প্ৰসংগ: তলাতল ঘৰ (নিৰ্বাচিত কথা-বতৰা)
যাদবেন্দ্ৰ বৰা: প্ৰায়ে মনলৈ অহা এটা প্ৰশ্ন, নাজানো কিমান দূৰ যুক্তিসংগত! আজিৰ সময়ত সম্ভৱপৰ নে নাজানো; মাত্ৰ মনলৈ অহা এটা খু-দুৱনিহে!
৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম প্ৰধান কীৰ্তি-চিহ্ন ‘তলা-তল ঘৰ’টোক লৈ আমি সৰুৰে পৰা বহুতো কথাই শুনি আহিছোঁ… কিন্তু বৰ্তমান ইয়াক দৰ্শন কৰিবলৈ গলে ইয়াৰ মাটিৰ ওপৰত থকা মহলকেইটাহে আমি দেখা পাওঁ… পিছে শৈশৱৰে পৰা ইয়াৰ লগত জড়িত মাটিৰ তলৰ কাহিনীবোৰৰ প্ৰতিহে এক দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰি আহিছোঁ… সেয়েহে এনে কোনো উপায় নাইনে যে “তলা-তল ঘৰ’ৰ মাটিৰ তলত পোত যোৱা মহলকেইটাৰ ধ্বংসাৱশেষসমূহ আৱিষ্কাৰৰ জৰিয়তে এক গৌৰৱোজ্জ্বল ইতিহাসক পুনৰুজ্জীৱিত কৰিব পাৰি!! আৰু ইয়াৰ খনন বা পুনৰ আৱিষ্কাৰৰ কিবা পদক্ষেপ বাৰু লোৱা হৈছিল নে? ভাৰতীয় পুৰাতত্ত্ব বিভাগ বা অন্য কোনো বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিবা ব্যৱস্থা হাতত লৈছিলনে বাৰু আগতে?
বিজ্ঞজনৰ পৰা জানিব পাৰিম বুলি আশা ৰাখিলোঁ।
প্ৰতিম প্ৰতাপ বৰুৱা: এই বিষয়ে কোনোবা চৰকাৰী বিভাগে কিবা ফলপ্ৰসূ ব্যৱস্থা লৈছে নে নাই সন্দেহ আছে। নাই লোৱা চাগে। লোৱা উচিত আছিল। নিজে নোৱাৰিলেও যদি নিয়ম-কানুনে বাধা নিদিয়ে তেন্তে Discovery, National Geographic আদিৰ সহায় ল’ব লাগে।
যাদবেন্দ্ৰ বৰা: নিশ্চয় এই ক্ষেত্ৰত ব্যৱস্থা এটা হোৱা হ’লে ৰাজ্যখনৰ কাৰণেই ভাল আছিল।
অভিজিৎ বৰা: শুনা মনত পৰে তলাতল ঘৰৰ পৰা দিখৌ নৈৰ পাৰত ওলাবগৈ পাৰিছিল বোলে!!
কৰুণাকান্ত হাজৰিকা: আন দেশত নিগনি গাত এটা দেখিলেও তাক খান্দি কিবা ওলায় নেকি অনুসন্ধান চলায়, কিন্তু আমাৰ অন্যতম জাতীয় গৌৰৱ ‘তলা-তল ঘৰটোত সোমোৱাৰ ব্যৱস্থাকণ আজিলৈকে কৰিব নোৱাৰিলে!!! নামদাং শিলৰ সাঁকোৰ অৱস্থাও বৰ দুখজনক। বেছিদিন হয়তো টিকি নাথাকিবগৈ!
