প্ৰেম সবাতোকৈ জ্যোতিৰ্ময় – (নিবেদিতা হাজৰিকা)
প্ৰেম সবাতোকৈ জ্যোতিৰ্ময়
-নিবেদিতা হাজৰিকা
‘য’তে প্ৰেম ত’তে ভগৱান। ইয়াৰ লগতে সুৰ মিলাই নৰমান ভিনচেণ্ট পীলে কৈছে য’তে প্ৰেম আৰু ভগৱান তাতে সুখ। সেইবাবে সুখৰ সৃষ্টি কৰিবলৈ প্ৰেমৰ অনুশীলন কৰিব লাগিব।‘ – (টলষ্টয়)
প্ৰেম হ’ল মানৱ জীৱনৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অনুভূতি আৰু অভিজ্ঞতা । ‘প্ৰেম’ এটি মাথোঁ শব্দ ; কিন্তু ইয়াৰ বৰ্ণনা অন্তহীন। প্ৰেম হ’ল আত্মাৰ চূড়ান্ত শক্তি। প্ৰেমৰ ব্যাকুলতাই জীৱনক প্ৰতিবিম্বিত কৰে। কেৱল যুক্তিসৰ্বস্বই, কেৱল ভাৱ গভীৰতাই জীৱন নহয়। প্ৰেমে জীৱনক সঁচা অৰ্থত পূৰ্ণতা দিয়ে। সেয়ে লিও টলষ্টয়ে আৰু কৈছে – ‘মানুহ প্ৰেমেৰে জীয়াই থাকে|’ পৃথিৱীৰ ইতিহাসত প্ৰেমৰ সংজ্ঞাৰো কোনো শেষ নাই। প্ৰেমৰ ব্যাখ্যা অতীতেও দিছিল, বৰ্ত্তমানেও দি আছে আৰু ভৱিষ্যতেও দি থাকিব। তথাপিও যেন অতৃপ্ত এই ব্যাখ্যা। ই মানুহৰ ভিতৰত পোৱা-নোপোৱাৰ দোমোজা, ভাৱনাৰ উখল-মাখলৰ সৃষ্টি কৰিয়েই থাকিব। ৰহস্যময় যেন এই প্ৰেম। কোন মুহূৰ্তত আত্মাৰ স্বতন্ত্ৰতা খৰ্ব কৰি হৃদয়ত ৰোপণ হয় প্ৰেমৰ বীজ সেয়া কোনেও ক’ব নোৱাৰে। বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা বাইদেউৱে লিখিছিল – ‘প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে ? / বিচাৰোঁ কৰ্ণক কিয় ? কিয় এই তৃষ্ণা জাগে / আকণ্ঠ ভৰি মোৰ থাকোতে অমৃত ?’ তথাপিও প্ৰেম মহান। সেয়ে হয়তো বিভিন্নজনে ভিন্ন অনুভূতিৰে প্ৰেমৰ নানান অনুভৱ বা মহত্বৰ ব্যাখ্যা কৰি মন্তব্য আগবঢ়াইছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰেমৰ মহত্বৰ কথা প্ৰকাশ কৰিছে এনেদৰে – ‘প্ৰেম মানেই ত্যাগ আৰু ত্যাগৰ মাজেৰেই অনুভৱ কৰিব পাৰি প্ৰেমৰ অতীন্দ্ৰিয় অনুভূতিৰ কথা।‘ স্বনামধন্য সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি দেৱৰ মতেও প্ৰেম হ’ল আধ্যাত্মিক বা অতীন্দ্ৰিয় অনুভূতি। তেখেতে প্ৰেমক সম্পূৰ্ণৰূপে দেহাতীত বুলি ক’ব বিচৰা নাই যদিও ইন্দ্ৰিয় তৃপ্তিৰ লগত প্ৰেমৰ সম্পৰ্ক অতি সামান্য বুলি অভিহিত কৰিছে। তেখেতে কৈছে– ‘প্ৰেমানুভূতি আৰু ইন্দ্ৰিয়পৰায়ণতা একেখন হৃদয়তে সমান্তৰালভাৱে থাকিও তেল আৰু পানীৰ দৰে নিমিলাকৈ বা পৃথক হৈ থকা সম্পূৰ্ণ সম্ভৱ।‘ বিখ্যাত কাব্য সাহিত্যিক দেৱকান্ত সন্দিকৈয়ে প্ৰেমৰ বিষয়ে মন্তব্য দিছে এনেদৰে –‘ প্ৰেম জ্ঞানৰো উৰ্দ্ধত, প্ৰেম আৰু জ্ঞানৰ যি কোনো এটা বাছি ল’ব লগা হ’লে মই প্ৰেমকেই বাছি ল’ম।