প্ৰহৰ (ৰাজীৱ ৰঞ্জন নাথ)

প্ৰহৰ


হাতৰ ফাঁকে সৰকি যায়
স্মৃতিৰ ধুলি উৰুৱাই…
আঁকি যায়, সিঁচি যায়
ছবি ধুসৰ, ছবি প্ৰাণৰ…

চকুৰ টিপতে হেৰাই যায়
সপোনৰ বাট, দিঠকৰ আঁত।
ভৰিৰ তলুৱাত থমকি ৰয়
আশাৰ ধুলি মাথোঁ পৰি ৰয়…

সময়, এই সময়, সেই সময়, মধুময়
জীৱন, এই জীৱন, সেই জীৱন, মধুময়
সময়, এই সময়, সেই সময়…

নেদেখা ৰঙৰ পোহৰে আহি
সাজিব খোজে ৰামধেনু।
নুবুজা আৱেগৰ বতাহে আহি
ছটিয়াব খোজে প্ৰেমৰ ৰেণু।

হৃদয়ে নিৰৱে সাঁচি যায়
আবিৰ মৰমৰ, জীৱনৰ।
পল অনুপল আঁকি যায়,
ভাঙে গঢ়ে, পঁজা সপোনৰ।

আঁকি যায়, সিঁচি যায়
ছবি ধুসৰ, ছবি প্ৰাণৰ…
হাতৰ ফাঁকে সৰকি যায়
স্মৃতিৰ ধুলি উৰুৱাই….

সময়, এই সময়, সেই সময়, মধুময়
জীৱন, এই জীৱন, সেই জীৱন, মধুময়
সময়, এই সময়, সেই সময়….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!