পৰিৱেশ আৰু আমি: নৈতিকতা-দায়বদ্ধতা – প্ৰিয়াংকু নাৰায়ণ বৰুৱা
আমি নিৰ্মোহভাৱে লক্ষ্য কৰিলে দেখিম যে মানুহে নিজৰ জীৱন ধাৰণৰ প্ৰণালী অধিক সহজ কৰিবলৈ যাওঁতে প্ৰকৃতিক নিৰ্দয়ভাৱে ধ্বংস কৰি গৈছে৷ উদ্যোগীকৰণ, কৃষি সম্প্ৰসাৰণ, নগৰীকৰণ, জলবিদ্যুত প্ৰকল্প, নদীবান্ধ আদি অনেক কাম কৰিবলৈ যাওঁতে প্ৰকৃতিৰ বুকুত আঘাত হানিছে যাৰ ফলত প্ৰকৃতিৰ প্ৰতিক্ৰিয়া অস্বাভাৱিক হ’বলৈ ধৰিছে৷ ইয়াৰ ফলত নিৰপৰাধী জীৱকূলৰ ব্যাপক ক্ষতি হৈছে৷ মানুহৰ বাবে নদীৰ দিশ সলনি হৈছে, অৰণ্য ধ্বংস হৈছে, হাজাৰ হাজাৰ জীৱ-জন্তু চিৰদিনৰ বাবে পৃথিৱী এৰি গুছি গৈছে৷ গছ-গছনি কমি অহাৰ লগে লগে পৃথিৱীৰ উত্তাপ বাঢ়ি গৈছে৷ এই গোলকীয় উষ্ণতা (global warming) বৃদ্ধিৰ ফলত বৰফাবৃত অঞ্চল সমূহৰ বৰফ গলি সাগৰৰ পৃষ্ঠৰ উচ্চতা বঢ়িছে৷ সাগৰপৃষ্ঠৰ কম উচ্চতাত থকা ঠাইসমূহ পানীৰ তলত ডুব যোৱাৰ উপক্ৰম হৈছে৷ মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰৱলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে৷
কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বনানিকৰণ, সেউজগৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰৱাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়৷ অৱশ্যেই এই বিষয়বোৰত সজাগতা সৃষ্টি কিমানদূৰ সম্ভৱ হৈছে সেয়া বিচাৰ্য্য৷ কিন্তু পৰিৱেশ সংৰক্ষণৰ অতীৱ প্ৰয়োজনীয় তাগিদাত এনে ইতিবাচক চৰ্চা অবিৰত হোৱাটো জৰুৰী৷
১৯৭৩ চনৰ পৰাই বছৰৰ ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে৷ মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য৷ কম-বেছি পৰিমাণে ৫ জুনৰ দিনটোতে গোটেই দেশখন চাফ কৰাৰ যি ৰণসদৃশ পৰিৱেশৰ সৃষ্টি হ’ব, এনেকুৱা লাগিব যে অহা বছৰৰপৰা আৰু বিশ্ব পৰিৱেশ দিৱস পালন নকৰিলেও হ’ব। আমাৰ সংবাদ মাধ্যমেও আকৌ আলোচনাৰ মাধ্যমেৰে গোটেই সমস্যাটো সমাধান কৰি পেলাব আৰু যিখিনি নোৱাৰিব সেইখিনি চৰকাৰ, নীতি নিৰ্ধাৰণৰ দুৰ্বলতা বুলি প্ৰমাণ কৰি দিব৷ ৰাইজেও ইয়াৰপৰা নিজৰ দায়িত্ব আঁতৰোৱাৰ এটা সুবিধা পাব৷ এয়াই চিৰাচৰিত ভাৱে চলি আহিছে৷
আচলতে আমি কেতিয়াও আমাক প্ৰশ্ন কৰাৰ প্ৰয়োজন অনুভৱ নকৰোঁ যে আমি দেখি থকা এই আৱৰ্জনাবোৰ আহে ক’ৰ পৰা? নিজকে সদম্ভে শিক্ষিত বুলি জাহিৰ কৰা এইখন সভ্য সমাজত ইমান আৱৰ্জনাৰ সৃষ্টি হয় কিয়? পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা চাফাই অভিযানৰ জাবৰবোৰে ক’ত স্থান পাব? প্ৰসংগতঃ বৰলুইতে অসমবাসীকো আৱৰ্জনা বিস্তাৰৰ অনবদ্য অৱদানৰ বাবে এদিন তাৰ উত্তৰ দিব৷ এটি সৰু উদাহৰণ, স্ফটিক স্বচ্ছ তাহানিৰ ভৰলু নদীখন কি আছিল আৰু শিক্ষিত তথাকথিত সম্ভ্ৰান্ত মহানগৰীয়ায়ো নিৰ্বিচাৰে দলিয়াই যোৱা মহানগৰীৰৰ আৱৰ্জনা যত মানে বুকুত সামৰি এতিয়া কি হৈ গ’ল।