‘ আনহাতে প্ৰেমৰ বিষয়ে বহুতো ব্যাখ্যা আগবঢ়োৱা বিখ্যাত দাৰ্শনিক ব্ৰাৰ্টাণ্ড ৰাছেলে তেওঁৰ এটা ব্যাখ্যাত প্ৰকাশ কৰিছে – ‘ প্ৰেমক যি সকলে ভয় কৰে তেওঁলোকে আচলতে জীৱনটোকেই ভয় কৰে। জীৱনৰ মহত্ত্বম আদৰ্শ হ’ল প্ৰেম। মানুহৰ প্ৰতি মানুহৰ প্ৰেম। সেই প্ৰেম পৰিচালিত হ’ব লাগিব জ্ঞানৰ দ্বাৰা।’ প্ৰকৃত প্ৰেমৰ পোহৰ যেন সবাতোকৈ জ্যোতিৰ্ময়। যি পোহৰত সকলো বস্তুৰ সত্য ৰূপ দেখা যায়। প্ৰেম কেতিয়াও নিসংগ নহয়। প্ৰেমে সান্নিধ্য বিচাৰে ; বিচাৰে আত্মিক সান্নিধ্য। পবিত্ৰ প্ৰেমৰ আত্মিক সান্নিধ্যই প্ৰেমাস্পদক প্ৰেৰণা দিয়ে, সাহস দিয়ে আৰু দিয়ে পৰিশ্ৰম শক্তি। এই সাহস আৰু পৰিশ্ৰম শক্তিয়ে মানুহক সফলতাৰ লক্ষ্যাভিমুখে ধাৱিত কৰে। ৰাধা-কৃষ্ণৰ প্ৰেম আছিল এই আত্মিক প্ৰেমৰ জ্যোতিৰে মহীয়ান এক জ্বলন্ত উদাহৰণ। সাধাৰণ অৰ্থত ৰাধা-কৃষ্ণৰ প্ৰেম আছিল পৰকীয়া, ৰাধা আছিল কলংকিনী নাৰী ; অথচ ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ সবাতোকৈ মহৎ আৰু শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণৰ স’তে আজিও একেলগে পূজিত হয় ৰাধা। ৰাধাৰ প্ৰেমেই আছিল কৃষ্ণৰ বাবে পৰম সম্পদ। বৃন্দাবনৰ সেই আলোকোজ্জ্বল দিনবোৰত কৃষ্ণ আহ্লাদিত হৈ আছিল আনন্দদায়িনী, প্ৰেৰণাদাত্ৰী ৰাধাৰ প্ৰেমত। কিন্তু কৃষ্ণই কৰ্ত্তব্যৰ খাতিৰত গোকুল এৰি যাব লগা হোৱাত তেওঁলোকৰ বিচ্ছেদ হৈছিল সোনকালেই। অথচ আত্মিক প্ৰেমৰ অনুভৱেৰে যেন মহীয়ান হৈ আছিল আজীৱন তেওঁলোকৰ জীৱন। সেয়ে হয়তো ৰাধা-কৃষ্ণৰ জীৱনৰ আত্মিক প্ৰেমৰ জ্যোতিয়ে আজিও আলোকিত কৰি ৰাখিছে সকলোকে। মাথোঁ প্ৰেমে প্ৰেমক মহৎ নকৰে। প্ৰেমাস্পদৰ অবিনাশী প্ৰেৰণাইহে প্ৰেমক মহৎ কৰে। এইটো পৰিতাপৰ বিষয় যে আজিকালি প্ৰকৃত প্ৰেমৰ অৰ্থই যেন সলনি হৈ পৰিছে কিছু সংখ্যকৰ মাজত। প্ৰেমৰ নামত কৰা উদ্ভণ্ডালি, অসংযমী কাৰ্য-কলাপে প্ৰেমৰ লগতে সমাজখনকো যেন কলুষিত কৰি পেলাইছে আজি। সেয়াও অন্য এক বিষয়। এই লেখাত সেই বিষয়ৰ পৰা আমি বিৰত থাকিলোঁ। ইমানৰ পিচতো আমি অনুভৱ কৰোঁ এতিয়াও নোহোৱা হৈ যোৱা নাই প্ৰকৃত প্ৰেমৰ নিষ্কলুষ, নিস্বাৰ্থ স্বৰ্গীয় অনুভৱ। জীয়াই আছে এতিয়াও মানুহৰ হৃদয়ত সেই শাশ্বত প্ৰেম ; সেই প্ৰকৃত প্ৰেমে, প্ৰেমৰ পৰা প্ৰেমময় উপলব্ধিৰ বাহিৰে আৰু একোৱেই নিবিচাৰে। প্ৰেম মানে স্বাধীনতা হেৰুৱাই পেলোৱা দুজন নৰ-নাৰীৰ মাজৰ চূড়ান্ত আত্ম-সমৰ্পন নহয় ! প্ৰেম মানে পৰস্পৰে পৰস্পৰৰ মাজত নিজস্ব সত্ত্বা হেৰুৱাই পেলোৱা, য’ত কোনো হিচাপ-নিকাচ নাথাকে, সম্পৰ্কৰ অযথা যান্ত্ৰিকতা নাথাকে ; থাকে মাথোঁ পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা-অনুৰাগ, থাকে অন্তহীন স্বপ্ন আৰু হাতত হাত ধৰি লক্ষ্য অভিমুখে আগুৱাই যোৱাৰ আকাংক্ষা ।