প্ৰিয় ঠাইৰ মিঠা সপোন (অগ্নিভ দত্ত)

প্ৰিয় ঠাইৰ মিঠা সপোন

অগ্নিভ দত্ত

মোৰ জন্ম ডিব্ৰুগড়ত সেইসূত্ৰে অৱশ্যেই ডিব্ৰুগড়খন মোৰ অতি মৰমৰ অতি প্ৰিয়। তাৰোপৰি মোৰ ককাৰ ঘৰ খন যত, সেই শিৱসাগৰৰ কালুগাও খন। যাৰ বুকুত মোৰ শৈশৱৰ সোণালী সপোন বোৰ আকিছিলো সেই কালুগাওখনো মোৰ বৰ মৰমৰ।

কিন্ত মোৰ বুকুৰ মাজত এনে এডোখৰ ঠাই আছে যি মোৰ আজন্ম প্ৰিয় আৰু সেইখন হৈছে নামৰুপ। নামৰুপৰ লগত মোৰ সমন্ধ প্ৰায় মোৰ জন্ম লগ্নৰ পৰাই।

মোৰ মামা আছিল নামৰুপৰ সাৰ কাৰখানাৰ এজন বিষয়া। আৰু সেইসূত্ৰে আমাৰ পৰিয়ালৰ সকলোৱে নামৰুপলৈ সময় সুবিধা পালেই এপাক মাৰিছিলো। পাচলৈ মোৰ মাহী এগৰাকীও কৰ্ম্মসূত্ৰে নামৰুপ পালেগৈ। আমাৰও নামৰুপ যোৱাতো বাঢ়ি গল। আৰু লাহে লাহে মামাৰ মটৰ চাইকেলৰ পাচফালে উঠি নামৰুপ নগৰাঞ্চলৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাতো এটা চখ হৈ পৰিছিলগৈ।

সেই তাহানিৰ নামৰুপ নগৰাঞ্চলৰ কথা ভাবিলে এনে লাগে যেন সেইখন অসমৰ কোনো অঞ্চল নহয়, সেয়খন যেন ইউৰোপৰ কোনোবা এখন সৰু চহৰ উঠাই আনি অসমৰ বুকুত গুজিহে দিছে।
তাতে নামৰুপখন যেন গধুলিৰ লগে লগে একমায়াৱী ৰুপ লৈ উঠে। চঞ্চলা হৈ উঠে গোটেইখন। গধুলিৰ লগে লগে নিয়ন লাইট বোৰ জ্বলি উঠাৰ লগে লগে লৰা ছোৱালী পুৰুষ মহিলা বিলাক যেন নামৰুপ নগৰাঞ্চলৰ পথ উপ-পথ বিলাকত খ্ৰীছেনথেম (Chrysanthemums) ফুলৰ দৰেই ফুলি উঠে।

মই তেতিয়া কিজানি দ্বিতীয় বা ৩ য় মানত আছো। আৰু ঠিক এনে এটা মায়াৱী গধুলি আমি (আমি মানে মই, মোৰ মা, মাহী আৰু মাহীৰ বান্ধবী এগৰাকী) ঘৰৰ পৰা ওলাই গলো নগৰাঞ্চলৰে আন এটা ক্ষেত্ৰৰ এঘৰৰ ঘৰত আলহি খাবলৈ বুলি।

ইতিমধ্যে নিয়ন লাইটবোৰ জ্বলি উঠিছেই আৰু ফিৰ ফিৰিয়া বতাহ জাকে যেন পৰিবেশ তো আৰু বাংময় কৰি তুলিছে। লাহে লাহে আমিবোৰ বতাহত হালি জালি গৈ আছো তেনেকুৱা এটা গতিত আমিবোৰ আগ বাঢ়িছো মানুহ ঘৰৰ ফালে।

হঠাৎ যেন মোক এজাক মলয়াই খুন্দিয়ায় থৈ গল তেনেকুৱা লাগি গল। মোৰ যেন ভৰি কেইটা জঠৰ হৈ পৰিল । কি হয় এইয়া কোন এইজনী পৰী এনেকুৱা এটা চাৱনীৰেই হয় তো মই পাচপৰি ৰৈ গলো মাহতকৈ ।

কি হ’ল “বাবা” বুলি মায়ে কিছু দুৰ আগুৱাই আহি মাত দিয়াত হে যেন মোৰ সম্বিত ঘুৰি আহিল।

নাই জোতাৰ ফিটাডাল খোল খাই গৈছে বুলি জোতাৰ ফিটাডাল ঠিক কৰাৰ চলেৰে আকৌ এবাৰ তাইক হেপাহ পলুৱাই চালো। খিল খিলিয়া হাহি টো যেন মোৰ কাণত শিমলু কপাহৰ দৰেই লাগি ধৰিল। সেই চকু হালি সেই বতাহত উৰি যোৱা তাইৰ চুলিতাৰিয়ে যেন মোক কিবা যাদুহে কৰি পেলালে।

বাবা কি হল ৰৈ দিলি যে আকৌ মাৰ চিঞৰ টোত এইবাৰ মই একে দৌৰে মাহতৰ লগ পালোগৈ। ইতিমধ্যে সেই সপোন কুৱৰী জনীৰ লগতে গোটেই লৰা ছোৱালী জাকো মোৰ চকুৰ আৰ হল গৈ। তাৰ পাচতো হাজাৰ বাৰ সেইফালে গৈছো সেই খিল খিলয়া হাহিটো শুনিব লে বা সেই চঞ্চলা চকু জুৰি বিচাৰি, কিন্ত আৰু সেই মায়াবী গধুলিটো নাহিল মোৰ জীৱনলে কেতিয়াও। আজিও বাৰে বাৰে নামৰুপে মোক টানি নিয়ে সেই পথ উপ পথ বিলাকলৈ সেই চকু জুৰি সেই হাহি টোৰ সন্ধানত। সেইয়াই নেকি বাৰু প্ৰেম ?

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!