প্ৰাৰ্থনা – প্ৰতিম বৰুৱা
(মাৰ হাতত)
বতাহৰ সোঁতে সোঁতে
আহি আছোঁ
সুখ কাঢ়ি নিয়া
বুকু ভঙা
একো একোজাক
বতাহ
পানীৰ পৰা আহিছিলোঁ
পানীৰ সেই শেতেলি
এৰি
বিষাদৰ এটা গুঞ্জন হ’বলৈ
বতাহৰ সোঁতে সোঁতে
আহি আছোঁ
আইৰ শেঁতা চকুযুৰি
আৰু শোটোৰা-শোটোৰ
ছালবোৰ দেখি
উচুপি উঠিছোঁ
চকুযুৰিয়ে মোক
কৈ থকা শুনিছোঁ
খোজ সাৱধানে দিবি অ’
বোপাই
ইয়াত যে খোজে প্ৰতি হুল
বতাহৰ সোঁতে সোঁতে
উভতি যাব খুজিছোঁ
মাটি হৈ লীন হোৱাৰ
আগতে
সেই পানীৰ শেতেলিলৈ
আকৌ এবাৰ
মোৰ আই
প্ৰতীম বৰুৱা