উল্লেখযোগ্য যে পৰিৱেশৰ প্ৰতি সজাগতাৰ ধাৰণাটো তেনেই আধুনিক, আনকি পৰিৱেশ সংৰক্ষণ, পৰিৱেশ প্ৰদূষণ আদি কথাবোৰ উন্নয়নশীল বা অনুন্নত দেশবোৰত এতিয়াও বহুত মানুহে ভালদৰে অনুভৱ নকৰে৷ দৰাচলতে পশ্চিমীয়া দেশবোৰত হোৱা শিল্প আৰু উদ্যোগৰ বিকাশ, জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, স্বাস্থ্য আৰু অন্যান্য সেৱাসমূহৰ দ্ৰুত বিকাশ আদিৰ ফলত সমগ্ৰ বিশ্বতে মানুহৰ ক্ৰিয়া-কলাপ বাঢ়িবলৈ ধৰিছে৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতিৰ ফলত বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে মানুহৰ ক্ৰিয়া-কলাপৰ গতি ত্বৰান্বিত হ’বলৈ ধৰিছে৷ গতিকে পৰিৱেশৰ যি সমস্যা পশ্চিমীয়া দেশত কুৰি শতিকাৰ আদি ভাগৰেপৰা অনুভূত হৈছিল, সেই সমস্যাই একবিংশ শতিকাত প্ৰায় সমগ্ৰ বিশ্বৰে মনযোগ আকৰ্ষণ কৰিছে৷ এই আকৰ্ষণৰ প্ৰতিফলন ঘটিছে বিভিন্ন দেশত ঘটা বিভিন্ন পৰিৱেশ আন্দোলনবোৰৰ ৰূপত৷
বহুতো স্বেচ্ছাসেৱী সংগঠনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিৱেশ সংৰক্ষণ তথা উন্নয়নৰ বাবে কাম কৰি আছে৷ তেনে এটি আন্তৰ্জাতিক সংগঠন হ’ল- ‘গ্ৰীণ পিচ ইণ্টাৰনেছনেল’৷ ১৯৭১ চনত গঠন হোৱা এই সংস্থাটোৰ মূল লক্ষ্যৰ ভিতৰত আছে-
• পৃথিৱীৰ জীৱমণ্ডল সংৰক্ষণ কৰা আৰু সম্ভৱ হ’লে আগৰ অৱস্থালৈ ঘূৰাই অনা৷
• যি স্থানত পৰিৱেশ ক্ষতিকাৰক কাম চলে তাতে সেই কামৰ বিৰোধিতা কৰা আৰু শান্তিপূৰ্ণ আন্দোলন গঢ়ি তোলা৷
• পৰিৱেশ ধ্বংসকাৰী পাৰমাণৱিক পৰীক্ষাবোৰ বন্ধ কৰা৷
ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক কমিটীয়ে পৰিৱেশ সংৰক্ষণত ব্ৰতী ‘গ্ৰীণ পিচ ইণ্টাৰনেছনেল’ সংস্থাটোক নিজৰ উপদেষ্টা সংস্থাৰ মৰ্য্যাদা দিছে৷
সমগ্ৰ পৃথিৱীৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে আৰু পৰিৱেশ নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে গঢ়ি উঠা আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে, সেইবোৰৰ ভিতৰত আছে-
(ক) ইউৰোপিয়ান এনভাইৰনমেণ্ট এজেন্সি৷
(খ) ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অৱ ক্লাইমেট চেঞ্জ৷
(গ) ইউনাইটেড নেছনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম ইত্যাদি৷
