প্ৰবাসৰ সোণোৱালী দিনৰ স্মৃতি -ডা: ভূপেন শইকীয়া



কৰ্মজীৱনৰ প্ৰায় ৯টা বছৰ অতিবাহিত কৰিছিলোঁ মধ্যপ্ৰাচ্যৰ এখন দেশত৷ দেশখনৰ নাম হ’ল কাটাৰ৷ যাৰ আয়তন আমাৰ অসমৰ ছয় ভাগৰ এভাগ৷ আমাৰ মানুহে কাষৰীয়া দেশ সংযুক্ত আৰব আমীৰাটক (UAE) যিমান জানে, সিমান কাটাৰৰ বিষয়ে নাজানে৷ ডুবাইৰ নাম যিমান বাতৰিৰ শিৰোনামত আহে, ডোহাৰ নাম সিমান চৰ্চালৈ নাহে৷ পিছে ২০২২চনত হবলগীয়া ফিফা ফুটবল খেলৰ দিন কাষ চাপে মানে ডোহাৰ নাম মানুহৰ মুখে মুখেদি যে আখৈ ফুটা দি ফুটিব সেয়া ধুৰূপ৷
ডায়েৰীৰ পাত লুটিয়াব লৈ পোনতে স্মৰণ কৰোঁ মোৰ প্ৰথমখন গ্ৰন্থ ’কাটাৰৰ ডায়েৰী’ৰ জন্ম বৃত্তান্তলৈ৷ কিদৰে ২০১১চনৰ মাজভাগত মাজনিশাখন এখন অচিনাকি দেশৰ অচিনাকি ঠাইত অচিনাকি মানুহৰ মাজত নিজকে পাই কি উপলব্ধি কৰিছিলোঁ: মানুহ দেখিছোঁ মাথোন মানুহ/ বিনন্দীয়া বিশাল বিশ্বৰ/ বিভিন্ন প্ৰান্তৰ/ সাগৰ মহাসাগৰ পাৰ হৈ/ অনেক গিৰি লংঘি অহা/ কিহৰ সন্ধানত? / হ’ব পাৰে ছালৰ বৰণ বগা ক’লা আৰু কজলা/একেই কিন্তু পেটৰ ক্ষুধা/একেই তেজৰ ৰং/একেই চকুৰ ভাষা/অনন্য সৃষ্টিৰ এই দৃষ্টিত/বিস্মিত মই /----এয়াৰপ’ৰ্টৰ পৰা অলচাডৰ মোৰ ক্লিনিকলৈ বাট অতিক্ৰম কৰোঁতে সময় লাগিল ৪০মিনিট৷ আৰামদায়ক বিলাসী বাহনখন চলাইছিল এজন নেপালী যুৱকে৷ বাৰ আৰু তাৰিখ তেতিয়ালৈ সলনি হৈছিল৷ আমাৰ ক্লিনিকৰ ডাইৰেক্টৰ ডা° আটিফ মোৰ বাবে প্ৰতীক্ষাৰত আছিল৷ কেইটিমান সৌজন্যমূলক কুশলবাৰ্তা সোধাৰ পিছত তেওঁ ড্ৰাইভাৰক নিৰ্দেশ দিলে মোক মোৰ বাবে আবণ্টন কৰা ফ্লেটলৈ নি প্ৰয়োজনীয় সহায় কৰি দিয়াৰ৷ মোৰ হাতত তুলি দিলে এখন ম’বাইলৰ চিম (যিখন আজিও বাহাল আৰু কাৰ্যক্ষম হৈ আছে) আৰু এখন ৫০০ৰিয়াল মূল্যৰ কাটাৰী নোট৷
নতুন কৰ্মস্থলীত নতুন পৰিবেশৰ সৈতে খাপ খুৱাই লবলৈ কেইটামান পষেক লাগিল৷ সেই সময়ৰ দেশখন জনসংখ্যা আছিল ১৭ লাখ৷ তাৰে প্ৰায় ৪০শতাংশ হ’ল কাটাৰী বা আন আৰবীভাষী লোক৷ ভাবিলে আচৰিত লাগে আমেৰিকা, ৰাচিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া, চীন, ফিলিপাইন, জাপান, তুৰস্ক, ইৰাক, ইৰান, জৰ্ডান, পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, ম্যানমাৰ আদি বিভিন্ন দেশৰ নাগৰিকে কাটাৰৰ ৰেচিডেণ্ট ভিছা লৈ বছৰ বছৰ ধৰি এই ক্ষুদ্ৰ দেশখনৰ উন্নয়নত অৰিহণা যোগাই আহিছে৷ ভাৰতীয়ৰ সংখ্যা হব ১৮ শতাংশ৷
সেই ১৮শতাংশ ভাৰতীয়ৰ মাজত পোনতে কিছুদিন অসমীয়া মানুহ বিচাৰি হাবাথুৰি খালোঁ৷ এদিন নতুনকৈ কামত যোগদান কৰিব অহা এজন যুৱকে মোক মাত লগালে - চাৰ, নামটোৰ পৰা আপুনি অসমৰ বুলি গম পাইছোঁ৷ আপোনাৰ লগত অসমীয়াত দুআষাৰ কথা পাতিব পাৰোঁনে? --------------কিমান সুৱদি লাগিল সেই অমৃতসম শব্দকেইটি বুজাবলৈ ভাষা নাই! যেন মৰুভূমিত প্ৰাণ শীতল কৰা বৃষ্টিৰ ঢল নামিছে!
