ফটা মুখৰ বাইক (মোৰ মন যায়)-(ঈশান জ্যোতি বৰা)

(১)
মোৰ মন যায় মুখ্যমন্ত্ৰী হ’বলৈ
কোটি-কোটি টকাৰ গৰাকী হ’বলৈ ,
জনসাধাৰনৰ তেজ শুহি ৰং চাবলৈ ,
দুৰ্নীতি-কেলেংকাৰীৰে দেশৰ নাম উজলাবলৈ ,
বানপানীৰ সময়ত হেলিকপ্তাৰত উঠি ‘ফ্লাড প্ৰবলেম এনালাইজ’ কৰিবলৈ,
মোৰ মন যায় মুখ্যমন্ত্ৰী হ’বলৈ ৷
(২)
মোৰ মন যায় ‘আলফা’ হ’বলৈ ,
গনেশগুৰিত বোমা ফুটাই চোৰৰ দৰে পলাই যাবলৈ,
শিশু-মহিলাক মুখৰ ভাত কাঢ়ি নিবলৈ,
নিৰীহ অসমীয়াৰ তেজেৰে ফাকু খেলিবলৈ,
নিজকে সফল স্বাধীনতা সংগ্ৰামী বুলি ক’বলৈ,
মোৰ মন যায় আলফা হ’বলৈ ৷ 

(৩)
মোৰ মন যায় ছালফা হ’বলৈ,
চাৰেণ্ডাৰ কৰি মানুহৰ পৰা বাহ-বাহ ল’বলৈ,
মানুহৰ পৰা কাঢ়ি অনা ধনেৰে অট্টালিকা সাজিবলৈ,
বগা সাজ পৰিধান কৰি ‘ভাল মানুহ’ৰ ভাও দিবলৈ,
চাঞ্চ পালে ৰাজপাতত বহি লৈ নিজৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ,
মোৰ মন যায় ‘ছালফা’ হ’বলৈ ৷

(৪)
মোৰ মন যায় সাংবাদিক হ’বলৈ ,
‘ব্ৰেকিং নিউজ’ দি টি.আৰ.পি.বঢ়াবলৈ,
মাতৃভাষাৰ শ্ৰাদ্ধ পাতি বাতৰি দেখুৱাবলৈ ,
অকলশৰীয়া যুৱতী পালে ৰাজপথত অৰ্ধউলংগ কৰি ফটো তুলিবলৈ,
মোৰ মন যায় সাংবাদিক হ’বলৈ ৷
(৫)
মোৰ মন যায় আৰক্ষী হ’বলৈ,
দুটামান টকা লৈ আচামীক মোকলাই দিবলৈ,
হত্যাকাৰীক ধৰিব নোৱাৰি ‘ৱি আৰ হেল্পলেছ’ বুলি বুকু ফিন্দাই ক’বলৈ ,
ভি.ভি.আই.পি. ঘৰত গৈ ডিনাৰ কৰিবলৈ,
নিজৰ প্ৰাপ্য বিচাৰি অহা সাধাৰণ ৰাইজক উত্তম-মাধ্যম সোধাবলৈ,
মোৰ মন যায় আৰক্ষী হ’বলৈ ৷
(৬)
মোৰ মন যায় কোটিপতি ঠিকাদাৰ হ’বলৈ,
অভাৰব্ৰীজ বনাবলৈ দিয়া টকা পকেটস্থ কৰিবলৈ,
মন্ত্ৰী,এম.এল.এ.ৰ লগত মিতিৰ পাতিবলৈ,
‘ল’ কোৱালিটি মেটিৰিয়েল’ৰে ৰাস্তা-দলং বনাই মানুহৰ জীৱনক লৈ খেলিবলৈ,
মোৰ মন যায় ঠিকাদাৰ হ’বলৈ ৷


(৭)
মোৰ মন যায় আধুনিক অসমীয়া হ’বলৈ
মহাপুৰুষজনাৰ আদৰ্শ-নীতিক উপলুঙা কৰিবলৈ,
ৰঙালীৰ দিনা মদ খাই ফুৰ্তি কৰিবলৈ,
‘ভূপেন দা, হীৰুদাক চিনি নাপাওঁ’ বুলি সৎ-সাহসেৰে ক’বলৈ,
বুদ্ধিজীৱীৰ ৰূপ লৈ মেলে-মিটিঙে উদ্দাত্ত লেকচাৰ দি দৰ্শকৰ পৰা হাত- চাপৰি ল’বলৈ,
নিজৰ মাজতে খোৱা-কামোৰা কৰি অসমীয়া জাতিক বিশ্বদৰবাৰলৈ লৈ যাবলৈ ,
মোৰ মন যায় আধুনিক অসমীয়া হ’বলৈ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!