প্ৰিয়তমালৈ এখন চিঠি (প্ৰদ্যুত জ্যোতি শইকীয়া)
দিনাংক:-ইং ২০/০৮/২০১১
শ্ৰীগৌৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ
কৰিমগঞ্জ
মৰমৰ
মৌচুমী,
মৰমবোৰ ল’বি৷ আজিকালি দেখোন মোৰ ব্যস্ততাই তোলৈ এখন চিঠি এখন লিখিবলৈও সুৰুঙা নিদিয়া হ’ল৷ আজি এইয়া মধ্যৰাতি কাগজ কলম, অ’ ভুলেই কৈছোঁ ৰোগী চোৱা পেদটোতেই লিখিব লৈছোঁ এখন চিঠি তোলৈ বুলি৷ চাচোন হোষ্টেলত থকা সময়তে লিখা, আজি আকৌ লিখিব লৈছোঁ৷ তোলৈ চিঠি লিখিব ল’লেই কিয় কঁপে মোৰ হাত? তই চাগৈ এতিয়া বিহুৰ কাৰণে বিহুৱান লগোৱাত ব্যস্ত৷ জানো অ’, কামটো এৰি দিবলৈ নকওঁ, আত্মনিৰ্ভৰশীলতা৷ মই পঠোৱা টকা পালি চাগৈ? টকা কেইটা পঠাওঁতে কি আনন্দ লভিছোঁ তোক বুজাবলৈও ভাষাৰ অভাৱ৷ তথাপিও এয়া তোৰ কামৰ আগত ধৃষ্টতা প্ৰকাশহে হ’ব৷ মই কিদৰে পাহৰো তই যে ভদ্ৰকান্ত জমিদাৰৰ ঘৰত সম্পূৰ্ণ এমাহ ৰোৱা-তোলা কৰি যোৰহাটত গৈ মোৰ হাতত হোষ্টেলৰ মাহেকীয়া খৰছ আৰু ঔষধ বিভাগৰ ১৬০০ টকীয়া দামী কিতাপখন তুলি দিছিলি মোৰ ককাইটি নৰিয়াত পৰি থাকোঁতে৷ লগতে কৈছিলি যে জমিদাৰৰ সৰুতো ল’ৰা্ই তোলৈ বৰ লোলুপ দৃষ্টি দিয়ে বুলি৷ ৰাতিলৈ মই গাৰুত মুখ গুজি কান্দিছিলো তই জাননে? আজিহে কৈছোঁ৷ ভাল কৰিলি যে পাছত তই বিহুৱানৰ মাজতে সকলো বিচৰাৰ উপায় এটা উলিয়ালি৷ তোৰ ধাৰ মই জীৱনতো শুজিব নোৱাৰিম৷ মাৰৰ ভালনে? আমাৰ ককাইটিহঁতৰো ভাল বোলে৷ নতুনকৈ লোৱা ম’বাইলটোত খবৰ পালোঁ৷ তোৰ বিহুৱান নেফডি-হাটলৈ যোৱাৰ খবৰো পালোঁ৷ তোৰ তাঁতশালৰ মাকোৰ খিট খিটনি এতিয়াও কলিজাত বাজি থাকে৷ তই নক’লেও জানো মোলৈ তই ভমকা-ফুলীয়া এখন নিশ্চয় লগাইছ৷ সেইখনৰেই মুৰত পাগমাৰি বিহু মাৰিম দে৷ মই বাঁহী নবজালে তই জানো বিহু না্চিবি? দিবি দে আমাৰ ডাঙৰ বৰগছজোপাৰ তলতে৷ এতিয়াও আমি তাত লগ কৰাৰ কথা আমাৰ লগৰ দুজনী মানক কওঁতে কি ক’লে জাননে? এইবিলাক বোলে বিহুৰ ভিচিডিতহে হয়৷ আজিকালি ৰেষ্টুৰেণ্টতহে প্ৰেম হয়৷ খঙেই উঠিছিল৷ দেখুৱাব পৰা হ’লে দেখুৱাই দিলোহেঁতেন৷