মাহচেৰেক যোৱাৰ পিছত এদিন এটা সাপ্তাহিক বন্ধৰ দিন শুকুৰবাৰে মোক বিচাৰি মোৰ ফ্লেটত ওলালহি বাবা ওৰফে পাৰ্থ গগৈ৷ অভিযন্তা বাবা সম্পৰ্কত মোৰ ভাই (মাহীৰ ল’ৰা)৷ কিছুদিনৰ আগতে ডুবাইৰ চাকৰি এৰি কাটাৰৰ চৰকাৰী চাকৰিত যোগদান কৰিছে৷
সেয়াই আৰম্ভণি৷ এজন দুজনকৈ অসমীয়াৰ সন্ধান ওলাব ধৰিলে৷ পোনতে বাবাৰ ঘৰত, পিছলৈ আন এজনৰ ঘৰত আমাৰ চাহমেল বহে৷ খা-খবৰলৈ গম পালোঁ ভাৰতীয় দূতাবাসৰ অধীনত এটি সাংস্কৃতিক কেন্দ্ৰ চলি আছে৷ ভাৰত চৰকাৰৰ উদ্দেশ্য প্ৰবাসতো আমাৰ বিশাল দেশখনৰ নানাৰঙী কৃষ্টি-সংস্কৃতিক সাৰ পানী যোগোৱা আৰু বছেৰেকত এবাৰ ভাৰতীয় সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰাৰ৷ প্ৰায় প্ৰতিখন প্ৰদেশৰে মান্যতাপ্ৰাপ্ত গোষ্ঠী আছে৷ নাই মাথোঁ এই অসমীয়াকেইটাৰ! এদিন আমাৰ সদস্যৰ সংখ্যাই ৫০ৰসংখ্যা অতিক্ৰম কৰাত আমিও ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ স্বীকৃতিৰ বাবে আবেদন জনালোঁ৷ সেই সময়ৰ ভাৰতীয় ৰাজদূতে বিলম্ব নকৰি আমাক মান্যতা প্ৰদান কৰিলে আৰু এইদৰেই জন্ম হ’ল ’কাটাৰ অসম সমাজ’ৰ ১৯ফেব্ৰুৱাৰী ২০১৩ চনৰ এটা শুভ লগনত৷ কাটাৰ অসম সমাজৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱাৰ বাবে জামিল আহমেদ লস্কৰ, পাৰ্থ গগৈ, ডা° প্ৰেমানন্দ গোস্বামী, পলাশ দাস, ডেইজী দলে, মুস্তফা জামাল আৰু জালাল ভাতৃদ্বয়, আজমল পাৰফিউমচৰ আব্দুল্লা চৌধুৰী, ৰাজু উপ্ৰেটি, নাৰায়ণ শৰ্মা পাঠক,জগন্নাথ মহন্ত, বিশ্বজিত ডেকা, কৃষ্ণ গগৈ, শুভলক্ষ্মী নাথ, প্ৰণব নিৰুলা, হুছেইনজী, দেৱজিৎ কলিতা, শৰৎ শইকীয়া, ৰজত গগৈ, দেৱানন্দ নৰহ, চাহানুৰ আলি, বিজন চৌধুৰী, হিফজুৰ ৰহমান, কৌস্তভ শইকীয়া, মল্লিকা কলিতা, গীতাশ্ৰী কলিতা, ইমটিয়াজুৰ ৰহমান, ৰাজীৱ ভাগৱতী, দীপশিখা দেৱ, হীৰক দত্ত, শান্তু পাল, প্ৰিন্স গোস্বামী, নাৰায়ণ দেৱশৰ্মা, পৰাগ হাজৰিকা আদিৰ নাম উল্লেখযোগ্য৷ আৰু বহু কেইজনে নিজ নিজ গুণে আৰু স্বপ্ৰতিভাৰে নিয়াৰিকৈ ইয়াৰ আপডাল কৰাত বিশেষ অৱদান আগবঢ়ালে৷ মই এয়া প্ৰাৰম্ভিক সময়ৰ কথাহে চৰ্চা কৰিছোঁ৷ পৰৱৰ্তী সময়ত শতাধিক সদস্যই কাটাৰ অসম সমাজত যোগদান কৰিলে৷ আমি আয়োজন কৰা প্ৰতিটো অনুষ্ঠানত দেড়-দুশজন লোকে উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল৷

