনলৈ ৰাইজ যেতিয়া ঘৰমুৱা হয় তেতিয়া কেলেণ্ডাৰ তাৰিখ সলনিহৈ ৫এপ্ৰিল শণিবাৰ হৈছে৷ সেই মাজনিশাৰ পৰাই ‘কাটাৰ অসম সমাজ’ৰ ফেচবুকৰ পৃষ্ঠাসমূহ আমাৰ বিহু উদযাপনৰ ফটোৱে শুৱনি কৰিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া ৫০ ঘন্টা পাৰ হোৱাৰ পিছতো বিভিন্নজনে প্ৰেৰণ কৰা ন-ন মনজুৰোৱা ফটো আহিয়েই আছে৷ এইবাৰৰ কাটাৰৰ বিহুৰ বিশেষত্ব হ’ল এদল কৰ্মোদ্যমী অসম আৰু অসমীয়াক ভাল পোৱা প্ৰতিভাৰ সন্ধান ওলোৱাটো৷ সেয়ে মোৰ কবলৈ মন যায়:
* আহি আছে,আৰু আহি আছে ……………………………..
ৰঙালী বিহু উদযাপনৰ উচাহ-উদ্দীপনাৰ যেন অন্তই নপৰিব!
ক’ত লুকাই আছিল এই অফুৰন্ত প্ৰাণ শক্তি ………………… ?
ৰঙে-ৰসে ভৰা আমাৰ ‘কাটাৰ অসম সমাজ’, আজি আনন্দে নধৰে হিয়া!
ফে’চবুকত ফটোবোৰৰ মুখবোৰ চাই চাই মন প্ৰাণ ভৰি গৈছে মোৰ – শলাগিবলৈ ভাষা নাই!