প্ৰেমৰ চিঠি – বিভা বৈশ্য

তোমাক ভাল পাওঁ বাবেই মই
এখন নৈ হব ধৰিছোঁ
বোবাই লৈ যাব ধৰিছোঁ
সহস্ৰ কজলা কলিজাৰ আৰ্তি
তোমাক হেৰুবাব নোখোজো বাবেই
ঢৌবোৰক নিজৰ কৰি লৈছোঁ
চাকনৈয়াৰ বুকুত সাজিছোঁ
গোপন সপোনৰ অভিসাৰ
জলকুঁৱৰীৰ চকুৰ গভীৰতাত
পাতিছোঁ মৌনতাৰ বৰসভা
তোমাক পাহৰিব নোখোজোঁ বাবেই
সোতৰ বিপৰীতে মোৰ লক্ষ্যস্থান
তোমাক ভাল পাওঁ বাবেই
মোহনাত থৈ যাব নোখোজোঁ
জমা-খৰচৰ খতিয়ান
******

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!