প্ৰেমৰ সপ্তাহৰ অনুভৱ- ধ্ৰুৱ জ্যোতি ডেকা

*****

গোলাপঃ

যোৱা সন্ধিয়া বহুতো মৰহি যোৱা গোলাপ পাইছিল সি, পাৰ্কখনৰ ওচৰত, ভালকৈ ধুই মেলি গোলাপ কেইপাহ আকৌ সজীৱ কৰিবৰ এটি ব্যৰ্থ চেষ্টা কৰিছিল সি, ভাবিছিল “আজি প্ৰেমিকাৰ গোলাপ ঘৰলৈ নিবলৈ নোৱাৰি পেলাইছে, কালিলৈ আকৌ কিনিব“, সপোনবোৰ সযতনে ৰাখি সি শুই গৈছিল, নজনাকৈ যে ৰাতিপুৱা ‘প্ৰপজ ডে’ৰ বাস্তৱতাই দুৱাৰ মুখত ৰৈ থাকিব৷

*****

চকলেটঃ

মাকক ঔষধ খুৱাই, ঘৰৰপৰা ওলাই কলেজৰ সন্মুখত চ’কলেট এসোপা তাইক দি চ’ৰি ক’লে সি, আগদিনাৰ অনুপস্থিতিৰ কাৰণে, তাই পেকেটটো খুলিব চেষ্টা কৰি থাকোতে কলে “এই চকলেটকেইটাৰ দৰে কিয় মিঠা নহয় তোমাৰ মা? “
মাত্ৰ কেইটিমান চকলেটৰ বিনিময়ত তাৰ বিভাজন হোৱা মৰমখিনি মাকৰ প্ৰতি পুনৰ সম্পূৰ্ণ হ’ল৷

*****

টেড্ডীঃ
“যোৱাবাৰৰ টো সৰু আছিল, এইবাৰ এটা ডাঙৰ আনি দিয়া না“ বুলি তাই অভিমান কৰিলে৷
“যোৱাবাৰৰটোচোন মোতকৈও ওখ আছিল“ বুলি কৈ প্ৰেমিকে তাইক ডাঙৰ এটা কিনি দিলে, তাই নতুন টো পাই পুৰণিটো হোষ্টেলৰ খিৰিকীৰে পেলাই দিলে৷
ৰেল লাইনৰ ওচৰত ১০ বছৰীয়া চন্দনে বালিত পৰি থকা  টেড্ডীটো জোকাৰি মেলি ভগৱান ক ধন্যবাদ দিলে যে ভনীয়েকে আৰু এই ঠাণ্ডাত অকলশৰে শুবলৈ নালাগে৷

*****
প্ৰমিছঃ

“….তুমি ৰাতি কাপোৰ কানি লৈ আহিবাতো? তুমি মোক কথা দিছিলা কিন্তু“ পথাৰৰ কাষতে চাইকেল খনত ভেজা দি তাইৰ দেউতাকে চৰ মৰা গাল খনৰ ৰঙা দাগ টো লুকুৱাই তাইক কথাখিনি কলে সি৷
তাৰ কষ্ট দেখি, চকুপানীবোৰ ৰখাব ব্যৰ্থ চেষ্টা কৰি তাই জপনামুখলৈ ৰাতি আহিবলৈ কলে তাক, কাৰণ তাই কথা ৰাখেই৷
ঘৰলৈ উভতি আহোতে তাইৰ মনটোক এইটো প্ৰশ্নই খুন্দা মাৰি ধৰিলে, “এইটো কথা বাৰু ৰাখিলো, কিন্তু দেউতাক যোৱাবছৰ কৰা প্ৰমিছটো?
“দেউতা, মই তোক দুখ নিদিয়াকৈ বিয়াত বহিম“

*****

হাগঃ(Hug)

“ছেহ্, আজি তাৰ একমাত্ৰ ছোৱালীজনীৰ জন্মদিন, এই কৰ্পৰেট চাকৰিটোৰ কাৰণে একো সময় দিব নোৱাৰা হ’ল সি পৰিয়ালক, এইপিনে আকৌ ছোৱালীজনীয়ে “My Father is a hero“ কবিতা আবৃত্তি কৰে“
ৰাতি ১১ টা বজাত অ’ভাৰটাইম কৰি, অট’খনত উঠি ঘৰ যোৱা সময়ত ভাবি গৈ আছিল কথাখিনি সি৷
কোনেও সাৰ নোপোৱাকৈ লাহেকৈ ডুপ্লিকেট চাবি টোৰে দৰ্জা খুলি, বেডৰুমলে গ’ল সি৷
মাকে তাইক সাবটি শুই আছে আৰু তাই ‘হাগ’ কৰি আছে গাৰু টো যিটোৰ ক’ভাৰত ক্ৰেয়নেৰে নতুন কৈ শিকা ভঙা ভঙা আখৰেৰে লিখা আছে “দেউতা“৷

*****

চুমা!!

কলেজত সিহঁতে একেলগে ফুৰে, গোটেই গ্ৰুপটোৰ ‘ষ্টাৰ’ সিঁহত দুয়োটা, লগৰ বোৰে জোকাই কেতিয়াবা, “এইজনীক Bachelor Party ত হে মাতিবলৈ লাগিব“ বুলি কৈ সি ধেমালি কৰি উৰুৱাই দিয়ে৷
তাই পিছে তাৰ প্ৰতি আকৰ্ষিত, এক অবুজ শিহৰণ অনুভৱ কৰে তাৰ  কম্পেনীত৷
সেইকাৰণে তাই খুজি এ দিলে তাক সিদিনা,
“অই, পানী বটলটো দে পানী অলপ খাওঁ“,
“ধুৰ মই মুখ লগাই খাওঁ“ বুলি সি আওকাণ কৰিলে৷
একো নহয় বুলি কৈ তাই টানি ললে বটলটো আৰু চাৰিওফালে চাই তায়ো পানী খালে মুখখন লগাই, হয়তো এইটোৱেই ’চুমা’৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!