পৰিধি — পদুম কলিতা

“পৰিধি”

— পদুম কলিতা

বাওনাৰ চোতালতো

জোনাক থমকিব পাৰে

সাতফুটীয়া হ’ল বুলিয়েই

জোনটো জানো থপিয়াব পাৰে!

চৰাইৰ ডেউকাই নাজানে

পৃথিৱীৰ খবৰ

বতাহে জানে মহাকাশৰ পৰিধি

বতাহৰ জানো ডেউকা থাকে!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!