পৰিৱেশ সংৰক্ষণৰ বাবে আফ্ৰিকাৰ কেনিয়া দেশৰ ৰাজধানী নাইৰোবিত ১৯৮২ চনত ‘বিশ্ব পৰিৱেশ সন্মিলন’, দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ত ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুনলৈ ‘বসুধা সন্মিলন’ আৰু জাপানৰ কিয়’ট মহানগৰীত ১৯৯৭ চনত ‘পৰিৱেশ সন্মিলন’ অনুষ্ঠিত হৈছিল৷ ২০০২ চনৰ ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ‘ৱৰ্ল্ড চামিট অন ছাষ্টেইনেইবেল ডেভেল’পমেম্ট’ শীৰ্ষক এখন ডাঙৰ সন্মিলন হৈছিল৷ এইধৰণে পাতি অহা বিশ্ব সন্মিলনবোৰৰ উল্লেখিত উদ্দেশ্য বেলেগ বেলেগ হ’লেও মূলতঃ প্ৰতিখন সন্মিলনতে পৃথিৱীৰ পৰিৱেশজনিত সমস্যাবোৰ আলোচনা কৰা হৈছে আৰু সেইবোৰ সমাধান কৰাৰ বিভিন্ন কাৰ্য্যব্যৱস্থাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে৷
পৰিৱেশবিদসকলে কয় যে কোনো এটা নিদিষ্ট অঞ্চলৰ পৰিৱেশৰ বাতাবৰণ সঠিক ৰূপত নিয়ন্ত্ৰিত হৈ থাকিবলৈ মুঠ ভূ-খণ্ডৰ ন্যূনতম ৩৩% বনাঞ্চল থকাৰ অত্যন্ত জৰুৰী৷ কিন্তু বৰ্তমান বিশ্বৰ কোনো এখন দেশতেই এই পৰিমাণৰ বনাঞ্চল নাই৷ যোৱা তিনি দৰ্শকৰ আগলৈকে অসমৰ ভূ-খণ্ডত ৩৩% তকৈ অধিক বনাঞ্চল আছিল, কিন্তু পৰৰ্ৱতী সময়ত চৰকাৰৰ শিথিল প্ৰশাসনিক ব্যৱস্থা আৰু এচাম প্ৰকৃতি ধ্বংসকাৰীৰ হাতত অসমৰ বনাঞ্চল দিনে দিনে কমি গৈ বৰ্তমান মাত্ৰ ১৮% বনাঞ্চলহে ৰৈছেগৈ৷ এসময়ত জংঘলী দেশ বুলি খ্যাত অসম এতিয়া মৰুভূমিলৈ ৰূপান্তৰ হোৱা দিশত ধাৱমান হৈছে৷ চোৰাং কাঠ ব্যৱসায়, বন বিভাগৰ নিষ্ক্ৰিয়তা, কৃষি সম্প্ৰসাৰণ, নগৰীকৰণ, নদী বান্ধ, ঘাইপথ উন্নীতকৰণ আদিৰ নামত যোৱা দুটা দশকত অসমৰ বনাঞ্চল ব্যপক হাৰত হ্ৰাস পাইছে৷ এই হাৰত বনাঞ্চলৰ ধ্বংসযজ্ঞ চলি থাকিলে অন্য ৰাজ্যতকৈ অসম অতি সোনকালে ডাঙৰ বিপদৰ সন্মুখীন হ’ব৷ বৰ্তমান বছৰি বাঢ়ি অহা বানপানী, গৰাখহনীয়া, অতিবৃষ্টি, অনাবৃষ্টি, অতিমাত্ৰা শীত আৰু তাপ আদি সকলোবোৰ বনাঞ্চল ধ্বংসৰ কুফল৷ বনা়ঞ্চল ধ্বংসৰ লগে লগে সেই অঞ্চলত বাস কৰা চৰাই-চিৰিকতি, পশু-পক্ষী, দুষ্প্ৰাপ্য কপৌফুল, ঔষধি গছ-বন আদি নোহোৱা হৈ পৰিছে৷ এইদৰে আমাৰ জৈৱ-বৈচিত্ৰ্যৰ (biodiversity) ধ্বংস হৈ পৰিছে৷
ভাৰতবৰ্ষয়ো পৰিৱেশ সুৰক্ষাত গভীৰ গুৰত্ব দিছে৷ আমাৰ দেশত পৰিৱেশ সুৰক্ষাৰ বাবে কেইখনমান উল্লেখযোগ্য আইন প্ৰস্তুত কৰা হয়৷ তাৰে কেইখনমান অতি উল্লেখযোগ্য পৰিৱেশ সুৰক্ষা আইন হ’ল- বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২, জল (প্ৰদূষণ, প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ১৯৭৪, বন সুৰক্ষা আইন ১৯৮০, বন