চাও যতীন গগৈ: তলাতল ঘৰৰ পৰা কাৰেংঘৰলৈ আৰু দিখৌ নৈলৈ দুটা পৃথক সুৰংগ আছিল। বৃটিছৰ দিনত সুৰংগ বিলাক বন্ধ কৰি দিলে।
প্ৰদ্যুৎজ্যোতি শইকীয়া: শুনা মতে, তলত কেইটামান মহল আছিল। মানৰ আক্ৰমণৰ সময়ৰ অগাপিছাকৈ বন্ধ কৰি দিয়া হ’ল। বহুতো সৈনিক আৰু কৰ্মচাৰী জীৱন্তে সমাধিস্থ কৰা হৈছিল বোলে! আকৌ কৈছোঁ , শুনা কথাহে! কোনে কৈছিল সেইটোও মনত নাই। কেইটিমান গল্প ৰচনা কৰা হৈছে এই বিষয়ক লৈ। বিস্ময়ত এটা পঢ়া মনত পৰে।
ধনজিৎ কুমাৰ শৰ্ম্মা: ‘ভাৰতীয় পুৰাতত্ত্ব বিভাগ’ক আশা নকৰি (আশাৰ যোগ্যতা হেৰুৱাইছে) আন কিবা উপায়েৰে হ’লেও কিবা কৰিব পাৰিলে! এনেকুৱা আলোচনাৰ পৰা আগ্ৰহী ৰাইজে মিলিজুলি কিবা কাৰ্য্যপন্থা হাতত ল’ব পাৰে। (চৰকাৰক আশা কৰি লাভ নাই)
ৰঞ্জিত কুমাৰ বৰা: এজন বাবাজীৰ কথা শুনি এটা মন্দিৰ চৌহদত সোণ বিচাৰি খনন কাৰ্য চলোৱাৰ পিছত পুৰাতত্ত্ব বিভাগটোৰ প্ৰতি বিৰাগ ভাব এটা আহিল। কিন্তু তলাতল ঘৰটো পুৰাতত্ত্ব বিভাগৰ অধীনত চাগৈ। বিভাগীয় অনুমতি অবিহনে ৰাইজে নিজাববীয়াকৈ কিবা কৰিব পাৰিব নে নাই, সন্দেহ আছে। বিভাগটোক বাধ্য কৰাব পাৰি অৱশ্যে।
দেৱব্ৰত গগৈ: খান্দিব নালাগে তেনেকৈয়ে থাকক।
মাজতে পুৰাতত্ব বিভাগে চৰাইদেউত শিৱসিংহৰ মৈদামটো খান্দি তহিলং কৰিলে। ভিতৰত কিবা-কিবি পালে যদিও, কি কি পালে একো প্ৰকাশ নকৰিলে। মৈদামটো তেনেকৈ খান্দি দিয়াত বাৰিষা বৰষুণৰ পানী সোমাল। এনেবোৰ অতপালি কৰাৰ পাছতো শিৱসাগৰৰ কোনো এটা জাতীয় সংগঠন যেনে আটাছু , AHOM ROYAL FAMILY, আছু আদিয়ে বৰকৈ মাত নামাতিলে।
মাজতে আকৌ শুনিলোঁ, সন্দেহযুক্ত বাংলাদেশীয়ে (আচলতে বাংলাদেশী নহয়, আমাৰ সমাজৰ লগত জীণ যাব নোখোজা এজাক অজীণপাতকী) মৈদামবোৰ চোৰাংকৈ খান্দিব লাগিছে। সেইবোৰতো কোনো জাতীয় সংগঠনৰ মাত নাই।
এতিয়া যদি তলাতল ঘৰৰ সুৰংগটো বিচাৰি খান্দিবলৈ আৰম্ভ কৰে তেনেহ’লে বৰ্তমানে ওপৰত ওলাই থকা মহলাকেইটাও যে হুৰুস্কৈ ভাঙি তললৈ নপৰিব তাৰ নিশ্চয়তা কোনে দিব?
