ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

প্ৰিয় বাক্য(- অসমী গগৈ)

প্ৰিয় বাক্য……………
– অসমী গগৈ, নাজিৰা৷
তুমি এনে এটা দিনত আহিলাfarewell
মই মোৰ মূৰ তুলি
তোমাক চাব নোৱাৰো,
চকুত চকু থৈ মনৰ দুআষাৰ
গোপন কথা তোমাক
কব নোৱাৰো৷
তুমি এনে এটা দিনত আহিলা, মাথো
চকু মুদি আলিংগন কৰিব পাৰো
নতুবা হাত জোকাৰি
দুয়ো দুয়োকে
বিদায় জনাব পাৰো৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!