প্ৰেম, চিগাৰেট অথবা শূন্যতাৰ সাধু (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)
*কল্পনা*
তাই চিগাৰেটৰ টান এটা মাৰি আকাশ নীলা নৈখন আৰু নীলা আকাশৰ সংগম স্থলীলৈ চাই পঠিয়ায়৷ ঠিক সেই মুহূৰ্ততেই যেন তাই বিচ্ছিন্ন হৈ পৰে সমস্ত ধৰাৰ সৈতে!
এইমাত্ৰ অথবা দুটিমান মুহূৰ্তৰ আগেয়েহে অনুৰাগে তাইক চিগাৰেট খাবলৈ শিকাইছে৷ সি নিজৰ হাতৰটো পেলাই ভৰিৰে মোহাৰি পেলাইছে৷
অনুৰাগ আৰু আকাংক্ষা- অনুৰাগ ইনফ’চিচৰ অভিযন্তা আৰু আকাংক্ষা? বিশ্বব্ৰক্ষ্মাণ্ডত তাইৰ অৱস্থান ক’ত? ক’ত থাকে, কি কৰে তাই?
: ইউ ন’ হোৱাট? মই মানুহবোৰৰ বিষয়ে ভাবিব নোখোজোঁ, মানুহবোৰ তেনেকুৱাই, তথাপি ক্ষীণ আশা এটা কৰোঁ তেনেকুৱা নহওক বুলি৷ আৰু দুখজনকভাৱে মই আশা কৰাৰ বিপৰীতে নহয়গে৷
: আস্ আকাংক্ষা কথাবোৰ ইমান চিৰিয়াচলি নলবাচোন, এইবুলি অনুৰাগে তাইৰ সোঁহাতখন তাৰ দুহাতৰ মাজত সুমুৱাই ললে৷
: এয়া চোৱা, মই আশা কৰা ধৰণৰ ব্যৱহাৰ! কেতিয়াবা এনেকুৱা লাগে ইমান বছৰৰ বিৱৰ্তনৰ পিছতো মানৱ প্ৰজাতিয়ে নতুনকৈ অথবা বেলেগকৈ ভাবিব পৰা ব্যৱস্থা এটা কেলেই হোৱা নাই?
*বাস্তৱ*
“নাহ্ কোনো ছোৱালীয়ে মোক নৈৰ ঘাটলৈ অনা নাছিল৷ মল, চিনেমা হল, পাব ….গৈ গৈ ব’ৰ লগা হ’ল৷ “
: তুমি মোৰ চহৰৰ আলহী, আৰু মোৰ চহৰৰ এইকণ ঠাই মোৰ দৃষ্টিত বেষ্ট৷
: ইমানপৰে চিগাৰেট খোৱা নাই, আশাকৰোঁ তুমি বেয়া নাপাবা৷ মোক লগৰবোৰে কয়েই, ছোৱালীৰ লগত থাকোতে অন্ততঃ চিগাৰেট নাখাবি৷
: অ’হ ইটচ অ’কে, ইউ কেন৷ আই হেভ ন’ প্ৰব্লেম৷
: তাকেইতো, মই নিজকে বেলেগ বুলি কেলেই দেখুৱাব লাগে কাৰোবাৰ আগত?
তাই মিচিকিয়াই হাঁহিলে আৰু একো নকলে৷
অনুৰাগ আৰু আকাংক্ষা- অনুৰাগ ইনফ’চিচৰ অভিযন্তা, বেংগালোৰত আৰু আকাংক্ষা বেংকাৰ, গুৱাহাটাত পোষ্টিং৷ পণ্ডিছেৰীৰ সাগৰৰ পাৰত আকাংক্ষা আৰু ঈপ্সিতা দুয়োৰে ফোনত চাৰ্জ কম থকা বাবে ফটো উঠিব নোৱাৰিব বুলি একপ্ৰকাৰ হাহাকাৰেই লাগিছিল৷ তেনেতে ব’হেমিয়ানৰ দৰে অকলে অকলে ফুৰিবলৈ যোৱা অনুৰাগে তাৰ ফোনৰ পৰা বেটাৰীটো খুলি সিহঁতলৈ আগবঢ়াই দিছিল, বোলে ফোনটো ব্যৱহাৰ কৰিবলৈ আপোনালোকে বেয়াও পাব পাৰে, কিন্তু আকাংক্ষাৰ ফোনটোলৈ দেখুৱাই, আপোনাৰে মোৰে ফোন দুটা একে মডেলৰ যেন লাগিছে, বেটাৰীটো খাপ খাব চাগে, এনেয়েও মই ফটো নুঠাও৷
তাৰ পাছৰখিনি….ওহোঁ বৰ বেছি নাটকীয়তা নাই৷ সিহঁতে ’ন’ থেংকচ ’ বুলি অনুৰাগৰ অনুগ্ৰহ উপেক্ষা কৰিলে৷ তাৰ পিছৰখিনি…..অৱশ্যই নাটকীয়!