এনেকৈ কাৰেংবোৰৰ মাটি খান্দি ইতিহাস আৰু ঐতিহ্যক বিচাৰি পোৱা নাযাব, হেঁপাহ আছে যদি ইতিহাসক বিচাৰ কৰক, অধ্যয়ন কৰক। এতিয়াও সমগ্ৰ অসমভূমিৰ উজনি-নামনিত অসংখ্য নজনা ইতিহাস সময়ৰ বুকুত গাপ দি থোৱা আছে। বহুজনৰ গোঁসাই থাপনাত লুকাই আছে শ শ বছৰীয়া সাঁচিপতীয়া বুৰঞ্জী, সেইবোৰ উদ্ধাৰ কৰি বুৰঞ্জীৰ অকথিত কাহিনী লোকচক্ষুৰ সন্মুখলৈ আনিব লাগে।
লৱজিৎ বৰা: তলাতল ঘৰৰ মাটিৰ তলৰ মহলকেইটালৈ যোৱাৰ যিটো মূল পথ আছিল সেইটো বৃটিছে বন্ধ কৰি দিলে। তলাতল ঘৰটো ৭ মহলীয়া; মাটিৰ ওপৰত ৩ মহল আৰু তলত ৪ মহল। সকলোতকৈ তলৰ মহলৰ পৰা গড়গাঁওৰ কাৰেংঘৰলৈকে এটা সুৰংগ আছিল। যিটো নিজ ইচ্ছামতে পোহৰ আৰু আন্ধাৰ কৰিব পৰা গৈছিল। ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ প্ৰভাৱ অসমতো পৰিছিল। তেতিয়াই এজন অসমীয়া যুৱকে (নাম পাহৰিছোঁ) এজন ইংৰাজ চাহাবক হত্যা কৰি তলাতল ঘৰৰ সেই সুৰংগৰ ভিতৰত সোমাই আত্মগোপন কৰে আৰু সুৰংগৰ ভিতৰখন আন্ধাৰ কৰি দিয়ে। তেওঁক ধৰিবৰ কাৰণে চাৰিদিন বৃটিছে সুৰংগৰ বাহিৰত অপেক্ষা কৰে কিন্তু তেওঁৰ কোনো সম্ভেদ নাপাই সুৰংগৰ দ্বাৰ চিৰদিনৰ কাৰণে বন্ধ কৰি দিয়ে ৷ তলাতল ঘৰৰ মাটিৰ তলৰ মহলকেইটা কাঠেৰে তৈয়াৰ কৰা হৈছিল সময়ৰ লগে লগে সেই কাঠবিলাক বেয়া হৈ যোৱাত ভাৰতীয় পুৰাতত্ত্ব বিভাগে তলৰ মহলকেইটালৈ যোৱা পথ সম্পূৰ্ণকৈ বন্ধ কৰি দিয়ে।
তলাতল ঘৰ তৈয়াৰ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷ তেওঁ বংগদেশৰ কাৰিকৰৰ হতুৱাই কাঠ, বাঁহ, পোৰামাটিৰ লগত হাঁহ কণী আৰু বৰাচাউলৰ পেষ্ট তৈয়াৰ কৰি ইয়াক নিৰ্মাণ কৰিছিল। ই হৈছে আহোম সাম্ৰাজ্যৰ আটাইতকৈ ডাঙৰ স্থাপত্য।
অভিজিৎ কলিতা: সেই পথবিলাক এতিয়া খুলিবলৈ চেষ্টা কৰিব লাগে, সুৰংগটোও ঠিক-ঠাক কৰি পেলাব লাগে। ভাবি চাওকচোন, পৰ্যটকসকলৰ বাবে কেনে আকৰ্ষণ হ’ব!
Kaushik Shandilya: এইটো এটা বৰ দৰকাৰী কথা । অসমৰ প্ৰায়বোৰ প্ৰাচীন কীৰ্তিচিহ্নয়ে একপ্ৰকাৰ জহি-খহি যোৱা অৱস্থা । এইবোৰৰ উপযুক্ত সংৰক্ষণ হলে অসমৰ প্ৰাচীন কীৰ্তি সমূহে নতুন জীৱন লাভ কৰাৰ উপৰিও পৰ্য্যটন বিভাগটোৰ বাবেও লাভজনক হব । অসমৰ বাহিৰত যিমান ঠাইত গৈছোঁ, দেখিছোঁ প্ৰতিটো কীৰ্তিচিহ্নই সুন্দৰ কৈ যত্ন সহকাৰে ৰাখিছে । পৰ্য্যটকৰ বাবে টিকটৰ ব্যৱস্থা কৰিছে । তাৰ ফলত পৰ্য্যটন বিভাগৰ এটা উপাৰ্জনো হৈছে ।
লৱজিৎ বৰা: তলাতল ঘৰ তৈয়াৰ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷ তেওঁ বংগদেশৰ কাৰিকৰৰ হতুৱাই কাঠ, বাঁহ, পোৰামাটিৰ লগত হাঁহ কণী আৰু বৰাচাউল ৰ পেষ্ট তৈয়াৰ কৰি ইয়াক নিৰ্মাণ কৰিছিল ই হৈছে আহোম সাম্ৰাজ্যৰ আটাইতকৈ ডাঙৰ স্থাপত্য
ধনজিৎ কুমাৰ শৰ্ম্মা: লৱজিৎ বৰা, ডাঙৰীয়া এই বিষয়ে আপোনাৰ পৰা আৰু কিছু জানিম বুলি আশা কৰিলোঁ। (অনুৰোধ)
বি:দ্ৰ: মন্তব্যসমূহ অসমীয়া কথা-বতৰা গোটৰ উল্লেখিত সদস্যসকলৰ ব্যক্তিগত মতামত।
সুন্দৰ