পৰিক্ৰমা- কল্যাণী দত্ত

(ক)

আইৰ মনৰ উচপিচনি আৰু

পিতাইৰ ঘামেৰে তিতা সেউজীয়া সপোন,

অংকুৰিত হয় এটি বীজ,

শিৰোনাম “মই”

(খ)

আয়তীৰ মংগল উৰুলি,

বৰঘৰত আইৰ মোক বুজনি,

পিতাইৰ বুকুত এহেজাৰ কপৌৰ কুৰুলি,

আজি শুভলগ্ন,

শিৰোনাম “কন্যাকাল”

(গ)

পথৰুৱা বোকাই ৰঙীন কৰে আইৰ শুধ বগা মেখেলাৰ পাতলি

“আই অ’ ভৰ যৌৱনা তই পখী,

শুধ বগা মেখেলাৰ দৰেই হৈ থাকিবি”

পিতাইৰ আশ্বাসভৰা ভৰসা,

শিৰোনাম “বিশ্বাস”

(ঘ)

ৰাজকুমাৰ আহিছে,

কলৰ তলত বহিছে।

পিতাইৰ বুকুত মাদলৰ চেও,

আইৰ তপত হুমুনিয়াহ

মোৰ কপালত সুমথিৰাৰঙী বেলি,

শিৰোনাম “হোমাগ্নি”

(ঙ)

তেওঁৰ কান্ধত মোৰ হৃদয়ৰ ভেজা,

দুগালত জিলিকে সেন্দুৰী আভা,

সুদূৰ প্ৰসাৰী দৃষ্টিত অযুত আশা,

শিৰোনাম “ভৰসা”

(চ)

চক্ষুত আমাৰ সন্তুষ্টিৰ ভাষা,

তেওঁৰ বুকুত হাজাৰ প্ৰত্যাশা,

মোৰ অভ্যন্তৰত প্ৰতিপালন হয় এটি জলফাই বৰণীয়া পোখা,

শিৰোনাম “প্ৰাপ্তি আৰু পূৰ্ণতা”

(ছ)

এযুৰি কণমানি ভৰিৰ নুপূৰৰ ছন্দোৱদ্ধ শৱদত আবদ্ধ আমাৰ দিনলিপি,

প্ৰাণোচ্ছল হাঁহি আৰু কণ কণ দুষ্টালি

সময়ৰ ৰঙীন বক্ষত আমাৰ সপোনৰ লয়লাস নৃত্য,

শিৰোনাম “মাতৃত্ব”

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

বৰ সুন্দৰ কবিতা

Copying is Prohibited!