: মোৰ প্ৰথম প্ৰেমিকৰ নাম আছিল অনুৰাগ৷ অনুৰাগে ইতিমধ্যে আকাংক্ষাৰ সোঁহাতখন আলফুলে নিজৰ দুহাতৰ মাজত সুমুৱাই লৈছিল৷
*কল্পনা*
: মই দুখ দিয়া ল’ৰাজনৰ নাম আছিল অনুৰাগ৷
: কি?
: অঁ, আমাৰ মাজত সমাজে গঢ়া বৰ ওখ প্ৰাচীৰ এখন আছিল৷
: তাৰমানে তুমি সেই অপৰাধবোধৰ পৰা মুক্ত হবই পৰা নাই?
: জানানে সি মৰি থাকিল, মই তাৰ পৰা আঁতৰি আহিম বুলি কোৱাৰ পৰা৷
: আত্মহত্যা?
: নাঃ মোক ভালপোৱা ল’ৰাজন মৰি থাকিল৷ যোৱাবছৰ লগ পাইছিলোঁ, ইমান ভালকৈ কথা পাতিলে মোৰ সৈতে৷ মই আশা কৰিছিলোঁ, মোক সি নামাতক, বেয়া পাওঁক৷ কিন্তু তেনেকুৱা একো নহল, মোৰ প্ৰেমিকজন জীয়াই থকা হ’লে কিন্তু এনে নহলহেঁতেন৷
কথা পাতি থাকোতে আকাংক্ষাই আৱিষ্কাৰ কৰিলে তাই অনুৰাগৰ বাহুত ভেজা দি আউজি বহি আছে৷
: চ’ মেডামে কিন্তু অলপ আগতে প্ৰেম ভালপোৱাত বিশ্বাস নাই বুলি কৈ আছিল৷
: এতিয়াও নাই……
অনুৰাগে নিঃশব্দে হাঁহিলে আৰু চিগাৰেটৰ টান এটা মাৰিলে, ধোঁৱাবোৰ কুণ্ডলী পকাই মহাশূন্যত বিলীন হ’ল৷
*বাস্তৱ*
: চিগাৰেট কিয় খোৱা অনুৰাগ?
: চিগাৰেট! এই যে পেৰাগ্ৰাফ এটা লিখি শেষ কৰাৰ পিছত পিছৰটো লিখিবলৈ যি প্ৰেৰণা, ম’টিভেচন লাগে- চিগাৰেটৰ প্ৰয়োজন তাতেই যেন!
আকাংক্ষাৰ নিঃশব্দ হাঁহি৷ এবছৰ আগতে পণ্ডিচেৰীত লগ পোৱা ল’ৰাজনক দিল্লীৰ হালদিৰামত লগ পাই যোৱাটো আৰু ইজনে সিজনক চিনি পোৱাটো অলপ নহয়, অত্যন্তই নাটকীয় আছিল৷ কিন্তু নাটকীয়তাও সিমানেই আছিল৷ ফোন নম্বৰ বিনিময় কৰিলে যদিও বৰ বিশেষ কথা পতা হোৱা নাছিল, কাৰণ ঢেৰ যদিও মূলতঃ প্ৰয়োজনৰ অভাৱ৷
পিছে প্ৰয়োজন হ’ল৷ চাৰি পাঁচ মাহমান পিছত অনুৰাগৰ গুৱাহাটীত কাম এটা ওলাল৷ হওঁতে চাৰি পাঁচগৰাকীমান বন্ধু- বান্ধৱী আছিল যদিও কিয় জানো অনুৰাগৰ আকাংক্ষালৈহে মনত পৰিল৷
তাৰ পিছৰচোৱা- বৰ্তমান!
: তোমাৰ নামটোত বাদে আন একোতে বাংলাভাষীৰ চাপ নাই, নামটোও এতিয়া পেন ইণ্ডিয়ান হৈছেগৈ৷
: নকবা আৰু……থাকিবনো ক’ৰ পৰা? সৰুৰেপৰা বাহিৰে বাহিৰেই পঢ়া শুনা, কাৰ্চিয়াং, দিল্লী, চেন্নাই……
: আটাইতকৈ কি ভাল লাগে তোমাৰ?
: শ্বিলং: মোৰো ফেৱৰিট শ্বিলং, সমগ্ৰ পৃথিৱী এপিনে আৰু শ্বিলং আনপিনে!
*কল্পনা*
আকাংক্ষা অনুৰাগৰ দুবাহুত প্ৰায় সোমাই পৰিছিল, অনুৰাগেও আকোৱালি লৈছিল মৰমেৰে৷ : :
: প্ৰেমত নপৰিবা মোৰ
: অ’কে বাবা নপৰোঁ৷
: ঠিক ইমানকণেই হয়তো জীৱন৷ কাইলৈৰ পৰা পুনৰ ইল্যুজনৰ জীৱন৷
: ইল্যুজনৰ জীৱন?
