পৰিক্ৰমা (অগস্ত্য বৰুৱা)


কামিজৰ জেপত খেপিয়াই চালোঁ
মোৰ শৈশৱ
তাত এতিয়া মলঙা মলঙা গোন্ধ।
পঢ়াৰ টেবুলত বিছাৰি চালোঁ
মোৰ কৈশোৰ
কৈশোৰে হাঁহি মাৰি জাপ দিলে
যৌৱনলৈ।
নৈৰ পাৰত বিছাৰি ফুৰিলোঁ
মোৰ যৌৱন,
(তাত) বাৰুদৰ ধোঁৱাৰে ধূসৰিত
এক দীঘলীয়া পৃষ্ঠা ।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!