` সপ্তাহটোৰ ৬টা দিন সকলোৱে নিজ নিজ কৰ্মস্থলীত ব্যস্ত থাকে৷ শুকুৰবাৰ বন্ধৰ দিনটোত কাটাৰ অসম সমাজে মিলিত হয় ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ কোনোবা এটা সভাকক্ষত৷ আলোচনা হয় কিদৰে আমি আগন্তুক ’ইণ্ডিয়া ফেষ্টিভেল’ত অংশ গ্ৰহণ কৰিম৷ লাহে লাহে আলোচনাৰ পৰিসৰ বৃদ্ধি হয়৷ ব’হাগ বিহু, মাঘ বিহু, দেৱালী, ঈদ, পিকনিক আদি আয়োজন কৰাৰ চৰ্চা হয়৷ অসমৰ পৰা শিল্পীক কাটাৰলৈ আমন্ত্ৰণ কৰাৰো আঁচনি লোৱা হয়৷ এখন বাৰ্ষিক আলোচনী উলিওৱাৰো পৰিকল্পনা কৰা হয়৷
লাহে লাহে আমাৰ ওপৰত কোৱা সপোনবোৰ ফলৱতী হবলৈ ধৰিলে৷ ’ইণ্ডিয়া ফেষ্টিভেল’ত অংশ লবলৈ কুটিৰ শিল্পজাত সামগ্ৰীলৈ কাটাৰত উপস্থিত হ’লহি অসমৰ পৰা উদ্যমী যুৱক হেমন্ত নাথ৷ আমি ছপা কৰি উলিয়ালোঁ দ্বিভাষিক ৰঙীন স্মৰণিকা ’নেদেখা সোণালী সূতাৰে বন্ধা’৷ য’ত লেখা ওলাল কাটাৰৰ বাহিৰেও বিশ্বৰ আন আন দেশত বসবাস কৰা অসমীয়াৰ৷ মিউজিয়াম অৱ ইচলামিক আৰ্টৰ সমীপৰ সমুদ্ৰ তীৰৰ মোহনীয়া পাৰ্কত প্ৰদৰ্শনীৰ আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল৷ এগৰাকী একংৰৰ দায়িত্বত আছিল অসমৰ দীপশিখা দেৱ৷ মঞ্চত স্মৰণিকাৰ লগতে ’কাটাৰৰ ডায়েৰী’ কিতাপখনিৰো উন্মোচন কৰা হয় ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মাননীয় সভাপতি তৰুণ বোস আৰু আন অতিথিসকলৰ দ্বাৰা৷ ইয়াৰ পিছত ডেইজি দলে আৰু মনীষা দলেৰ দ্বাৰা পৰিবেশিত বিহু নৃত্যত দেশ-বিদেশী দৰ্শকসকলে আপোনপাহৰা হৈ নিজেও সংগীতৰ তালে তালে নাচিবলৈ ধৰে৷ এয়া এক মনত শিহঁৰণ তোলা অভিজ্ঞতা! আমাৰ প্ৰদৰ্শনীৰ ষ্টলে বহুলোকক আকৰ্ষিত কৰিছিল৷ কাটাৰী সাংস্কৃতিক বিভাগৰ মন্ত্ৰীক ভাৰতৰ ৰাজদূতে অসমৰ কুটিৰ শিল্পৰ বিস্তাৰপূৰ্বক গুণ বখানিলে৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বীয়ে অভিভূত হৈ মন্তব্য কৰিলে সকলো ছ’চাইটিয়ে কাটাৰ অসমৰ পদাংক অনুকৰণ কৰা উচিত৷ ইংৰাজী আৰু আৰবী দৈনিক সংবাদ পত্ৰত কাটাৰ অসম সমাজক ভূয়সী প্ৰশংসা কৰা হৈছিল৷
