প্ৰস্তুতি: ময়ুৰী দত্ত
পকা কল এটা কিনি আনিছোঁ ।
“মোক দিয়া।”
“এটাহে আনিলা যে!”
“ইমান পকা কল খালে পেট চলিব, দোকানীয়ে ঠগিলে।”
উস ৰাম! তিনিফালৰ পৰা সমুহীয়া প্ৰশ্নবাণ । পিছে মোৰ হাতত
সময় কম । বাতি এটাত কলটো ফেনেকি লৈ পতঞ্জলি মৌৰ
বটলটোৰ পৰা এচামুচ দি মিহলাবলৈ ধৰিলো। মুখখন ধুই লৈ সানিবলৈ লৈও
শান্তি নাই ।
“কলটো কোনে খালে? ”
“তুমি মুখত পেইণ্ট কৰিছাযে।”
“এইবোৰ কি ভাওনা?”
সানি সানিয়েই ক’লো “ছালৰ যত্ন লৈছোঁ । পাঁচ টকাৰে কমেও
পাঁচশ টকা বচাই দিছোঁ। সাতবছৰীয়া সৰু পুত্ৰ কাষৰ পৰা নাতৰা হ’ল ।
ডাঙৰটোৱে ফিচিঙা-ফিচিঙিখন কৰিছে দেউতাকৰ লগ লাগি। যি
দেখিছো বাথৰুমটোৰ বাহিৰে শান্তিৰে থাকিব পৰা ঠাই
অকণমানো নাই ঘৰখনত। মুখখনো নুশুকুৱা হ’ল। বিয়ালৈ যাবলৈ
দেৰি হৈছে । ঠাণ্ডা দিন ফেন চলাই শুকুৱাব নোৱাৰোঁ।
বিয়াঘৰত-
অৱশেষত হুৰমুৰকৈ বিয়াঘৰ পালোগৈ ।
সম্বন্ধীয়া মাহীৰ ল’ৰাৰ বিয়া। দেৰি কৰাৰ বাবে অসন্তোষ
কৰিলে অলপ। বিশাল আয়োজন, মানে হাই-ফাই কাৰবাৰ।
ফেচবুকৰ পৰা চিনাকি হোৱা আগতে লগ পোৱা বান্ধৱী
দুগৰাকীমানকো পালো। আন এগৰাকীক তেওঁলোকে
চিনাকি কৰাই দিলে। ন চিনাকি গৰাকীয়ে সুধিলে “আপোনাৰ
ফটোবিলাকত স্কিনখন চকচকাই থাকে । অ’লে নে প’ণ্ডচ
সানে? কোনটো ফেচিয়েল কৰে? কোনখন পাৰ্লাৰত
যায়?” সলাজ হাঁহিৰে কিবা এটা ক’বলৈ লওঁতেই কাষতে থকা সৰুপুত্ৰই
টেপেককৈ মাতিলে “মায়ে কল সানে, মোক খাবলৈ নিদিয়ে।” হাঁহিটো জোৰেৰে
মাৰি দিলো নিজেই ।
আকৌ বিয়াঘৰতে –
বহুবছৰ লগ নোপোৱা মাহী দুগৰাকীৰ লগত আড্ডা জমি
উঠিছে, কথাবোৰ কাপোৰ, গহণা, শকত-খীণৰ মাজলৈকে ঘূৰি
আহে। এগৰাকীয়ে সুধিলে “গাৰ্ণিয়েৰৰ কালাৰটো ভালনে
লৰিয়েলৰটো?” মই কনফিউজড!
মই বোলো “মাহী মই নেজানো, কালাৰ নকৰোঁ।”
“কৰিব লাগে কৰিব লাগে, বয়সক ধৰি ৰাখিব জানিব লাগে , ট্ৰাই কৰিবা”, মাহীৰ
কথাৰ ৰহস্য ঘৰলৈ আহি ফেচৱাশ্বেৰে মুখ ধুবলৈ লৈহে
গম পালো, দেখিলো কাণৰ কাষৰ চুলি কেইডালমান “পকি” আছে। হঠাতে পকাচুলিৰ
আগমনত বিব্ৰত হ’লো, মাহীয়ে
ডাইৰেক্টলি ক’বলৈ বেয়া পালে ছাগৈ। মনে নসহিলে, চল্লিছলৈ
আছে দিন এতিয়াও। ভালকৈ চাই দেখিলো সেয়া পকা কলৰে
অৱশিষ্ট, শুকাই যোৱা । মাহীক ক’বলৈ ফোন নম্বৰটোও
লোৱা নহ’ল!
সামৰণি-
ভুকুতে কল নপকে । ক’ৰবালৈ যোৱাৰ আগতে লৰাধপৰাকৈ সৌন্দৰ্য
চৰ্চাত উঠি পৰি লাগিলে কিবাখন হয়গৈ কথাবোৰ। ঘৰতে সহজে
পোৱা সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰিব জনাতো এক কলা, ভাল
ফলাফলৰ বাবে ধৈৰ্য আৰু ধাৰাৱাহিকতাৰ প্ৰয়োজন। নিজলৈ গভীৰ
সমবেদনাৰে মই ইমান বছৰে বুজি উঠিছো যে ইয়াৰ এটাও গুণ
মোৰ নাই ।