: নহলেনো কি? মোক টকা পইচা লাগে, ঘৰ লাগে, প্ৰেমিকা লাগে, ৰাইজক দেখুৱাই বিয়া পাতিব লাগে, তাৰ পিছত ল’ৰা ছোৱালী, ল’ৰা ছোৱালীয়েও আমাৰ সন্মান অক্ষুণ্ণ ৰাখিব লাগিব, এদিন সিহঁতৰো বিয়া…..বচ, সমাপ্ত! আমি সঁচাকৈয়ে এইবোৰেই বিচাৰোঁ নে জীৱনত? ৰাজনীতি কৰোঁ মই অসমীয়া, তুমি বঙালী বুলি, ইল্যুজন নহয় যদি কি?
*বাস্তৱ*
: চ’ ৰি মোক দ্বিতীয় এটা চিগাৰেটৰ প্ৰয়োজন হৈছে৷
: পিছে তোমাৰ কাঁহ এটাও হৈছে দেই, চিগাৰেটৰে দান চাগে৷
: আচ্ছা, প্ৰথম প্ৰেমিকৰ কথা চলি আছিল নহয়, নাম যাৰ অনুৰাগ৷ কি হ’ল
: জীৱনটো কিবা হাইজেনবাৰ্গৰ আনচাৰ্টেইনিটি প্ৰিন্সিপলৰ দৰে নহয়নে? স্থান আৰু সময় বিশেষে সকলো বেলেগ৷ প্ৰেমো জীৱনৰে অংশ৷ ভিন্ন সময়, ভিন্ন স্থানৰ সৈতে প্ৰেমো ভিন্ন৷
লহিয়াবলৈ লোৱা বেলিটোলৈ তাই এটি উদাসীন দৃষ্টিৰে চাই পথিয়ায়৷
*কল্পনা*
: মই বিচাৰিছিলোঁ অনুৰাগে মোক ঘৃণা কৰক৷ কিন্তু সি তাৰ পত্নীৰ প্ৰেমত পৰিল, সেয়ে মোৰ প্ৰতি তাৰ প্ৰেমো নাই, ঘৃণাও নাই৷
: আকাংক্ষা, এগৰাকীৰ সৈতে প্ৰেম থাকিলেই আন এগৰাকীক ভাল পাব নোৱাৰি নেকি? প্ৰেম কিবা কম্পাৰ্টমেণ্টেলাইজ কৰিব পৰা ধৰণৰ বস্তু নেকি?
: প্ৰেম কম্পাৰ্টমেণ্টেলাইজ কৰিব পৰা ধৰণৰ নহলেও জীৱনটো কম্পাৰ্টমেণ্টেলাইজডেই নহয় জানো!
: জীৱন? কোনটো জীৱন? তুমি কোৱা ইল্যুজনৰ জীৱনটোত?
অনুৰাগে এটা চিগাৰেটৰ উলিয়ালে৷ আকাংক্ষাই ক’লে- “ মোকো এটা দিয়া৷ “
: পিছে চিগাৰেটে তোমাৰ শূন্যতাকণ নাইকীয়া কৰিব নোৱাৰে৷
: তেন্তে? তুমি পাৰিবা নেকি শূন্যতাকণ নাইকীয়া কৰিব? এই প্ৰতিবাৰেই যে জীৱনটো জীয়াই থাকিবলৈ এটা চিগাৰেটৰ সহায় লব লগীয়া হয়, পাৰিবা ইয়াৰ পৰা মুক্ত হবলৈ?
*বাস্তৱ*
ক্ৰমশঃ কলা বৰণ এটাই নৈপৰীয়া সন্ধিয়াটোক গ্ৰাস কৰিবলৈ আয়োজন কৰিছিল৷ আকাংক্ষা আৰু অনুৰাগে পলম হৈছে বুলি যাবলৈ ওলাল৷
: ফ্ৰয়েডে কি কৈছিল জানা?
: কি?
: পুৰুষ আৰু নাৰীৰ সকলো সম্বন্ধৰ মূলতে হেনো যৌনতা৷
: আই ড’ণ্ট বিলিভ!
: ময়ো বিশ্বাস নকৰোঁ৷
এইবুলি সিহঁতহাল নিজা নিজা গন্তব্যস্থান অভিমুখে খোজ ললে৷
*কল্পনা*
ক্ৰমশঃ কলা বৰণ এটাই নৈপৰীয়া সন্ধিয়াটোক গ্ৰাস কৰিবলৈ আয়োজন কৰিছিল৷ আকাংক্ষা আৰু অনুৰাগে পলম হৈছে বুলি যাবলৈ নোলাল৷ সিহঁতে এটা নিশা নৈখন, আকাশখন, এন্ধাৰজাকৰ সৈতে কটাব বুলি সিদ্ধান্ত ললে আৰু….. চিগাৰেটৰ পেকেটটো দলিয়াই পেলালে৷