এটা সময়ত প্ৰিয়ংকা ভৰালী, দীক্ষু, পদ্মনাভ, অভিশ্ৰুতি বেজবৰুৱা, অলংকৃতা-ৰূপাংকৃতা ভগ্নীদ্বয়ে অসমৰ পৰা গৈ কাটাৰৰ বিহু মঞ্চ শুৱনি কৰিলেগৈ৷ কৰ’না মহামাৰীয়ে উদ্ভৱ কৰা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে সদ্যহতে এই পৰম্পৰা সাময়িকভাবে স্থগিত ৰখা হৈছে৷ কাটাৰ অসম সমাজৰ বন্তিগছি চিৰকাল জ্যোতিস্মানহৈ উজলি থাকক এয়ে মোৰ কামনা৷
কেনেকৈনো পাহৰোঁ বিহু, দেৱালী, ঈদ যি উৎসৱৰেই আয়োজন নহওক কিয় দুমাহ আগৰ পৰা ঘৰে ঘৰে হোৱা ৰিহাৰ্চেলত কি উল্লাসৰে মিলা-প্ৰীতিৰে ভোজ-ভাতৰ স্বতঃস্ফুৰ্তভাবে আয়োজন চলিছিল? স্মৃতিৰ বৰপেৰাত আৰু বহুতো কথা সোমাই আছে৷ মোৰ এই লেখা হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কথা৷ মই তিনিটা বছৰ কাটাৰ অসম সমাজৰ সভাপতিৰ দ্বায়িত্ব পালন কৰোঁতে কিমানযে সুখ-দুখ মিহলি অভিজ্ঞতা হ’ল! কথাখিনি লিখি থাকোঁতে মই ভাবিলগীয়া হৈছে কি স্মৰণ কৰিম আৰু কি পাহৰিম!
মোখনিত দুকলম কাটাৰত হোৱা মোৰ আন আন অভিজ্ঞতাৰ কথা নক’লে লেখাটো অসম্পূৰ্ণহৈ ৰ’ব৷ চিকিৎসক হিচাবে মই ডিউটিৰ ৯ঘণ্টা সময়ত ন্যূনতম ৩৫জনৰ পৰা সৰ্বোচ্চ ৯৫জনলৈ ৰোগী চায়ো ক্লান্ত অনুভৱ কৰা নাছিলোঁ৷ প্ৰতিজন ৰোগীকেই মই মনোযোগেৰে আৰু সহানুভূতিৰে চাইছিলোঁ৷ বিনিময়ত ময়ো পাইছিলোঁ তেওঁলোকৰ অফুৰন্ত মৰম৷
কাটাৰত কৰ্মৰত হৈ থাকোঁতেই বিশ্বৰ নানা দেশ ভ্ৰমণ কৰাৰ সুযোগ পালোঁ৷ ইয়াৰ ঘাই কাৰণ হ’ল কাটাৰত স্থায়ী চাকৰি থাকিলে আৰু হাতত কাটাৰী ৰেচিডেণ্ট পৰিচয় পত্ৰ থাকিলে যি কোনো দেশৰ ভিছা সহজতে পোৱা যায়৷ দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় মেডিকেল চেমিনাৰত ভাগ লবলৈ কাটাৰৰ বাহিৰৰ দেশলৈ যোৱাৰ সুযোগ পালোঁ৷
প্ৰবাসত থকা কালচোৱাত অসমৰ মূলসূঁতিৰ সৈতে যোগাযোগৰ মাধ্যম আছিল ইণ্টাৰনেটৰ মাধ্যমত পোৱা সংবাদপত্ৰ আৰু নিউজ চেনেলকেইটা৷ অসমৰ পৰা মই নিতৌ চিনাকি-অচিনাকি বহুজনৰ চিকিৎসা পৰামৰ্শ বিচৰা বাৰ্তা পাওঁ৷ ৰাইজৰ মৰম আৰু আস্থাই মোক কৰিছে ধন্য৷ স্মৃতিৰ মণিকূটৰ ভিতৰত অন্তৰ্নিহিত হৈ আছে দেশ-দেশান্তৰৰ শ শ জনক মই আনি দিয়া সাফল্যৰ মধুৰ হাঁহিৰ প্ৰতিচ্ছবি৷ গৰ্বৰে কব পাৰোঁ সেয়াই মোৰ কৰ্মৰ স্বীকৃতি, মোৰ অনন্য প্ৰাপ্তি!

ডা° ভূপেন শইকীয়া
যোগাযোগ ইমেইল – [email protected]
ৱাটচএপ – ৯৪৫৩০ ৪৮০৫৫ গুৱাহাটীৰ পৰা, ৰচনাকাল- ৯ অক্টোবৰ ২০২০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments