প্ৰসংগ:অটোচালক

 

 

জ্ঞানেশ্বৰ নাথ

কেইদিনমানৰ আগৰ ঘটনা। অটো’ এখনত উঠি মই শিলপুখুৰীলৈ গৈ আছিলো। ভাগ্যক্ৰমে ৰাস্তাত বেছি ভিৰ নাছিল সেই সময়ত আৰু সেয়ে অটোখনো দ্ৰুতগতিতেই গৈ আছিল।ঠিক মেঘদূত ভৱনৰ কাষ পাইছোহে, তেনেতে সেইখিনি ঠাইতে এহাল বিদেশী বয়সীয়াল দম্পত্তিয়ে ৰাস্তা পাৰ হ’বৰ বাবে চেষ্টা কৰি আছিল কিন্তু আমাৰ অটোখনক দেখি ৰৈ গ’ল। কিন্তু তাৰ পিছত যি হ’ল, মই অলপ আচৰিত তথা ভালো পালোঁ।

চালকজনে অটোখন ৰখালে অলপ সময়। হাতেৰে মানুহ দুজনক ৰাস্তা পাৰ হ’বলৈ ইংগিত দিলে। মানুহদুজনে মিচিকিয়াই ৰাস্তা পাৰ হ’ল আৰু তাৰ পিছতহে অটোখন এৰিলে।

চালকজনৰ ব্যৱহাৰত মই মুগ্ধ হ’লো আৰু মুখ ফুটাই তেখেতক ক’লো যে একমাত্ৰ আপোনাৰ এইকণ ব্যৱহাৰৰ কাৰণে, সেই দম্পত্তিহালে গোটেই ভাৰতবর্ষৰ মানুহক ভাল বুলি ভাবিলে৷ আপোনাক ধন্যবাদ৷

 

জয়ন্ত কুমাৰ খাখলাৰীঃ অতিথি দেৱঃ ভৱঃ

ভবানী ৰঞ্জন চুতীয়াঃ চালকজনৰ নাম, অটোৰ নং, পাৰিলে ফটো একপি প্ৰকাশ কৰিব পৰা হলে ভাল আছিল। তেখেতে বিশ্বৰ আগত ভাৰতী্যৰ নাম ৰাখিছে, গুৱাহাটীবাসীৰ আগত অটোচালকৰ নাম ৰাখিছে। ” শক্তি কাপুৰ ” বুলিলেই যেনেকৈ ভিলেইন প্ৰতিছবি এখন মনলৈ আহে, গুৱাহাটীৰ অটোচালক বুলিলেও তেনে ভাব এটাই মনলৈ আহে। সেই ক্ষেত্ৰত তেখেত কিবা কাৰণত মৰ্ত্তলৈ অহা অটোচালক ৰূপী দেৱতা বোধহয় ! ভালকৈ চাইছিলে নে নাই, ছাঁ মাটিত পৰে নে নাই ?

 

জ্ঞানেশ্বৰ নাথ: তেখেত আন কোনো নহয়, আমাৰ দৰে মাটিত ছাঁ পৰা এজন সাধাৰণ মানুহেই। কিন্তু কি অসাধাৰণ ব্যক্তিত্বশালী! মোৰেই দুঃৰ্ভাগ্য, তেখেতক কেমেৰাৰে ধৰি ৰাখিব নোৱাৰিলো।

 

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!