সংৰক্ষণ আইন, বায়ু আইন ১৯৮১ আৰু পৰিৱেশ সুৰক্ষা আইন ১৯৮৬৷ ভাৰতৰ প্ৰত্যেক নাগৰিকৰে প্ৰাকৃতিক পৰিৱেশ হ্ৰদকে আদি কৰি নদ-নদীসমূহ আৰু বন্য জীৱ-জন্তুৰ সুৰক্ষা আৰু উন্নত কৰি প্ৰত্যেক জীৱকে ৰক্ষা কৰাটো বা সহাৱস্থানৰ ব্যৱস্থা কৰাটো সকলো সচেতন নাগৰিকৰ মহান কৰ্তব্য৷ গোটেই পৃথিৱীতে প্ৰদূষণ নিয়ন্ত্ৰক কাৰিকৰি সা-সুবিধাৰ বজাৰ অতি প্ৰচুৰ৷ পৃথিৱীৰ উন্নত দেশ আমেৰিকা, জাৰ্মানী, জাপান আদি দেশত বহু বছৰ ধৰি অতি কঠোৰ আইনৰ যোগেদি তাত আৱৰ্জনা পৰিশোধন কাৰ্য্য অতি সুন্দৰভাৱে ৰূপায়িত হৈছে আৰু পৰিৱেশ সুন্দৰ কৰা কাৰ্য্যতেই বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছে৷ আমাৰ দেশৰ প্ৰদূষণ নিয়ন্ত্ৰক বোৰ্ডসমূহে প্ৰদূষণ নিয়ন্ত্ৰণ আইন প্ৰয়োগ কৰাৰ কথা গুৰুত্ব সহকাৰে সম্পন্ন কৰাত মনোনিৱেশ কৰিছে৷
পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমি সেউজ চিন্তাশ্ৰয়ী হ’ব লাগিব আৰু সেউজ পৃথিৱী গঢ়িব লাগিব৷
• ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৪৮(এ) ৰ ৪২ সংখ্যক সংশোধনীত উল্লেখ কৰা মতে অৰণ্য আৰু বন্য জীৱনৰ ৰক্ষণাবেক্ষণ কৰাটো সকলোৰে মহান দায়িত্ব৷
• অনুচ্ছেদ ৫১ এ (বি) ৰ মতে বনাঞ্চল, নদ-নদী, হ্ৰদ আৰু বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাটো প্ৰতিজন নাগৰিকৰে দায়িত্ব৷
• ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ ৰ চতুৰ্থ অধ্যায়ত কোৱা হৈছে যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাটো অপৰাধ আৰু ৪২৬, ৪৩০, ৪৩১ আৰু ৪৩২ ৰ মতে অপৰাধৰ বাবে শাস্তিৰ বিধান আছে৷
ইয়াৰ উপৰি জল আৰু বায়ু প্ৰদূষণৰ বাবে দুখন আইন প্ৰণয়ন কৰা হৈছে৷ বিশেষকৈ ফৰেষ্ট এক্ট, ৱাইলডলাইফ প্ৰটেকচন এক্টতো আৰক্ষীক ক্ষমতা প্ৰদান কৰা হৈছে৷
আমাৰ দেশৰ উপৰি জাপান, ৰাছিয়া আদিৰ লগতে ‘এচিয়া ক্ৰাইম প্ৰিভেনচন ফাউণ্ডেচনে’ এই ক্ষেত্ৰত ভালেমান আঁচনি গ্ৰহণ কৰিছে৷ বিশেষকৈ পৰিৱেশ সুৰক্ষা আৰু জনস্বাস্থ্যৰ বাবে বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ আদি ৰোধ কৰি প্ৰত্যেক সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব৷ এই ব্যৱস্থাসমূহৰ সঁচা অৰ্থত চৰকাৰৰ দ্বাৰা সুপ্ৰয়োগ জৰুৰী।
সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল আত্মবিশ্লেষণ আৰু আত্মোৎসৰ্গ সেৱা ভাৱ৷ নিজৰ চৌপাশৰ পৰিৱেশ সংৰক্ষণ আমাৰ নৈতিক দায়বদ্ধতা বুলি নিজকে নিজে সৈমান কৰিব পাৰিলেহে পৰিৱেশ সংৰক্ষণৰ মহাৰণত আমাৰ সমৰ্পণৰ ভাৱ সম্পূৰ্ণ হৈ উঠিব৷