শুনিছোঁ বোলে তই বৰকৈ গুৱাহাটীলৈ অহা যোৱা কৰিছ আত্মসহায়ক গোটৰ কামত? বৰকৈ গনেশগুৰিৰ ফালে নাযাবি, গম পাৱই দেখোন যেতিয়াই তেতিয়াই এইবোৰ ফুটি থাকে৷ ভয় লাগে পায়৷ ডাঙৰ ককাইটি সেইমখাৰ লগত যোৱাৰ পাছৰ পৰাই আমাৰ ঘৰত কি হৈছিল তই গম পাৱই দেখোন৷ কিমান গুণী আছিল ডাঙৰ ককাইটি, সেইকাৰণে সেইবোৰ কৰিছিল বোলে৷ মই সেইবোৰ চিনি নাপাওঁ, ককাইটিক হেৰুৱাৰ দুখ এতিয়াও যোৱা নাই৷ নাজানো জীয়াই আছেনে নাই? ভূটান কাণ্ডৰ পাছৰ পৰা তাৰ একো খবৰেই নাই, তই জানই৷ গতিকে সাৱধানে চলিবি৷ ঘৰৰ পৰাই যিমান পৰা যায় কামবোৰ কৰিবলৈ চাবি৷
এইবাৰ বিহুত ঘৰলৈ গ’লে তোৰ কথা ককাইটি আৰু মাৰ আগত ক’ব লাগিব৷ কোৱানো কি সব জানেই দেখোন৷ বৌ্কো একো ক’ব নালাগে৷ মায়েতো তোকেই বোৱাৰী কৰাৰ কথা কৈ আছে৷ নহ’লেনো তোক পাকঘৰতো এৰি দিয়েনে? ককাইটি নৰিয়াত পৰোঁতে তই মোৰ কাৰণে কৰা কামৰ কথা শুনিয়েই কৈছিল “মৌচুমী আজিৰ পৰা আমাৰ ঘৰৰ মানুহ হ’ল”৷ ঐ কি হ’ল? কথা কেইটা পঢ়িয়েই লাজ কৰি পেলাইছ যে৷ মই গম পাইছো দে৷ তোৰ এটা কথা মনত আছেনে? মই যে বৰগছজোপাৰ তলত কৈছিলোঁ৷ নিজৰ ভৰিত থিয় নিদিয়া লৈকে তোক তই শুনিব বিচৰা কথাশাৰী নকওঁ৷ তইও কৈছিলি যে তোৰ পৰা সেইষাৰ শুনিবৰ কাৰণে জীৱনভৰ বাট চাম বুলি৷ সঁচাই, মোক কিমান ভাল পাৱ তই হাতে কামে কৰিও দেখোৱালি৷ তোক বৰগছজোপাৰ তলত কোৱা হ’লে ভাল হ’লহেতেঁন৷ কিন্তু ধৰ্য্য ধৰিব পৰা নাই৷ নিজৰ ভৰিত থিয় হ’লো এতিয়া৷ তই আৰু দুইখন ঘৰৰ মানুহ, সমাজে জানে যদিও কওঁ “মই তোক বৰ ভাল পাওঁ অ’”৷ এই বিহুতে তোক নিজৰ কৰি আনিম, চিন্তা নকৰিবি৷ সুখৰ চকুপানী দুই ধাৰে নুলিয়াবি৷ মই বেয়া পাওঁ৷ প্ৰেম প্ৰেম বুলি জগত ঘুৰিলেও চাগৈ তোৰ নিচিনা এজনী নাপাওঁ আৰু পালেও নলওঁ৷ তইতো তইয়েই৷ আজিলৈ এৰিলোঁ৷
ইতি
তোৰ মৰমৰ
ধুনকাই
বি;দ্ৰ:-অ এটা কথা পাহৰিছিলোৱেই তই ধেমাজীৰ বিস্ফোৰণত নিহত হোৱা কণমানি কেইটাৰ কাৰণে কিবা এটা কৰিম বুলি কৈছিলি নহয়৷ মই ভাবিছোঁ বিহুত ঘৰলে যাওঁতে আমি ধেমাজীলৈ গৈ প্ৰত্যেকৰ ঘৰলৈ যাম দে৷ যি পাৰোঁ দিম৷ হ’বনে জনাবি৷ আৰু এটা কথা ধুনকাই বুলি মাতিবলৈ এৰিবি৷ উত্তৰ দিবি৷ এৰিছোঁ৷
Really bohu bohu vallagil apunar Nila Khamor Sithi khan
Best xundor